সুৰজিতৰ " ইতিহাসে ৰিঙিয়াই" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সুৰজিতৰ " ইতিহাসে ৰিঙিয়াই"

নচিৰিকা চৰাই; আচলতে এবিধ চিৰিকটিহে ;কিছুমানে ঘৰচিৰিকা বুলিও কয়।দেখিবলৈ তেনেই সৰু, অমায়িক,মটীয়া বৰণৰ চৰাইবিধ আজিৰপৰা চল্লিশ বছৰমান আগলৈকে দেখাত উভৈনদী আছিল। যেনি চাও তেনিয়েই দেখিছিলোঁ ।কিন্তু এতিয়া কালৰ সোঁতত প্ৰায়  বিলুপ্তিৰ পথত।

হয়! এতিয়াও ভালকৈ মনত আছে এইবিধ তিলিকা চৰাইৰ কথা; মানুহৰ মাজত বাস কৰি ভাল পোৱা এইবিধ তিলিকা চৰাই ।যাৰ প্ৰধান খাদ্য ধান ; ভৰপক দিয়া পথাৰত  পকা ধান খাই তহিলং কৰিলেও কিনোদিনেই কৃষকৰ মনত প্ৰতিহিংসাৰ ভাব জাগি উঠা নাছিল। বৰঞ্চ পুতৌহে জাগিছিল। আমি দিনটো পথাৰৰ টঙী ঘৰত বহি টিং বজাই বজাই জাকে জাকে ধানত পৰা চৰাইবিধ খেদিবলৈ বেলি মাৰ যোৱালৈকে পৰ দি ৰৈ থাকোঁ । কাৰণ সন্ধিয়াৰ লগে লগে জাকে জাকে সিহতবোৰ নিজৰ নিজৰ বাহলৈ উভতে। আচৰিত লাগে ।চোতালত শুকাবলৈ মেলি দিয়া ধান খায় পতান এৰি থৈ গলেও কোনোদিনে গৃহস্থই ইহতৰ প্ৰতি হিংসুক হোৱা আমি দেখা নাছিলোঁ। ভৰালৰ ধান যে কিমান খায় ! তাৰ হিচাব ৰাখোতা কোনোৱে নাই। অৱশ্যে ইয়াৰ মাজতো কিছুমান হৃদয় নথকা লোকে তিলমান মাংসৰ লোভত কেটেপাৰে এই চৰাইবিধ মাৰি খোৱাও আমি দেখিছিলো। দেখি দুখ কৰিছিলোঁ।

গোলোকীয় পৰিবৰ্তন, জনসংখ্যাৰ বৃদ্ধি আৰু মানুহৰ জীৱন ধাৰণৰ ন ন কৌশলে সৃষ্টি কৰা প্ৰতিকূল পৰিবেশত নিজকে খাপ খুৱাব নুৱাৰি  এই অমায়িক চিৰিকতি বিধ আজি আমাৰ দৃষ্টিৰ পৰা ক্ৰমাৎ আতৰি গৈছে,কথাটো সত্য । 
আচলতে এই চিৰিকটি বিধে সদায় এটা অনুকূল পৰিবেশত বাহ সাজিছিল
আগৰ দিনৰ খেৰী ঘৰৰ চালত। এই জ্ঞানী চৰাইবিধে শীতত শীতৰ প্ৰকোপ আৰু গৰমত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈয়েই এনেকুৱা পৰিবেশ এটাৰ লগত নিজকে খাপ খোৱাই ৰাখি চলিছিল । আমি দেখিছিলোঁ ।চালত খেৰৰ মাজত ধুনীয়াকৈ একোতা বাহ সাজি যোৰ পাতি বাঁস কৰিছিল।তাতেই সিহতে কণী পাৰি পোৱালী জগাইছিল । আমিও কম নাছিলোঁ। জখলাৰে উঠি গৈ সিহতৰ বাহত হাত ভৰাই কণী বা পোৱালীবোৰ উলিয়াই আনি হাতেৰে লিৰিকি বিদাৰি চাই পুণৰ বাহত ভৰাই থৈছিলোঁ, কেতিয়াও অপকাৰ হলে কৰা নাছিলোঁ । এই কামৰ বাবে ঘৰৰ জ্যষ্ঠজনৰ গালি শপনিও খাইছিলোঁ ।কেতিয়াবা দেখিছিলোঁ সিহতৰ বাহত সাঁপে বগাই গৈ কণী আৰু অকণি অকণি পোৱালীবোৰ ধৰি খাইছিল ।দৃশ্যটো দেখি আমি মৰ্মাহত হৈ পৰোঁ।
নিশা যোৰ পাতি বাস কৰা এই চিৰিকটি বিধ দিনত কিন্তু জাক পাতিহে ফুৰি ভাল পাইছিল। ৰাতি পুৱালেই ইহতৰ চিৰিক্ চিৰিক্ শব্দই আমাৰ টুপনি হৰিছিল। পুণৰ বেলি ডুবাৰ লগে লগে উভতি আহি দিনটোৰ সন্তুষ্টিৰ আনন্দত ইটোৱে সিটোক কৰা সম্ভাষণৰ চিঞৰ বাখৰে, নিতৌ আমাৰ মন চুই গৈছিল।যেনিবা নিশাটোৰ বাবে ইটোৱে সিটোক  সন্ধিয়াতেই Good night হে দিছিল।

কংক্ৰিটৰ যোগত খেৰী ঘৰ অতীত হ'ল।প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকাই ঘনচিৰিকাৰ অনুকূল পৰিবেশক প্ৰতিহত কৰি সিহতৰ বাবে সৃষ্টি কৰা প্ৰতিকূল অৱস্থাত নিজকে খাপ খোৱাব নোৱাৰা হ'ল।  চৰাইবিধ আজি কেনি গ'ল বা কি হ'ল কোনোৱে নাজানেঐতিয়াৰ প্ৰজন্মই ঘনচিৰিকাৰ নামহে শুনি আহিছে। কিছুদিন পিছৰ প্ৰজন্মই কিন্তু এয়া কাল্পনিক কাহিনী বুলিহে ভাবিবলৈ বাধ্য হব ।  অকল সেয়াই নহয় ।স্মৃতি ৰুমণ্থন কৰি আজি আমিও আচৰিত হৈ ভাগি পৰোঁ । মানুহ জানো প্ৰকৃতিপ্ৰেমী নহয়?

সিদিনাৰ কথা,এটা ভ্ৰমণকালত কামাখ্যা ৰেল ষ্টেচনত হঠাৎ সন্ধিয়া নামিছিলহে । ; চিৰিক্ চিৰিক্ চিনাকি চিনাকি কোলাহল এটাই চকুহাল থমকি ৰোৱালে। উপৰলৈ চাই দেখিলোঁ কেইটামান ঘনচিৰিকা,টিং আৰু লোৰ পাৰলিঙৰ মাজত এটা এটাকৈ সোমাই চিয়ৰি চিয়ৰি ইজনে সিজনক সম্ভাষণ জনাইছে।লগে লগে মোৰ পুৰণি স্মৃতিবোৰে মনটোক চিকুটিলে। কিছুসময় থৰ লাগি চাই ৰলো। কিবাটো যেন হেৰাই পোৱাৰ আনন্দ । নিৰীক্ষণ কৰিলো গভীৰ ভাবে । মন কৰিলোঁ,এয়া কিন্তু সিহতে যোৰ পাতি একেলগে নিশা কটোৱাৰ স্থানো নহয় পৰিবেশো নহয়। আৰু নোৱাৰেও । কাৰণ প্ৰত্যেকে  টিংৰ একো একোটা সিৰলু নিশাটোৰ বাবে বাছি লৈছিল । যত দ্বিতীয়টোৰ বাবে স্থানেই নাই, যত বাহ সাজিবলৈ খেৰ কূটা গোটোৱাৰো সুবিধা নাই। সেয়ে মনলৈ প্ৰশ্ন জাগিল এই ঘনচিৰিকা  জাকৰ বংশ বৃদ্ধিৰ বাবে টিং আৰু লোৰ পাৰলিঙৰ মাজত কণী পাৰি পোৱালী জগোৱাটো  সম্ভৱ জানো ?
কাৰণ পোৱালী জগাবলৈ বা সিহতক প্ৰতিপাল কৰিবলৈ এই ঠাই মুঠেই অনুকূল নহয় । তেন্তে , এই কেইটা চৰায়ে ক'ত কণী পাৰি পোৱালী জগাই সিহতক প্ৰতিপাল কৰিব ? সিহতৰ অস্তিত্ব বজাই ৰাখিব ?আছেনে বা পাইছেনে তাৰবাবে সুস্থ এটা পৰিবেশ এই কংক্ৰিটৰ মহানগৰীত  ? নে এইকেইটাই ঘনচিৰিকাৰ শেষ সংকেৎ ? বোধ হয়,ইহতবোৰ আজি ইতিহাসৰ পাতত লিপিবদ্ধ হোৱাৰ পথত !!
সুৰজিৎ
গোলাঘাট
দূৰভাষ:৮৮৭৬২৭৭৯৫৯

No comments:

Post a Comment