ঊষামণি শইকীয়াৰ "তোমাৰ অনুভৱত মোৰ শব্দবোৰ " - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

ঊষামণি শইকীয়াৰ "তোমাৰ অনুভৱত মোৰ শব্দবোৰ "

মোৰ শব্দবোৰ
তোমাৰ অনুভৱৰ 
অনুৰাগত থকাসৰকা ...

এখন্তেক শব্দবৃক্ষৰ 
ছায়াত জিৰাও বুলি 
দুচকুত অন্ধকাৰ নমাই 
প্ৰাপ্তিৰ আশাত 
প্ৰসাৰিত কৰোঁ শূন্য দুহাত ...

তোমাৰ অনুভৱত 
মোৰ শব্দবোৰ জিলিকি উঠক বুলি
মেলি দিওঁ‌ ৰ'দৰ আঁ‌চলত...

মোৰ অনুভৱে 
তোমাকো স্পৰ্শ কৰক বুলি 
নিৰ্ভয়ে লিখি যাওঁ‌ 
কলিজাত খুন্দিয়াই থকা 
নৈসৰ্গিক কোলাহলবোৰ ...
কাৰণ লয় ছন্দ অলংকাৰেৰে 
সজাব খুজিলেও 
নিস্তেজ হয় মুখৰ বৰণ ।

মোৰ শাব্দিক ছন্দগুচ্ছই 
তোমাৰ সূক্ষ্ম অনুভূতিক জগাই 
বাগিচাত নুফুলাই গোলাপ 
নুশুনাই হৃদয়ৰ গান 
তথাপিও সেন্দূৰীয়া হেঁ‌পাহ এটাক 
আপোন কৰাৰ স্বাৰ্থত 
আত্মোৎসৰ্গ কৰোঁ সময়ৰ হাতত ।

ঊষামণি শইকীয়া
জালুকবাৰী , গুৱাহাটী 

No comments:

Post a comment