বেবীৰ কবিতা "এইয়াইটো প্ৰেম" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বেবীৰ কবিতা "এইয়াইটো প্ৰেম"

জীৱনত এয়েইটো প্ৰেম
গভীৰ প্ৰেমৰ সূতে
সকলোকে চুই যায় যৌৱনত
এই বলিয়া প্ৰেম
এইয়াই নেকি অনাদি প্ৰেমৰ লিলা
আঘোণৰ পথাৰত মই যে আছিলো
ধান দায়
তই যে দাঙৰী কান্ধত লৈ
চাও নাচাও কৈ
চাই আছিলি।
মই কাচিখন হাতত লৈ
তোলৈ লাজে লাজে
চাই আছিলো
পথাৰৰ মাজত তই যে
সুহুৰি মাৰিছিলি
আজিও ভাহি আছো অ মোৰ দুচকুত
সেই দিনবোৰৰ স্মৃতি।
এনেকৈ য়ে চোন হৈছিল তোৰ মোৰ
মাজত গোপন প্ৰেম।
বহাগৰ বিহুত মই নাচনি
তই যে ঢুলীয়া
তই ঢোল বজালে
কিমান যে ভাল লাগিছিল
মোৰ বিহু নাচি।
যৌবনৰ বাহ উতলি  উঠিছিল
আমাৰ মাজত
এইয়াই টো আছিল
তোৰ মোৰ মাজত গোপন প্ৰেম
এইয়াই টো যৌৱন
এইয়াইটো প্ৰেম

No comments:

Post a comment