মমী কলিতাৰ "লখিমী" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

মমী কলিতাৰ "লখিমী"

শাওনৰ পথাৰৰ বোকাময় বুকুখন
ৰোৱনীৰ লিহিৰি আঙুলিৰ পৰশত
সেউজীৰে ভৰি পৰিছে
লাহে লাহে সেউজীবোৰ গাভৰু হৈছে
সোনোৱালী আঁচলে ঢাকিছে গাভৰু  দেহাটি
দিন বাগৰি যাব
লখিমী সাজ পিন্ধি জিলিকিব
হালি-জালি নাচিব আঘোনৰ পথাৰত
সোনোৱালী সোনগুটি হৈ
তাতেই বুকু জুৰাব ক'ত কৃষকৰ
হাতত কাঁচি লৈ ঘৰৰে লখিমী
সোনোৱালী পথাৰত নামে
মুঠি মুঠি কৰি সোনোৱালী শইচ
হেঁপাহেৰে বুটলি আনে।।
                        মমী কলিতা
                        

No comments:

Post a comment