মনালিছা শইকীয়াৰ গল্প "কঠনা ফুলৰ ৰং" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মনালিছা শইকীয়াৰ গল্প "কঠনা ফুলৰ ৰং"


 এঢলীয়া গড়াটোত খুপি খুপি ভৰি দি নয়না নদীখনৰ কাষ পালেগৈ। সৌ সীমাৰপৰা সৌ সীমালৈকে এইখন তাহাঁতৰ নদী আছিল। বাৰিষা কালটো বাদ দি বাকী গোটেই মাহ কেইটা তাই ককাকৰ সৈতে , ককায়েকৰ সৈতে আৰু কেতিয়াবা অকলে হ'লেও দিনটোত এবাৰ এই ঠাই খিনিলৈ আহিছিল। নদীৰ কাষৰ বাম মাটিখিনিত তাইৰ ককাকে আলু, ৰঙালাও, ধনিয়া , পিয়াঁজৰ খেতি কৰে। কেতিয়াবা হালধীয়া ফুলৰ সৰিয়হ এডৰা। পথাৰৰ সন্মুখৰ বাটটোৱেদি গৈ থাকিলে পৃথিৱী বিখ্যাত ডাঙৰ হাবিখন পাবগৈ পাৰি। আচলতে এই পথাৰখন তাইৰ ভাল লগাৰ কেবাটাও কাৰণ আছিল। সন্মুখৰ বাটটোৰ সিপাৰে থকা হোলাটোৰ পাৰ কেইটা কৰৈ আৰু  এজাৰ গছেৰে ভৰা আছিল।  এজাৰৰ বেঙুনীয়া ফুলবোৰ ফুলিলে তাই ব্যাকুলহৈ ফুলবোৰ চুই চাইছিল আৰু  থোপাথোপে লগা  গুটিবোৰ  ছিঙি আনি আলু খেতিৰ পথাৰত নাৰিকলৰ কোৰোকাত থৈ ভোজৰ ভাজিখন ৰান্ধিছিল । হোলাটোত ককাকে মৰাপাট গোৰায়। অঁহীয়া অঁহীয়া গোন্ধ এটা অনবৰতে ঠাইখনত উপঙি থাকে। তাৰ কাষত থকা বাঁহনি ডৰাৰ ফুটুকানি হাবিখনত তাইৰ প্ৰিয় জেতুলীপকাৰ গছেৰে ভৰা। মুঠি মুঠি জেতুলীপকা খাই শেষ কৰিব নোৱাৰাকৈ ডালভৰি লাগে। বিস্তীৰ্ণ পথাৰখন,  সীমনাত বুৰ যোৱা হেঙুলীয়া আবেলিৰ বেলিটো, দূৰৈত ৰিণিকি ৰিণিকি দেখাপোৱা গাঢ় সেউজীয়া অৰণ্যখন, বাঁহনিডৰালৈ উভতি অহা শৰালিজাক, বগলীজাক, পথৰুৱা বাটটোৰে  গো ধূলি উৰুৱাই ঘৰলৈ উভতি অহা গৰুৰ জাকবোৰ , গৰখীয়া ল'ৰাৰ বাঁহী আৰু পেপাঁৰ মাতবোৰ তাইৰ কলিজাত খাজে খাপে আজিও বহি আছে। ৰাতি সপোনতো তাই সিহঁতৰ মূঢ়ানি পথাৰখনত পতা গৰখীয়া সবাহৰ ছবি দেখে। বিমুগ্ধ হৈ থাকে তাই। আৰু  এই নদীখন! তাইৰযে প্ৰাণৰো আপোন। মাক দেউতাক, ককাক আইতাক , মামাক মাহীয়েক বা কাষে পাঁজৰে থকা আন কোনো মানুহক ক'ব নোৱাৰা কথাবোৰ তাই নদীখনতে কৈ আহেগৈ। ধনশিৰিৰ এৰা সুঁতি মৰি ধনশিৰি। তাহাঁতৰ অঞ্চলৰ কৃষক ৰাইজৰ প্ৰাণস্পন্দন আছিল এই নদীখন। খেতি পথাৰৰ লাগতিয়াল পানীৰপৰা মাছ কাছলৈকে সকলো নদীখনে ৰাইজলৈ লৈ আনিছিল। টিকা মাটিৰ গৰাকীবোৰৰ কাষত পৰা নদীখনৰ অংশবোৰ নিজৰ নিজৰ ভাগত পৰে। নদীখনৰ সেই ভাগৰপৰা গৰাকীয়ে পানী আনি খৰালি হোৱা শাক পাত বোৰত দিয়ে। দলঙা পাতি মাছ ধৰা, বালি খুচৰি বামী মাছ ধৰা আদি কামবোৰ নিজ ইচ্ছাত গৰাকীজনে নিজ অংশটোত কৰিব পাৰিছিল। তাইৰ ককাকৰ নিজ এলেকাত দুখন দলঙা আছিল আৰু নদীত ন পানী নহালৈকে ককাকে প্ৰতি সাজৰ মাছ তাৰেপৰাই ধৰি আনিছিল। তাই নিজেও ককাকৰ সৈতে দলঙা টানি মাছ ধৰিছিল। দলঙা টনাৰ উপৰিও খৰালি নদীখনৰ মাজত বহি তাই কেতিয়াবা লগৰীয়াৰ লগত আৰু  কেতিয়াবা অকলে বালিঘৰ সাজিছিল। পানীৰ উঁহবোৰ বিচাৰি বিচাৰি নদীখনত দৌৰি ফুৰিছিল। নদীখনৰ সিপাৰে ধাননি পথাৰবোৰৰ সীমাত শাৰী শাৰী চাং ঘৰবোৰ জিলিকি আছিল। তাই এইপাৰৰ পৰাই চাই চাই ভাৱিছিল ঘৰবোৰত এদিন উঠি চোৱাৰ কথা। ককাকৰ অনুমতি অবিহনে সেইবোৰলৈ যোৱাত বাধা আছিল তাইৰ। কিযে শিহৰণকাৰী সময় আছিল সেয়া! এক অবিস্মৰণীয় সৌন্দৰ্যই তাইক কৰৈয়নী নামৰ পথাৰখনৰপৰা উভতি আহিব নোৱাৰাকৈ আকুল কৰি ৰাখিছিল।
          ' ঐ মধূৰি খাবি ' হালি পৰা মধূৰি গছৰ ডালটোত পেট পেলাই শুই থকা বিনয়ৰ মাতত নয়নাই  কাপোৰ জাপি থকাৰপৰাই মূৰ দুপিয়াইছিল। বিনয়হঁতৰ ওচৰতে নয়নাৰ ককাকৰ ঘৰ। বিনয়ৰ মাকে নয়নাক মৰমো কৰে আৰু সৰুসুৰা ইটো সিটো কাম কৰিবলৈও দিয়ে। নিজৰ খোৱাৰ ভাগৰ অকণমান হ'লেও নয়নালৈ থৈ দিয়ে। বিনয়ৰ পঢ়া টেবুলখন চাফা কৰা , কিতাপবোৰ জাপি থোৱা (কেতিয়াবা নয়নাৰ এনেকুৱা লাগে বিনয়ে যেন কৰোঁ বুলিয়ে টেবুলখনৰ কিতাপবোৰ বিশৃংখল কৰি থৈ দিয়ে!), মাকে চপাই আনি থোৱা কাপোৰবোৰ ধুনীয়াকৈ জপা (নয়নাই এই কামটো তেতিয়াই বৰ ধুনীয়াকৈ শিকি লৈছিল) এইবোৰ  আছিল বিনয়হঁতৰ ঘৰত নয়নাৰ নিত্য নৈমিত্তিক কাম। চুবুৰীটোৰ সকলোবোৰ ল'ৰা ছোৱালী প্ৰায়ে আবেলি সময়খিনিত বিনয়হঁতৰ চোতালখনত হাইগুদু, বন্দী বন্দী, পিথু, ঘিলা খেলিবলৈ গোট খাইছিল আৰু সংখ্যা কম হ'লে সিহঁতে তাত চোৰ ডকাইত, পুলিচ পুলিচ অথবা লুডু খেলিছিল আৰু পেট ভৰি যোৱাকৈ মধুৰিবোৰ খাইছিল। লাহে লাহে সিহঁতবোৰ ডাঙৰ হৈ আহিছিল। খেলৰ লগবোৰ কমি গৈছিল। নয়নাৰ লগৰ কেবাজনীও নোৱাই তোলনি বিয়া হোৱাৰবাবে খেলিবলৈ নহা হৈছিল। নয়না কিন্তু বিনয় হঁতৰ ঘৰলৈ সদায় একেদৰেই আহিছিল। বিনয়ৰ মাকৰ লগত কাম কৰিছিল, কথা পাতিছিল আৰু বিনয়ে আনি দিয়া  মধূৰি খাইছিল। বিনয়ৰ মাকে তাইক তাহাঁতৰ পৰিয়ালৰ মানুহৰ দৰেই  আতোলতোলকৈ ৰাখিছিল।
                                    'ঐ বিনয় কৰৈয়নীলৈ যাবিনেকি আহ।' - সিদিনা সিহঁতৰ স্কুল বন্ধ আছিল।  নয়নাৰ ককাকে কৰৈয়নীত থকা আলু খান্দিবলৈ মানুহ লগাইছেবাবে তাই চাহ জলপানলৈ তালৈ যাবলৈ ওলাই আহিছে। তাইৰ মাতত বিনয় লাহেকৈ ওলাই আহিল বাৰান্দালৈ। সি যাম বুলি কোৱাত তাই অকণমান ৰৈ দিলে ঠাইতে। তাহাঁত গৈ কৰৈয়নী পায়গৈ মানে বেলি মূৰৰ ওপৰ পালেহি। মৰহি যোৱা আলুগছৰ খলবোৰত ককাকে নাঙলটোৰে  খান্দি যাওঁতে গোটে গোটে জিলিকি উঠা আলুবোৰ দেখি নয়নাৰ মনটো আনন্দত নাচি উঠিল। ককাকে কৈ গৈছিল বহুত পুৰণা দিনৰ কথা। নয়নাহঁত অভিভূত হৈ যায় ককাকৰ সাধু যেন কথাবোৰ শুনি। আস্ নয়নাৰ মাকহঁতে হেনো আলু খান্দিবলৈ গৈ তাতে চৌকা জ্বলাই, কেৰাহী পাতি আলুবোৰ গাখীৰত সিজাই খাইছিল। তাহাঁত দুয়োটাই সেইদিনা আলু খান্দিলে, মাছ ধৰিলে, নদীৰ পাৰত বহি বালি ঘৰ সাজিলে আৰু  লাহে লাহে বিনয়ৰ হাতত ধৰি নয়না নদীখনৰ সিপাৰ পালেগৈ। ককাকে এই পাৰৰ পৰাই চিঞঁৰিলে বহুত দূৰলৈ নাযাবি। সিপাৰৰ গড়াটো উঠিয়ে নয়না হালধীয়া ফুলেৰে জকমকাই থকা সৰিয়হ ডৰালৈ দৌৰ মাৰিলে। 'দুয়োহাত মেলি দিয়া সৰিয়হ ফুলাৰ গান শুনা' বুলি নয়নাই বিনয়ক নি সৰিয়হ ডৰাৰ মাজ পোৱালেগৈ। ফুলি উঠা উলু বনবোৰ ছিঙি ছিঙি তাহাঁত দুয়োটা চাং ঘৰবোৰৰ কাষ পালেগৈ।
                               'ইছ মানুহবোৰ ৰাতি কেনেকৈ থাকে বাৰু' - তাইৰ প্ৰশ্নৰ উত্তৰত বিনয়ে তাইক সেই মানুহবোৰৰ জীৱন কেনেকৈ চলে বিজ্ঞৰ দৰে বুজাই দিলে। হঠাতে তাইৰ বিনয়ক বৰ ডাঙৰ মানুহ যেন ভাৱ হ'ল। তাইক হাতত ধৰি এই পাৰলৈ লৈ অনা বিনয়টো হঠাতে নোহোৱা হ'ল। অজান অবুজ মায়াৰে তাইৰ মনৰ দাপোনত বিনয় এজোপা ছাঁ দিব পৰা গছৰদৰে তাইৰ কাষত ঠিয় দি আছে যেন! নয়না উচপ খাই উঠিল।
: কি হৈছে তোৰ ?
: একো হোৱা নাই। ব'ল যাওঁগৈ!
: কছোন কি হৈছে!
: যাওঁগৈ আহ ! ককাই গালি দিব নহ'লে
                           নয়নাৰ তাৎক্ষণিকভাৱে সলনি হোৱা মুখখনলৈ চাই বিনয় নিৰ্বিবাদে অহা আলিটোৱেদি উভতি খোজ ল'লে আৰু   আলফুলকৈ হাতখনত ধৰি নয়নাক এইপাৰলৈ পাৰ হোৱাত সহায় কৰি দিলে। নয়না কিন্তু সংকুচিতহৈ পৰিল। উছাহবোৰ , হেপাঁহবোৰ ক'ৰবাত থমকিল। লাহ দিয়া বেলিটোৰ পোহৰত জিলিকি উঠা বাটৰ কাষৰ কঠনা ফুলবোৰৰ শুভ্ৰতাই  তাইক সোঁৱৰাই গ'ল বনৰীয়া হ'লেও ফুলবোৰৰ নিজস্ব সৌন্দৰ্য আছে। জোপোহা কঠনা গছবোৰে আনক ছাঁ দিব পৰাৰ শক্তি আছে।
   'নয়না বা তোমাক মায়ে মাতিছে' - মামাকৰ ছোৱালী জুমনৰ মাতত নয়না চক্ খাই উঠিল। কিমান সময় হ'ল বাৰু তাই এনেদৰে গড়াটোত বহি থকা! বেলিটো বাঁহনিৰ সিপাৰলৈ লাহ দিলে। নয়না লাহেকৈ উঠি ভৰি কেইটা পানীত জুবুৰিয়াই দিলেগৈ। গড়াটোৰ পাৰত কচু , ঢেকীয়া,  বিহলঙনিবোৰ এডাল দুডাল এতিয়াও আছে। অনামী এক শীতল  অনুভৱে তাইৰ ভিতৰৰ মানুহজনীক অকণমান কঁপাই তুলিলে। খুপি খুপি তাই টিকাটোলৈ উঠি আহিল। টিকাৰ মাটিখিনি এতিয়া এনেয়ে ছন্ পৰি আছে। কৰৈ এজাৰেৰে আৱৰি হোলাটো একেদৰেই আছে যদিও মৰাপাট গোৰোৱা অঁহীয়া গোন্ধটো নাই। বেলিৰ পোহৰ পাৰ নোহোৱা জয়াল বাঁহনিডৰা গাত ৰ'দ লগাকৈ তেনেই মুকলি হৈ পৰিল। জেতুলীপকাবোৰ নোহোৱা হ'ল। কেঁচা বাটতোও পকা হ'ল পৰ্যটন উদ্যোগৰ বিকাশৰ নামত।  নয়নাৰ মনটো সেমেকি উঠিল। কঠনা ফুলৰ ৰং সানি কথাবোৰ আজিও তাইৰ বুকুত ফুলি থাকিল।
(সমাপ্ত)

No comments:

Post a Comment