হীৰকজ্যোতি বৰ্মন "ভালপোৱাৰ একবিতা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

হীৰকজ্যোতি বৰ্মন "ভালপোৱাৰ একবিতা"

তোমাৰ চকুযুৰিয়েই
 মোৰ সপোন আছিল
চিনাকি হোৱাৰ দিনৰ পৰাই,

এটি-দুটিকৈ সপোনেও মালা গুঠিছিল
প্ৰেমে গজালি মেলাৰ ক্ষণৰ পৰা
এটি-দুটি তৰাৰ সাধুকথা,

তোমাৰ অবিহনে কেতিযাওতো
দেখাই নাছিলো জোন-বেলি-তৰা
আৰু আকাশৰ নীলা ।

তোমাৰ মুখনিয়েই আঁকি দিলে
মধুৰ ক্ষণৰ মেলা,,
চিনাকি হোৱাৰ দিনৰ পৰা ।

যদিওবা আছিল অতীজৰ পৰা
ধৰাৰ বুকু গছ-বন-লতাৰে ভৰা
চৌপাশে চালো মাথো,
তুমি মৰম দিয়াৰে পৰা।

No comments:

Post a Comment