টকা পাবলৈ যিমান কঠিন
হেৰুৱাবলৈ কিন্তু ইমান কঠিন নহয় ,
পৃথিৱীৰ একছত্ৰী সম্ৰাট বুলিব পাৰি
যাৰ সানিধ্য নহ'লে কোনো কামৰে
গতি-বিধি সলনি নহয়।
সৃষ্টি-ধ্বংস সকলো টকাৰ আঁৰতে হ'ব পাৰে
কাৰণ টকাই কৰিব নোৱাৰা
কোনো কঠিন বা জটিল কৰ্ম এই পৃথিৱীত নাই।
হাঁহি-কান্দোন, নাচ-তামাচা কাৰোবাক গোলাম কৰা
এই সকলোবোৰ টকাৰ বাবেই সুলভ
কোমল অন্তৰক কঠিন শিলৰ দৰে ব্যৱহাৰ কৰি
আবেগৰ লোতক মনৰ ভিতৰতে সামৰি
মনত বিৰহৰ অগনি লৈ
কাৰোবাৰ ওচৰত বোঁৱতী নদীৰ দৰে
সহনশীল হোৱা এই সকলোবোৰ কেৱল টকাৰ বাবে।
এই পৃথিৱীত জীৱ শ্ৰেষ্ঠই
টকাৰ পিছে পিছে দৌৰাটো প্ৰধান লক্ষ্য
কাৰণ, টকা সকলোৰে বুকুৰ আপোন
এৰা, কিযে বিচিত্ৰ পৃথিৱীৰ বিচিত্ৰ মায়া
আমি দৌৰিছো কেৱল সুখ আৰু শান্তি বিচাৰি
দিন-প্ৰতিদিন টকাৰ পিছে পিছে
টকাৰ নিছিদ্ৰ ঠিকনা বিচাৰি...
No comments:
Post a comment