পৰিমিতা গোস্বামীৰ ধাৰাবাহিক গল্প: গতিৰ যতি (দ্বিতীয় খণ্ড) - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পৰিমিতা গোস্বামীৰ ধাৰাবাহিক গল্প: গতিৰ যতি (দ্বিতীয় খণ্ড)

        নিবিড় বৰুৱা মানুহ জন সময়ৰ মূল্যক খুব গুৰুত্ব দি চলা মানুহ ।সকলো কামতে সময়তকৈ এখোজ আগতে পাবলৈ যত্ন কৰে। সদায় ৰাতিপুৱা  সোনকালে উঠাতো তেওঁৰ অভ্যাস । উঠিয়েই মুখখন ধুই এগিলাচ ঠাণ্ডা পানী খাই ৰাস্তাত অলপ খোজ কাঢ়িবলৈ ওলাই যায়।ঘূৰি আহি পত্নীলৈ বাট নাচাই পুৱাৰ প্ৰথম চাহ কাপ নিজেই কৰি লয় ।চাহ কাপৰ লগতে হাতত দৈনিক বাতৰি কাকত খন লৈ আগফালে বাৰাণ্ডাৰ চকীখনতে বহি চাহত সোহাও মাৰে লগে লগে কাকত খনতো চকু ফুৰাই।পুৱাৰ প্ৰথম চাহ কাপ আৰু দৈনিক বাতৰি কাকত খন বৰুৱাৰ বাবে চাহৰ লগৰ বিস্কুটৰ দৰে। দুয়োটা সমানে সমানে চলি থাকে ।কাকত খনত প্ৰথমৰ পৰা শেষলৈকে এবাৰ চকু ফুৰাই গুৰুত্বপূৰ্ণ বাতৰি থাকিলে সম্পূৰ্ণকৈ পঢ়ি বাতৰিখন সামৰি নিৰ্দিষ্ট জেগাত থয় । হাতত টাৱেলখনলৈ বাথৰূমত সোমাই।
           গাতো ধুই গোসাঁই ঘৰ সোমৱাতো বৰুৱাৰ নিত্য-নৈমিত্তিক কামৰ ভিতৰত প্ৰধান তথা অন্যতম কাম ।বৰুৱাৰ বয়সৰ অলপ পঢ়া-শুনা কৰা মানুহবোৰে ভগৱান ,ঈশ্বৰ  এই বস্তুবোৰ বিশ্বাস নকৰেই, বিজ্ঞান  পঢ়া সকলৰতো কথাই নাই ভগৱান বোলা কোনো বস্তু নাই বুলি বুজাবলৈ অনেক যুক্তি আগবঢ়ায়।ভগৱান আছেনে নাই বৰুৱাইও নাজানে কিন্তু ভগৱান বুলি যে কিবা এটা চূড়ান্ত শক্তি আছে সেই কথা তেওঁ গভীৰভাবে বিশ্বাস কৰে। সেয়ে  তেওঁ সদায় গা-ধুই আহি গোসাঁই ঘৰ সোমাই নিজৰাই জ্বলাই থোৱা চাকি গচৰ শলিতা ডাল অকণমান আগবঢ়াই দি তেল অকণ ঢালিলৈ ধুপ এগচ জ্বলাই সেৱাভাগ জনাই লৈহে দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে।এইবোৰ নিৱিড় বৰুৱাৰ নিত্য-নৈমিত্তিক কাম।
           খোজে কাটলে , কথাই বাৰ্তাই ,ব্যৱহাৰে পাতিয়ে নিৱিড় বৰুৱা মানুহজন বেচ্  গহীন গম্ভীৰ । যা তা কথা পাতি সময় নকটায় ।বন্ধু বান্ধব ওচৰ চুবুৰীয়া সকলোৰে লগত নিৰ্দিষ্ট পাতিব লগীয়া কথাহে পাতে, সোধিব লগীয়া কথাটোহে সোধে,আনে সোধা প্ৰশ্নৰ উত্তৰটোহে দিয়ে।চুবুৰীয়াৰে হওক, মিটিৰ-কুটুম্বৰেই হওক অসুখ বিসুখত, বিপদ আপদত খবৰ এটা লোৱা সাধ্য অনুসৰি কিবা এটা সা- সহায় কৰা, সময়ত উপস্থিত হোৱাত বৰুৱাই কেতিয়াও ত্ৰুটি নকৰে । সঁচাকৈ মানুহজন বৰ সৰল আৰু শুদ্ধ অন্তৰৰ মানুহ।সকলোৰে মানত বৰুৱা মানুহজন বৰ চিধা মানুহ।সুখৰ দিনতো আনন্দ স্ফূৰ্ত্তি কৰি উন্মাদ হৈ নপৰে । দুখৰ দিনতো বিতত নহয়। মানুহজন একপ্ৰকাৰ ৰ'দে-বৰষুণে কোঙা কৰিব পৰা মানুহ নহয় ।
           মানুহৰ সমালোচনাৰনো কি অন্ত আছে। ভালতো সমালোচনা বেয়াতো সমালোচনা । কিছুমান মানুহৰ স্বভাবেই ---- কিবা এটা পাবহে লাগে ঘূৰাই-পকাই ধোঁবাই কাপোৰ ধোঁৱা দি ভালে বেয়াই চৰ্চা কৰিয়েই সময় পাৰ কৰে ।তেনেবোৰ মানুহেৰে সমাজ ভৰি আছে।কিছুমানে বৰুৱাৰ কথা কয় "আজিৰ যুগত এনেকুৱা মানুহ নাই আৰু দেই----- শিক্ষা-দিক্ষা আছে পদ মৰ্য্যাদা আছে মৰ্য্যাদা অনুসৰি সমাজত চলিব জানিব লাগে "। আন কিছুমানে আকৌ কয়," নিৱিড় যি নিৱিড় ইমান সহজ-সৰল ,গপ ভেম অহংকাৰ নাইকিয়া মানুহ,তেওঁ নহৈ আন মানুহ হোৱা হ'লে গপতে গংগাতোপ হৈ থাকিল হেতেঁন । এনেবোৰ কথাৰ বৰুৱাৰ নিচিনা নিৰ্দিষ্ট গতি নিৰ্দিষ্ট কক্ষপথত ঘূৰি ফুৰা মানুহৰ ওচৰত কোনো গুৰুত্ব নাই । কচুপাতত  পানী ঢালিলে বাগৰি যোৱাৰ দৰেই---- ।
                (আগলৈ)

No comments:

Post a Comment