বলিত ফুকনৰ কবিতা "শৰতৰ আগমনত" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বলিত ফুকনৰ কবিতা "শৰতৰ আগমনত"

স্নিগ্ধতাৰ পৰশ বোলাই
ৰূপোৱালী জোনৰ
বুকুৱে বগোৱা বাই
আকৌ আহিব শৰৎ।
নিয়ৰৰ মুকুটা মণিয়ে
শান্তি-সুষমাৰে
সজাব মাটিৰে সৰগ ।
ৰ'দৰ ৰঙা জিঞাই
হেপাহতে নাছিব
আকাশ ধীয়াই।
কপহুৱা মেঘৰ আঁৰত
বেলিটো ডুব যাব অকালতে।
কঁহুৱাৰ কোমলতাত
দিনবোৰ চুটি হ'লে
শুভ্ৰ শেৱালিৰ  সুৱাসত
নিশাবোৰ দীঘল হ'ব।
উছৱৰ উচাহত
প্ৰাণ পাব প্ৰতিমাই ।
শৰতৰ আগমনত প্ৰাণ পাব
মোৰ বুকুৰ কবিতাই ।।
                            বলিত ফুকন
                            টেঙাখাত
                         ভ্ৰাম্যভাষ: ৯৮৬৪৫৮২০৭৮

No comments:

Post a Comment