নমিতা দাসৰ গল্প "জীৱনৰ ৰং" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

নমিতা দাসৰ গল্প "জীৱনৰ ৰং"

চিনাকী বাটত অকলে আগবাঢ়ি গৈ আছিলোঁ
হঠাৎ দেখোন এজাক মৃদু-বতাহ আহি মোক চুই, ন-পৰশ দি গ'ল।
এনেকুৱা লাগিল যেন, এয়া এক সপোনৰ ৰং।
তাকেই ভাবি নিজকে এবাৰ চিকুটি চিঞৰি উঠিলো এটি মিঠা হাঁহিৰে সৈতে।
কাৰণ এয়া যে সপোন নহয়, এটি ন-প্ৰভাত মোৰ জীৱনৰ।।
মৃদু বতাহজাকে মোক দি গ'ল এটি ধুনীয়া উপহাৰ।
য'ত আছিল এখন অচিন-চিনাকি হাত,
যিয়ে নেকি মোৰ হাতত ধৰি মোক আগুৱাই লৈ গ'ল এটি অবাস্তৱ জীৱন-বাটত।
আৰু মই কিছু সময়ৰ বাবে হ'লেও পাহৰিলো যে, মোৰ মুখৰ মিঠা হাঁহিটো যে ক্ষন্তেকীয়া ।
কিন্তু মোৰ চকুলোবোৰহে, জীৱন বাটৰ লগৰী।

এনেকৈয়ে আগবাঢ়ি গৈ থাকিলো সেই হাতখনত মোৰ হাত থয়।
আৰু গৈ-গৈ আমি দুয়ো সন্মুখীন হলো এজাক ধুমুহাৰ।
বহুত চেষ্টা আছিল মোৰ হাতখন নেহেৰুৱাব!
জোৰকৈ ধৰিম বুলি হাতখন চাওঁতে গম পালোঁ যে,
ধুমুহা বতাহ জাকৰ ওচৰত হাৰ মানিলে মৃদু বতাহৰ উপহাৰে।
আতঁৰি গ'ল মোক ধৰি থকা হাতখন।
আৰু মই সেই ধুমুহা জাকৰ পৰা নিজকে বচাই আগবাঢ়ি আহিব নোৱাৰিম বুলি ভাবোঁতে মোৰ যেন অনুভৱ হ'ল মোক ধৰি অনা হাত খনে দূৰৈৰ পৰা চিঞৰি ক'লে, "যদি মোৰ হাতত, হাত থৈ আকৌ আগবাঢ়ি যাবলৈ বিচাৰিছা; তেনেহলে ধুমুহা জাকক নেওচি মোৰ কাষলৈ আহা।"

সচাকৈয়, সেই কথাষাৰ শুনি মই নিৰ্ভয়ে ধুমুহা জাক নেওচি আহিলোঁ।
কিন্তু...আহি দেখিলোঁ মোক মাত লগোৱা সেই হাত খন নাছিলে, মোৰ হাতত ধৰি আগবঢ়ায় নিবলৈ মোক।
আৰু.. মই, মোৰ জীৱন বাটৰ লগৰী মানে চকুলোৰ লগতে আগবাঢ়ি আহিলো।।

চকুলোবোৰ যেন এখোজ-দুখোজকৈ জীৱন বাটৰ লগৰীৰ দৰেই,
মোৰ সৈতে আগবাঢ়ি গৈ থাকিল।
কিন্তু.. মই যি চকুলোক জীৱন বাটৰ লগৰী বুলি আদৰি লৈছিলো সেয়া আচলতে মোৰ জীৱনৰ সুন্দৰ ৰং আছিল।
চকুলোবোৰ যেন জীৱনৰ ৰঙত পৰিণত হ'ল।।

মই বুজি উঠিলো- এয়া ৰং হে,
ৰং মানে যেন ভাল লগা,
এক অবুজ অনুভূতি,
হৃদয়ৰ নিভৃতকোণৰ সেই সুখৰ হুমুনিয়াহটি।।

সেই বুজাব নোৱাৰা হুমুনিয়াহটি.. 
উফ্... ক'ব নোৱাৰাকৈয়ে দেখোন মুখত এটি হাঁহি বিৰিঙাই আনে।

এয়া জীৱনৰ নে সপোনৰ ৰং?

নহয়, এয়া মাথো মোৰ জীৱনৰ ৰং।।

No comments:

Post a Comment