কনমইনা দাসৰ "অসমীয়া জনজীৱনৰ বিশ্বাস, পৰম্পৰা আৰু সাংস্কৃতিক দাপোন কাতি বিহু" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

কনমইনা দাসৰ "অসমীয়া জনজীৱনৰ বিশ্বাস, পৰম্পৰা আৰু সাংস্কৃতিক দাপোন কাতি বিহু"

  অসমীয়াৰ লোক বিশ্বাস আৰু লোক জীৱনৰ আশা আকাংক্ষা ফুটি উঠে সংস্কৃতিৰ বৰঘৰ শুৱনি কৰা বিহুৰ বতৰত। লাগিলে ৰঙালী হওঁক, ভোগালী হওঁক বা কঙালী হওঁক ।এই বিহুৰ ৰন্ধে ৰন্ধে গুঞ্জৰিত হয় কৃষিজীৱি লোকসকলৰ জীয়াই থকাৰ আদিম উশাহ-নিশাহবোৰ।চহা জীৱনৰ কৃষ্টি সংস্কৃতিৰ ৰহঘৰা। কাতি বিহুত ৰঙালী আৰু ভোগালী বিহুৰ দৰে উলহ-মালহ বেছিকৈ নাথাকে,ভোগ-প্ৰাচুৰ্যও নাথাকে। ধৰ্মীয় আচাৰ অনুষ্ঠানৰে শৰৎকলীয়া এই কাতি বিহু যেন শৰতৰ দৰে স্নিগ্ধ সমাহিত ৰূপত আৰ্ৱিভাৱ হয়। ইয়াৰ লগত জড়িত হৈ আছে সমগ্ৰ অসমৰ গ্ৰাম্য জীৱনৰ প্ৰতিচ্ছবি।এই বিহু হৈছে অনাড়ম্বৰভাৱে পালন কৰা হয় যদিও ইয়াত আছে আনন্দ, জোনাক আৰু শৈশৱৰ আছুতীয়া ৰঙৰ পৃথিৱীখন। অসমীয়া জনজীৱনৰ খোজে খোজে জড়িত হৈ আহিছে বিশ্বাস আৰু লোক পৰম্পৰা। প্ৰায় সকলো জনগোষ্ঠীয়েই কাতিবিহুটি লখিমী আদৰাৰ উৎসৱ হিচাপে পালন কৰা দেখা যায়।কাতি বিহুৰ পুৱাতেই জীয়ৰী বোৱাৰীয়ে ঘৰ চোতাল গোবৰ মাটিৰে মচি পৰিস্কাৰ কৰে।গৃহস্থই গেঁৰ মেলা ধাননিডৰাত পোক পতঙ্গক শস্য নষ্ট নকৰিবলৈ বন্তি প্ৰজ্বলন কৰে। গৰ্ভাৱস্থাত থকা সেউজীয়া ৰঙৰ পৃথিৱীখনক সুৰক্ষা প্ৰদানৰ হেতুকে ঘৰে ঘৰে তুলসী গছৰ তলত,পথাৰত , পদূলি মূৰত চাকি দিয়ে।শৰাই আগবঢ়াই।পিতাইহঁতৰ মনৰ দাপোন গজি উঠা সপোনবোৰত জীপলতা সানি দিয়ে। মুখত হাঁহি বিৰিঙি উঠে। প্ৰতিঘৰ  ঘৰতে তুলসীৰ গছ থকাটো হিন্দু সংস্কৃতিৰ পৰম্পৰা। কাতি বিহুৰ দিনা তুলসী গছৰ গুৰিত বন্তি প্ৰজ্বলন কৰি তুলসীৰ নাম গায়। প্ৰচলিত আছে যে- যাৰ ঘৰত তুলসী গছ থাকে ,সি তীৰ্থৰ দৰে পৱিত্ৰ হয় আৰু সেই ঘৰলৈ যমৰ কিংকৰ আহিব নোৱাৰে। হিন্দু ধৰ্মাৱলম্বীসকলে তুলসী গছক দেৱ গছ বুলি মানি আহিছে। ইয়াৰ ঔষধি গুণো আছে। বায়ু নিৰ্মল কৰে। এজোপা তুলসী থকা ঠাইত ৫৬০ফুটলৈ বায়ু বিশুদ্ধ হৈ থাকে। ইয়াৰ বৈজ্ঞানিক ভিত্তিও আছে বুলি বিশিষ্টলোকসকলে মতামত দি থৈ গৈছে। মেলেৰিয়া,প্লেগ , বজ্ৰপাত আদিৰ পৰা ৰক্ষা কৰে তুলসীয়ে।চহা জীৱনৰ লগত কাতি বিহুৰ এক নিবিড় সম্বন্ধ আছে। যান্ত্ৰিকতাৰ কোলাহলতাই এতিয়া যেন কাতি বিহুৰ অস্তিত্ব হেৰুৱাইছে,, অসমীয়া বুকুৰ পৰা নাই হৈছে সেই হৰ্ষ আনন্দ, তুলসী গছৰ তলে তলে গোৱা গীত নৃত্য, আধ্যাত্মিক ভাৱৰ নান্দনিক দৃষ্টি নন্দন পৰিৱেশ। ব্যস্ততাই জুৰুলা কৰা মন আৰু মগজুত প্ৰতিযোগিতাৰ প্ৰকাণ্ড শিলবোৰে ভাগৰুৱা কৰিছে,সহিব নোৱাৰা বোজা উঠাবলৈয়ে আমাক টনা আজোঁৰা কৰিছে। আচলতে অসমীয়া মানুহ সংস্কৃতিত চহকী বাবেই আজিও মূৰ তুলি চাবলৈ সক্ষম হৈছে, জীয়াই থকাৰ হেঁপাহকন গোটাব পাৰিছে। ভাগৰুৱা হৈও সতেজ হৈ থাকিব পাৰিছে,দুখৰ মাজতো হাঁহিৰ সেউজীয়াবোৰ এনেকৈয়ে সম্প্ৰীতিৰ ঐক্যমঞ্চত আঁটি আঁটি বান্ধি ল'ব পাৰিছে।
শেষত অসমবাসী ৰাইজক আন্তৰিক অভিনন্দন আৰু শুভ কামনাৰে কাতি বিহুৰ ওলগ জনালোঁ।

No comments:

Post a Comment