বন্দনা দত্তৰ কবিতা " নিয়ৰ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বন্দনা দত্তৰ কবিতা " নিয়ৰ"

নীৰৱ নিমাত নিশা
মই গোপনে কথা পাতো
দুবৰিৰ সতে,
শেৱালীৰ উচুপনিত
সাৰপাই শৰৎ
মেঘৰ বুকুত তিৰবিৰাই
শুকুলা জোনাক।
মনৰ গহন বনত
উকমুকায়
এমুঠি শাৰদীয় 
প্ৰেমময় কবিতা।

বন্দনা দত্ত,নাহৰণি

No comments:

Post a Comment