বিলতে জিলিকে ধুনিয়া পদুমি
আকাশত জিলিকে ৰুপহী জোন
মোৰ মন মন্দিৰত জিলিকি আছে
তোমাৰ লাৱনি মুখনি সোণ
আকাশত জিলিকে ৰুপহী জোন
মোৰ মন মন্দিৰত জিলিকি আছে
তোমাৰ লাৱনি মুখনি সোণ
যিদিনা প্ৰথম দেখিলো তোমাক
শ্ৰেণীকোঠাত পুৱাৰ বেলা
অজানিতে আহি বুকুৰ মাজত
খেলিলা কতনো মধুৰ খেলা
প্ৰেমৰ মদিৰা বুকুত ঢালি
জগালা সুপ্ত অন্তৰখনি
হ্ৰদয়ৰ মাজত তোমাৰ ছবি
ৰাখিছো ধৰি যতন কৰি
শ্ৰেণীকোঠাত পুৱাৰ বেলা
অজানিতে আহি বুকুৰ মাজত
খেলিলা কতনো মধুৰ খেলা
প্ৰেমৰ মদিৰা বুকুত ঢালি
জগালা সুপ্ত অন্তৰখনি
হ্ৰদয়ৰ মাজত তোমাৰ ছবি
ৰাখিছো ধৰি যতন কৰি
জীবনে মৰণে ৰাখিম তোমাৰ
মৰম সনা সেই অঁকা ছবি
তুমি বাৰু থাকিবানে
মোৰ বাবে অপেক্ষা কৰি
মৰম সনা সেই অঁকা ছবি
তুমি বাৰু থাকিবানে
মোৰ বাবে অপেক্ষা কৰি
যদি তুমি থকা মোলে
ৰাখিম তোমাক বুকুত বান্ধি
কেতিয়াও নাযাবা সোণ
তুমি মোক পাহৰি
ৰাখিম তোমাক বুকুত বান্ধি
কেতিয়াও নাযাবা সোণ
তুমি মোক পাহৰি
চাদেক আলী
No comments:
Post a Comment