সঞ্জীৱ সাগৰ চৌধুৰীৰ কবিতা - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সঞ্জীৱ সাগৰ চৌধুৰীৰ কবিতা

(মা-দেউতাৰ পদপদ্মত)
আজি দেউতাৰ ডায়েৰীখন
ভালকৈ মেলি চাওঁ‌তে গম পালো
দেউতা কবি আছিল
ল'ৰালিৰ পৰাই দেউতাই কবিতা লিখিছিল
কথাটো কিন্তু কোনেও নাজানিছিল
নাজানিছিল ককাই
নাজানিছিল আইতাই
বংশ পৰিয়ালৰ কোনেও
শিক্ষাগুৰু সকল
ওচৰ-চুবুৰিয়া
মিটিৰ কুটুম
আনকি লগৰীয়াবোৰেও নাজানিছিল
কিন্তু দেউতাই অহৰহ কবিতা লিখিছিল
লিখি আছে আজিও
এইমাত্ৰ মই গমপোৱাৰ বাহিৰে
কোনেও আজিলৈকে নাজানে যে
দেউতা এজন ভাল কবি
দুকুৰি পাঁ‌ছটাকৈ বছৰ একেলগে থকাৰ পিছতো
মোৰ মাই নাজানিলে যে দেউতাই কবিতা লিখি আহিছে
প্ৰতিদিনে তেওঁ‌ৰ অজ্ঞাতেই
আৰু মই গম পাইছো
সুদীৰ্ঘ আঠত্ৰিছটা বছৰৰ মুৰত আজি
চৰকাৰী চাকৰীয়াল আছিল যদিও
খেতিয়কৰ ল'ৰা দেউতাই
কবিতা লিখিব আৰম্ভ কৰিছিল সেইদিনাই
যিদিনা মাত্ৰ দহ বছৰ বয়সতে দেউতাই হেৰুৱাইছিল ককাক
কেৱল আইতাক সাৱটি লৈ
দেউতাই নিৰৱে খোজ দিছিল নৈশব্দৰ বাটত শব্দ বিচাৰি
আৰু হৈ উঠিছিল কবি
আৰম্ভ কৰিছিল আজিলৈকে লিখি থকা
জীৱন নামৰ এটা সাৰ্থক কবিতা
অথচ দেউতাই নিজেই নাজানে
তেওঁ‌ কবি বুলি !
দ্ৰষ্ট্ৰব্যঃ মাৰ কিন্তু নিজাকৈ এখন ডায়েৰীও নাছিল
নাছিল একোটি কলম !

No comments:

Post a Comment