বোকাখাত জে,ডি,এচ,জি, মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক বিবাদ, মহাবিদ্যালয় কৰ্তৃপক্ষই উদণ্ড ছাত্ৰ বিৰুদ্ধে ৰজু কৰিলে আৰক্ষী থানাত গোচৰ। - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বোকাখাত জে,ডি,এচ,জি, মহাবিদ্যালয়ত নিৰ্বাচন কেন্দ্ৰীক বিবাদ, মহাবিদ্যালয় কৰ্তৃপক্ষই উদণ্ড ছাত্ৰ বিৰুদ্ধে ৰজু কৰিলে আৰক্ষী থানাত গোচৰ।

বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ত বুধবাৰে এক নিৰ্বাচন কেন্দ্ৰিক সংঘাট সংঘটিত হয় ৷ অহা এক অক্টোবৰত মহাবিদ্যালয়খনৰ ২০১৯-২০ বৰ্ষৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ৷ মঙ্গলবাৰে মনোনয়ন পত্ৰ পৰীক্ষাৰ অন্তিম দিন আছিল আৰু এটা ফৈদৰ মনোনয়ন নাকচ হয় ৷ এই লৈ বুধবাৰে মহাবিদ্যালয়ৰ অধ্যক্ষৰ ৰুমৰ সন্মুখত মনোনয়ন পত্ৰ নাকচ হোৱা ফৈদৰ ছাত্ৰই প্ৰতিবাদ কৰাৰ লগতে দুটা ফৈদৰ মাজত হতাহতি আৰু মাৰপিট আৰম্ভ হয় ৷ উদণ্ড একাংশ ছাত্ৰই মহাবিদ্যালয়ৰ আচবাব অনিষ্ট কৰাৰ লগতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহা মহকুমা আৰক্ষী বিষয়াৰ গাড়ীতো আক্ৰমণ কৰি গাড়ীখন অনিষ্ট কৰে ৷
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে মহাবিদ্যালয় চৌহদত আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়েম কৰা হৈছে ৷ আনকি বৰ্তমানৰ ছাত্ৰ একতা সভাৰ সভাপতিকো শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ উদ্যত হৈছিল যদিও দৈব্য ক্ৰমে তেওঁ ৰক্ষা পৰে ৷ ইতিমধ্যে মহাবিদ্যালয় কতৃপক্ষই উদণ্ড ছাত্ৰ সকলক চিনাক্ত কৰি তেওঁলোকৰ  বিৰুদ্ধে বোকাখাত আৰক্ষী থানাত থানাত গোচৰ ৰুজু কৰিছে ৷
পপী শইকীয়া
বোকাখাত।

No comments:

Post a Comment