এগৰাকী প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান অভিনেত্ৰী জানমণি আৰু জোনাকৰ প্ৰতিবেদন । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

এগৰাকী প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান অভিনেত্ৰী জানমণি আৰু জোনাকৰ প্ৰতিবেদন ।

      এগৰাকী প্ৰতিভাৱান আৰু প্ৰতিশ্ৰুতিসম্পন্ন উদীয়মান অভিনেত্ৰী হ'ল জানমণি । জানমণিৰ অভিনয়েৰে কিছুদিন আগত "লালি লাং" নামৰ এটা মিউজিক ভিডিঅ' মুক্তি লাভ কৰে । য'ত তেওঁ নৱপ্ৰজন্মৰ প্ৰতিভাৱান অভিনেতা কিশোৰৰ সৈতে অভিনয় কৰা দেখা গৈছে । মন কৰিবলগীয়া যে উক্ত ভিডিঅ'টো ইউটিউবত বহু লোকে আদৰি লোৱা পৰিলক্ষিত হৈছে।
নগাঁওৰ জীয়ৰী জানমণিয়ে সৰুৰেপৰাই অভিনয়ৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰি আহিছে । অভিনয়ৰ সমান্তৰালকৈ আধুনিক, সত্ৰীয়া আদি বিভিন্ন ধৰণৰ নৃত্যৰ লগতো জড়িত তেওঁ ।
ভৱিষ্যত পৰিকল্পনা হিচাপে তেওঁ নীল আকাশ , দীক্ষু আদি কেইবাজনো প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পীৰ গীতত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে । জানমণিৰ এই যাত্ৰা নিৰন্তৰ অব্যাহত থাকক ।
ৰিংকী শইকীয়া
গুৱাহাটী

No comments:

Post a Comment