কাব্যশ্ৰী হাজৰিকাৰ "গল্পৰ দৰে..." - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

কাব্যশ্ৰী হাজৰিকাৰ "গল্পৰ দৰে..."

দেউতা, আমাৰ ঘৰৰ মানুহ যোৱাৰ আৰু কোনো দৰকাৰ নাই। মই সেইবোৰ সকলো ত্যাগ কৰিলো।
-মানে...?
  তিনিজনি কন্যাৰ দেউতাক লক্ষেশ্বৰ বৰাই কনিষ্ঠ কন্যা কবিতাৰ কথাষাৰ শুনি আচৰিত নহৈ নোৱাৰিল।
-দেউতা, কুকুৰৰ নেজ কেতিয়াবা পোন হয় বুলি ক'ৰবাত পাইছানে?
-কিন্তু তয়েটো তাক মানে অনুৰাগক ভালপোৱাৰ কথা কৈছিলি। আৰু তালৈকে বিয়া হ'ম বুলি আমাক কথা দি থৈছিলি! শুন মাজনী ডাঙৰ বায়েৰে যি কৰিলে সেইয়া তই নিজেই দেখিছ। হাজাৰ হওঁক সৰু বায়েৰক দুজন ভকতৰ আগত উলিয়াই দিবলৈ পালো। আনৰ দৰে ধুমধামেৰে বিয়া পাতিব নোৱাৰিলেও তোৰ এই মাৰ-বাপেৰহালে মনত অকনমান শান্তি পালো। এইবাৰ ভাবিছো তোৰ বিয়াখনকে অলপ বহলকৈ পাতিম। তহঁতক এজন ভাল ল'ৰাৰ হাতত গটাব পাৰিলেই আমি মাৰ-বাপেৰহালে শান্তিৰে চকু দুটা মুদিব পাৰিম। তহঁতকেইজনিক লৈয়েটো আমাৰ জীৱন। পিছে তোকো উলিয়াই দিলে এই ঘৰখন বৰ উকা হৈ যাব অ'!
-দেউতা...!
-মই জানো মাজনি তই আনৰদৰে দেখাক দেখি কাৰোবাক হিয়া উজাৰি ভাল পালেও এই মাৰ-বাপেৰহালক এৰি যাবলৈ বেয়া পাইছ। কিন্তু কি কৰিবি অ' ছোৱালীৰ বাবে এইয়া যে সামাজিক নিয়মেই। তথাপিও বাৰু  মই গৈ তাৰ মাক-বাপেকৰ লগত কথা পাতি চাম। কিজানী বিয়াৰ পিছতো তহঁতক ইয়াতে ৰাখিবলৈ দিয়েই। মাকজনিকচোন কথাই-বতৰাই ভালেই যেন পাইছিলো, বাপেকটোও বৰ বেয়া নহ'ব বুজিছ। দিবও পাৰে একেবাৰে এইখন ঘৰতে থাকিবলৈ; এনেও সিহঁতৰ দুটা  ল'ৰা নহয়!
- দেউতা..., মোক ক্ষমা কৰি দিবা দেউতা। তোমাৰ এই সপোনটো কেতিয়াও পুৰণ নহয়। মই তোমালোকৰ আগত তাৰ বিষয়ে যিবোৰ গুণ গৰিমা গাইছিলো সেইবোৰ সকলো মিছা হ'ল অ'।
   তাই কথাবোৰ কৈয়ে শোকশোকাই কান্দি উঠিল।
তাইৰ এনেকৈ কন্দাত দেউতাকৰ আৰু বুজিবলৈ বাকী নাথাকিল। এজনি নলে-গলে বান্ধৱীৰ দৰে কথাবোৰ ফঁহিয়াই ফঁহিয়াই সুধি গ'ল। আৰু তাইও কৈ গ'ল এফালৰপৰা। এনেও তাই মাক-দেউতাকৰ কোনো কথাৰে অবাধ্য নহয়।
-দেউতা, তাক মই বুজাত বহুত পলম হ'ল অ'। সি আন ল'ৰাৰ দৰে নহয় সচাঁ, কিন্তু তাৰ হৃদয়খন বহুত আৱৰ্জনাৰে ভৰা। যিবোৰ চাফা কৰি এজন প্ৰকৃত মানুহ ৰূপে গঢ় দিয়াটো মোৰ বাবে অসম্ভৱ।
সফলতাৰ হাঁহিটো মাৰি তেওঁ আকৌ ক'লে
- মোৰ বিশ্বাস আছিল মাজনী। তই এদিন বুজি পাবি। আচলতে তহঁতি নিজকে যিমান ডাঙৰ হ'লো বুলি ভাব, আমি কিন্তু কেতিয়াও ডাঙৰ হোৱা বুলি নাভাবো।  তহঁতক আমিবোৰে এজন সাহসী মানুহ বুলি স্বাধীনতা দিলেও পাছে পাছে সদায়ে চকু ফুৰাই যাওঁ  তহঁতৰ কৰ্মৰ ওপৰত। তোক আগতেই কৈছিলো 'অচিন কাঠৰ ঠোৰা নলগাবা' বোলা কথাষাৰ। মাথো বেছি জোৰ দিয়া নাছিলো যাতে তই মানুহ চিনি পাৱ। চা মাজনী, কোনো মাক-দেউতাকেই নিজৰ সন্তানৰ অহিত চিন্তা নকৰে। আমিও নিবিছাৰো কেতিয়াও তোৰ নাইবা বায়েৰহতঁৰ বেয়া হোৱাটো। যিয়েই নহওঁক অৱশেষত মানুহ চিনি পালি  যেতিয়া এতিয়াৰপৰা আৰু ভাৱি চিন্তি খোজ দিবি। এইয়া জীৱনৰ এটা সামান্য প্ৰত্যাহ্বানহে মাথো! ইয়াতকৈ বহুত ডাঙৰ ডাঙৰ প্ৰত্যাহ্বান অতিক্ৰম কৰিহে এটা জীৱন সফল হয়। আমাৰ আৰ্শীবাদ সদায় আছে তহঁতৰ ওপৰত মাত্ৰ মনত ৰাখিবি অসৎ আৰু আন্ধাৰ পথেৰে গ'লে কোনোদিনে গন্তব্য স্থান নাপাবিগৈ। দেউতাকৰ কথাবোৰ শুনি কবিতাই যেন হেৰুৱা বিবেক ঘূৰাই পালে। আজি চাৰিটা বছৰে অনুৰাগৰ প্ৰেমত ডুবি এনে এজন আদৰ্শৱান দেউতাকৰো বিৰোধীতা কৰি আহিছিল মানে...? কথাবোৰে তাইৰ দুচকুৰ ভেটা ভাঙি আনিলে। কাষতে থকা বেতৰ চকীখনত লেবেজান হৈ বহি পৰিল কবিতা; দুগালত দুধাৰি মালা। দেউতাকেও অনুভৱ কৰিলে যে এই মুহুৰ্তত কবিতাক শান্তনা নহয় অলপ নিৰৱতাৰ হে প্ৰয়োজন। সেয়ে তেৱো আদৰ্শ পুৰুষৰ মিঠা হাঁহিটো মনতে সামৰি আঁতৰি আহিল নিজৰ কামলৈ।
লিখকৰ ঠিকনা-
✍কাব্যশ্ৰী হাজৰিকা
গোলাঘাট, ফৰকাটিং

No comments:

Post a Comment