প্ৰণামিকা শৰ্মাৰ "মই নাজানো তোমাৰ ঠিকনা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

প্ৰণামিকা শৰ্মাৰ "মই নাজানো তোমাৰ ঠিকনা"

নাজানো মই তোমাৰ ঠিকনা
নুসুধিবা মোক
কেনেকৈ চিনি পালো 
তোমাৰ হৃদয়ৰ দুৱাৰ
জানো মাথো 
গভীৰৰ পৰা গভীৰলৈ
সোমাই চুই চাইছো তোমাক
তোমাৰ নিশাহত
মিলাই দিছো মোৰ উশাহ
নুসুধিবা মোক
মই নাজানো তোমাৰ ঠিকনা
মই মই হৈ থকাৰ দিনতে
কোনোবা দিনা
হিয়া বিনিময় কৰা হাটখনত
দেখিলো তোমাৰ
এধানি হিয়াৰ অকণি দোকান
মোৰ সমস্ত অনুভৱ দি
মোৰ কৰি ললো তোমাক
কিহৰ আবেশত নাজানো
চকু মুদি সুখ দুখ ভগাই থাকোতে
নুসুধিলো কোনোদিন তোমাৰ ঠিকনা
সেয়েহে নুসুধিবা মোক
নাজানো মই ।
জানো মাথো 
হিয়াৰ চিনাকিতে হেৰুৱালো
মই মোৰো ঠিকনা
পংকিল দুৰ্গম বাটবোৰত
দিন ৰাতি বাট বোলোতে
তুমিয়েই শুনাইছিলা বুকুৰ শব্দ
খোজে প্ৰতি মিলাইছিলা 
ছন্দতেই ছন্দ
তেতিয়াই হৃদয়ৰ ঘৰ্ষণত
হেৰাই গৈছিল মোৰ ঠিকনা
আজি 
নুসুধিবা মোক
নাজানো মই তোমাৰ ঠিকনা
জানো মাথো
তুমিয়েই মোৰ 
কেৱল তুমিয়েই মোৰ
শেষ ঠিকনা।

No comments:

Post a Comment