ৰুণমী শইকীয়াৰ গল্প "ৰামধেনু" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰুণমী শইকীয়াৰ গল্প "ৰামধেনু"

ৰাতিপুৱা সদায় চাৰি বজাত শুই উঠি পঢ়াটো বৃষ্টিৰ নিত্য নৈমিত্তিক ঘসটনা প্ৰবাহ । পঢ়াত ভাল তাই । দেউতাক ওচৰৰে এল. পি. স্কুলৰ প্ৰধান শিক্ষক । এইবাৰ নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ তাই ৯০ শতাংশ নম্বৰ পাই শ্ৰেণীৰ ভিতৰতে প্ৰথম হৈ উত্তীৰ্ণ হৈছে । দেউতাকৰ সেইকাৰণেই জীয়াৰীক লৈ অকণমান অহংকাৰ । 

             সময় ছয় বাজিবলৈ পোন্ধৰ মিনিট আছে । ঘড়ীটো চাই বৃষ্টিয়ে চাইকেলখন লৈ  ৰাস্তালৈ ওলাই গ'ল । ঠাণ্ডাৰ দিন । কুঁৱলিয়ে চাৰিওফালে আৱৰি আছে । চোতালত থকা দুৱৰী বনত ,  নিয়ৰৰ টোপালবোৰে মালা গাঁঠিছে । বাৰীৰ শেৱালি জোপাও ফুলি সৰিছে । হঠাত আহি কোনোবাই বাই চাইকেল খন ৰখালেহি । তাই ঘূৰি চাই দেখিলে ৰণ । ৰণ তাইৰ লগত একেলগে পঢ়ে । সিহঁতে ইজনে সিজনক ভাল পায় বুলি স্কুলৰ প্ৰায় ছাত্ৰী-ছাত্ৰীৰে জ্ঞাতাৰ্থ । ৰণ পঢ়াত ভাল । শ্ৰেণীৰ ভিতৰত দ্বিতীয় স্থানত আছে। সি আৰু তাই এইসময়ত একেলগে গণিতৰ টিউচন কৰিবলৈ যায় । এই সময়তেই সিহঁতে কথা পাতে জীৱনৰ । সপোনবোৰ বাস্তৱায়িত কৰিবলৈ দুয়োজনে ভালকৈ পঢ়িব ।

                  দিনবোৰ এনেদৰেই পাৰ হৈ গৈ আছিল । ক্ৰমান্বয়ে মেট্ৰিক পৰীক্ষা ওচৰ পাইছেহি । এদিন হঠাতে বৃষ্টি আৰু ৰণৰ কথা বৃষ্টিৰ মাক দেউতাকৰ কাণত পৰিল । দেউতাকৰ খঙতে বৃষ্টিক গালি পৰাৰ লগতে এছাৰিৰে মাৰিলে । স্কুললৈ গৈ এই কথা ৰণক তাই ক'লে । সি ক'লে আমি আৰু এইকেইদিন কথা নাপাতো । পৰীক্ষালৈ বেছি দিন নাই। ভালদৰে দুইজনে পঢ়োঁ । তাৰ পিছত যি হয় দেখা যাব । 

    ইফালে বৃষ্টিৰ দেউতাকে ৰণৰ মাক-দেউতাক সিহঁতৰ সম্পৰ্কৰ কথা অৱগত কৰে । তেতিয়া ৰণৰ দেউতাকে ৰণক ভালদৰে বুজাই কথাবোৰ ক'লে । সি দেউতাক কথা দিলে যে সি ভালদৰে পঢ়িব আৰু ভৱিষ্যতে যদি বিয়া পাতিব লাগে তেনেহ'লে সি কেৱল বৃষ্টিকহে তাৰ পত্নীৰূপে স্বীকাৰ কৰিব । দেউতাকেও তাৰ কথাত সন্মতি জনালে । 

         পৰীক্ষালৈ মাত্ৰ এমাহ বাকী আছে । ৰণে বৃষ্টিৰ খবৰ আৰু তাই ৰণৰ খবৰ তাইৰ বান্ধৱী এজনীৰ পৰাই পাই থাকে । গতিকে সিহঁতে নিশ্চিন্ত ভাবে পঢ়া-শুনাত মনোযোগ দিব পাৰে । 

       পৰীক্ষা শেষ হ'ল । দুইজনৰে পৰীক্ষা ভাল হৈছে । এতিয়া মাত্ৰ সিহঁতে ৰিজাল্টলৈ অপেক্ষা কৰিছে । সময়ত ৰিজাল্ট দিলে । বৃষ্টি আৰু ৰণে ডিষ্টিংছন পাই স্কুলৰ লগতে গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিলে ।
ৰামধেনু 

          ৰণহঁতৰ ঘৰৰ আৰ্থিক অৱস্থা টনকিয়াল নোহোৱাৰ বাবে তাক গাঁৱৰ ক'লেজ এখনতে নাম ভৰ্তি কৰি দিলে আৰু বৃষ্টিক মহানগৰৰ এখন ক'লেজত পঢ়িবলৈ দিলে । তাই হোষ্টেলত থাকি পঢ়িবলৈ আৰম্ভ কৰিলে । ক'লেজৰ নতুন পৰিৱেশৰ লগত তাই নিজকে খাপখোৱাই চলিবলৈ আৰম্ভ কৰিলে । 

        নতুন পৰিৱেশ , নতুন বন্ধু-বান্ধৱীৰ মাজত তাইৰ জীৱনত ৰণ যেন কোনোবাখিনিত হেৰাই গ'ল । ৰণে প্ৰায়ে বৃষ্টিলৈ ফ'ন কৰে কিন্তু তাই তাক আগৰ দৰে গুৰুত্ব দিবলৈ নিবিচাৰে । সি ফ'ন কৰে বুলি বৃষ্টিয়ে ফ'ন অফ কৰি ৰাখে । বৃষ্টিৰ এই পৰিৱৰ্তনে ৰণক বাৰুকৈয়ে প্ৰভাৱ পেলাইছিল।  এদিন সি তাইলৈ উত্তেজিত হৈ ফ'ন কৰিছিল আৰু তাক এনেদৰে কিয় অবহেলা কৰিছে সেই কথা সুধিছিলি ! তেতিয়া বৃষ্টিয়ে  সিহঁতৰ প্ৰেমৰ সম্পৰ্কক সম্পূৰ্ণৰূপে পাহৰি গ'লো বুলি নিজ মুখে ব্যক্ত কৰাৰ লগতে তাইৰ জীৱনত নতুন কোনোবা আছে বুলি জানিবলৈ দিয়ে । সেইটোৱেই আছিল ৰণে বৃষ্টিলৈ কৰা শেষৰটো ফ'ন ।

        ক্ৰমান্বয়ে উচ্চত্বৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ সময় আহি পৰিল । বৃষ্টিৰ পৰীক্ষা বৰ ভাল নহ'ল । বৃষ্টিয়ে তাইৰ নতুন জীৱনৰ পাতনি আৰম্ভ কৰিলে সাগৰৰ লগত । সাগৰ এজন অসমৰ বিখ্যাত গায়ক । সি তাইৰ নামত বহুকেইটা গীত ৰচনা কৰি পৰিৱেশন কৰিলে । সিহঁতৰ সম্পৰ্কক উভয় পক্ষীয় মানুহে স্বীকাৰ কৰিলে । 

      ইফালে ৰণে আগতকৈও ভাল দৰে পঢ়া-শুনা কৰিবলৈ ল'লে । তাৰ উচ্চত্বৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে ফলাফল অৰ্জন কৰাৰ বাবে তাক চৰকাৰৰ ফালৰ পৰা সকলো পঢ়া-শুনাৰ দায়িত্ব ল'লে । সি বৰ্তমান এজন ক'লেজৰ অধ্যাপক । লাহে লাহে তাৰ বিয়াৰ কথাও আলোচনা হৈ আছে। 

       বৃষ্টিয়ে এখন বিদ্যালয়ত শিক্ষকতা কৰিবলৈ আৰম্ভ কৰিলে । দিনবোৰ এনেদৰেই তাইৰ পাৰ হৈ গৈছিল । সাগৰে তাইক গুৰুত্ব দিবলৈ এৰি দিছে । সি মদ-ভাং খাই আহি তাইক ফ'নত প্ৰায়ে বৰ বেয়াকৈ গালি পাৰে । তাই লাহে-লাহে সাগৰক সহ্য কৰিব নোৱাৰা হ'ল । ফলত তাই সিহঁতৰ সম্পৰ্কক এদিন বিচ্ছেদ কৰি তাই অলপ দিনৰ বাবে স্কুলৰ পৰা চুটি লৈ গাঁৱৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে । তাই ঘৰলৈ যোৱা বাছখনতে ৰণও তাৰ বিয়াৰ বাবে ঘৰলৈ বুলি গৈছে ।  হঠাত ইজনে-সিজনক দেখি গাল-মুখ ৰঙা-চিঙা পৰি গৈছে । দুয়ো দুয়োৰে সামান্য খবৰ ল'লে । বাছৰ পৰা নামি এ ৰণে বৃষ্টিক ৰণৰ বিয়াৰ চিঠিখন  আগবঢ়াই দিলে । চিঠিখন দেখি এ তাই হতভম্ব হৈ পৰিল । সি সামান্য জোৰকৈ ক'লে- 'বৃষ্টি , মোৰ বিয়ালৈ যাবা বুলি আশা কৰিলোঁ'। 
তাই একো উত্তৰ নিদি লাহেকৈ বেগটো লৈ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে ।

                     ( সমাপ্ত )

No comments:

Post a Comment