দেৱজিৎ বিলুৰ কবিতা "আমাৰ ফালে তৰা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

দেৱজিৎ বিলুৰ কবিতা "আমাৰ ফালে তৰা"

মাৰ ফালে তৰা !
বুকুৰ অসুখ ৷

ঢুকি নাপাইও আকাশ চোৱা
হাতীপটিত আঘোণ মেলি ৰাতি-ৰাতি ৰ’দলৈ

বাট চাই থাকোতে নইখনত
ধুনীয়াকৈ খেলি থকা ঢউবোৰ

পাৰপাই মৰিল ৷
সপোনৰ উচ্ছল বুকু সাবটোতে গছবোৰে নিজৰ ছাঁ-আইনাত নিজকে আউটাই থাকোতে পাত সৰিলে
বতাহে ,

বতাহে
মান নে ধান

গুটি পইচা এটাত জোখি থাকোতে
আয়ে কান্দিলে ৷
তোৰ কাষলতিৰ তলত বেলি এটা আছে

মুঠি মাৰি থাক

No comments:

Post a Comment