মনালিছা শইকীয়াৰ গল্প "নৈপৰীয়াৰ জীৱন" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মনালিছা শইকীয়াৰ গল্প "নৈপৰীয়াৰ জীৱন"

 
হুদিনৰ আগতে গাঁও খনলৈ গৈছিলো বিশেষ এখনি সভাৰ কামত। ফাগুণৰ ৰিব ৰিব মলয়া বলা আবেলিটোত গাঁওবাসীয়ে আমাক নামঘৰতে বহুৱাই পাৰ্যমানে সেৱা শুশ্ৰুষা কৰিছিল। অভিভূত হৈছিলো। দূৰে দূৰে থকা ঘৰবোৰৰ এই ভাগো ভাগো হৈ থকা বেৰ চালবোৰে, আধাভগা পিৰালীবোৰে, সেমেকা মজিয়াবোৰে আৰু ধূলিময় চোতালবোৰে আমাক কাতৰ কৰিছিল। সেই অঞ্চলৰ মানুহৰ বানপানীৰ সৈতে হোৱা সহবাসৰ কথায়ো আমাৰ চকুলো বোৱাইছিল। চিনাকী অচিনাকী অনেকজনে নিজৰ নিজৰ ঘৰবোৰলৈ আঙূলিয়াই কৈছিল দুখ দূৰ্দ্দশাৰ অনেক জীয়া কাহিনী। আচলতে তেওঁলোকৰ বাবে মথাউৰিটোৱেই হৈছে জীৱনৰ অনন্য সম্পদ। প্ৰয়োজনীয় দুটামান লাম লাকটুৰ লগতে খৰালি হোৱা পাচলিৰে ঘৰবোৰৰ বাঁহৰ চাংখন ভৰি পৰিছিল। প্ৰাপ্তিৰ প্ৰাণময় স্বাচ্চন্দৰে ভৰি থকা ঘৰখনতেই তেওঁলোকে পাইছিল জীৱনৰ অময়া সুখ। মথাউৰিটোৰ দুয়োপাৰ ঢাকি ফুলি থকা বিস্তীৰ্ণ সৰিয়হ খেতিবোৰৰ হালধীয়া ফুলবোৰে বাৰে বাৰে আমাৰ চকু আৰু মনক সভাৰপৰা আঁতৰাই নিছিল। ভাৱ হৈছিল এই যেন দৌৰি গুছি যাম তাৰ মাজলৈ! হালধীয়াৰ সেই পৃথিৱীখন আজিও প্ৰিয় সিদিনাৰদৰেই। হিয়ালি জিয়ালিকৈ ফুলি থকা সৰিয়হৰ ফুলবোৰ, গুণগুণাই উৰি থকা মৌমাখিবোৰৰ জীয়া ছবিখন আজিও জী আছে বুকুৰ অটলত। গাওঁবাসীয়ে আশাৰ সপোনবোৰ , ভৰষাৰ ভেটিটো সাৱতি জীয়া নৈৰ পাৰত আজিও বাহৰ পাতি আছে। বাৰিষাৰ বানে বাৰে বাৰে তেওঁলোকৰ সপোন উটুৱাই নিছে। ভৰা বাৰীখন, সাজি লোৱা ঘৰখন, মচি কাচি নিমজ কৰা মজিয়াখন বাৰে বাৰে বোকা আৰু পলসেৰে বুৰাই পেলাইছে, ভাঙি পেলাইছে। তথাপি তেওঁলোকে বাৰীখন, ঘৰখন আকৌ পাতিছে। জীৱনৰ জয়গান গাইছে।
                     আজি আকৌ গ'লো সেই গাঁওখনলৈ। মহকুমা কবি সন্মিলনৰহৈ বান সাহায্য দিবলৈ। শ্ৰদ্ধাৰ নিজৰা বৰঠাকুৰ, কল্পনা চেতিয়া, অমৰ শৰ্মা, দীপক মহন্ত, লখিমী মহন্ত, অজন্তা তালুকদাৰ আদিৰ সৈতে গৈ গাঁওবাসীক সহৃদয়তাৰে আমাৰ তৰফৰপৰা অকণমান সাহায্য দিলোগৈ। সেই তাহানিতে সভা পাতিবলৈ গৈ আমি বহা নামঘৰটোৰ পকী বেৰৰ ওপৰ অংশলৈকে পানীয়ে চোৱাৰ চিন সুস্পষ্ট। মেটেকা গেলাৰ গোন্ধটো আহি নাকত সোমালহি। বাৰী ঘৰবোৰলৈটো চাবই নোৱাৰি। পানীয়ে সংহাৰ কৰি গ'ল সকলো। আৰু সেই হালধীয়া ফুলৰ মথাউৰিটো! দুয়োপাৰ ঢাকি এতিয়া কেৱল পানী আৰু পানী। তাৰেই ওপৰ অংশত গাঁওবাসীৰ নকৈ সাজি লোৱা টিনৰ চালিবোৰ। য'ত মানুহ আৰু ঘৰচীয়া জীৱজন্তুবোৰে একেলগে কালযাপন কৰিছে। গাঁওবাসীয়ে পুনৰ থানথিত লগাই ঘৰখন বাসোপযোগী কৰিব। ঘৰখন ঘৰ হোৱালৈ বহুদিন ৰ'ব লাগিব। তেতিয়ালৈ মথাউৰিটো পানী শুকাই চিকুণ হ'ব। হালধীয়া ফুলৰ সৰিয়হডৰাই  আমাক পুনৰ হাতবাউল দিব......... (যোগনীয়া, মৰিয়াহোলা, নিকৰি আদি ঠাইৰ বানপীড়িত লোকৰ দুখ দুৰ্দ্দশা দেখি বৰ বেয়া লাগিল অ')

No comments:

Post a Comment