উত্তম লইংৰ কবিতা "নিবনুৱাৰ আত্মকথা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

উত্তম লইংৰ কবিতা "নিবনুৱাৰ আত্মকথা"

চকুত চকু থৈ ক'ব পৰাকৈ আমাৰ নিজাকৈ কি আছে ?
চাকৰি,বেংক বেলেঞ্চ,স্থাৱৰ সা সম্পত্তি কিম্বা সু-উচ্চ দালান?
নিজাকৈ কি আছে আমাৰ??
শিক্ষিত নিবনুৱা বাবেই আমি পলাই ফুৰোঁ পৰিয়ালৰ পৰা,আত্মীয়স্বজন কিম্বা গাওঁ-জ্ঞাতিৰ পৰা,
ঠিক পলাতক আছামীৰ দৰে।
কিন্তু জীৱনৰ পৰা???
কিদৰে পলাওঁ জীৱনৰ পৰা?
চাকৰিহীনতাৰ বাবেই আজি বহুতৰ দৃষ্টিত আমাৰ বহু সাধনাৰ চাৰ্টিফিকেত-ডিপ্লমাবোৰ মূল্যহীন,
মূ্ল্যহীন জীৱনৰ সংগ্ৰামবোৰ…।
তেওঁলোকে নাজানে চাকৰিৰ বজাৰত একাপ চাহৰ মূল্যৰ জুই ছাই দাম।
নগন্য আমি,সু-উচ্চ আকাশ চুই চোৱাৰ  অৱকাশ নাই।
আমিবোৰ কামৰো নহ'লো,নামৰো নহ'লো,
চাকৰিৰ বাবে যোগ্যতা থাকিও অযোগ্য হ'লো।
হয় চাপৰি, নহয় চাকৰি,
আমাৰটো একোৱে নাই।
নিবনুৱাৰ মুখৰ
শেঁতাপৰা হাঁহিতো অকৃত্ৰিম কজলা,
অহনিৰ্শে বুকুত কঢ়িয়াই ফুৰা সহজলভ্য দুখবোৰ কোনেও নেদেখা,
আজি কোনোবাই জানো ভাৱে ঘৰচিৰিকাই বাহঁ সজা খেৰৰ আপোন ঘৰটোৰ কথা ?
এনেকৈয়ে আমি বহু প্ৰশ্নৰ উত্তৰত মাথোন নিৰোত্তৰ হৈ ৰওঁ!
       উত্তম লইং
    ৯১০১৫৬২৩৪৩

No comments:

Post a Comment