আদি শ্ৰীৰ কবিতা " স্বগতোক্তি " - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

আদি শ্ৰীৰ কবিতা " স্বগতোক্তি "

✍আদি শ্ৰী
কেতিয়াবা একোটা খবৰে
মনৰ পৰা দেহৰ বাট পথ বিছিন্ন কৰে
যেতিয়া
মুহুৰ্তৰ ভিতৰতে বিয়পি পৰে
মানুহে মানুহ মৰা খবৰ !
কিহৰ আশাত
ভাল দিনবোৰক আথে বেথে
হত্যা কৰা হৈছে !
দিনৰ পোহৰ নাইবা ৰাতিৰ আন্ধাৰত
বাট একোটা ভেটি
চৌপাশৰ যোগাযোগ বিছিন্ন কৰা হৈছে
কিহৰ আশাত ?
কিয়
নিৰ্লজভাৱে নিহত সকলৰ মায়াত শোকাতুৰ
কিছুমান কণ্ঠধাৰী মেহনতী মানুহ !
যোৱা কেউটা দিনত
মৃত্যুৰ অহমিকা ভাঙি যিসকল গ'ল
তেওঁলোক আছিল
সত্য আৰু প্ৰেমৰ নীৰৱ শ্ৰোতা ! 
নামবিহীন তেজৰ নদীত এটা সন্ধ্যা কৰুণ কৰা
সেইসকলৰ ইচ্ছা
কাহানিও উচ্ছ্বসিত হৈ উঠা নাছিল
আত্মীয়-স্বজনৰ বাবে এটা উচুপি উঠা নিশা উপহাৰ দিবলৈ !
আহিব লগা দিনবোৰত
মই নিবিচাৰোঁ
আশাহত জাতি এটাই অকলশৰে দূৰণিলৈ চাই থাকক হাতত তুলি অৰ্ধনমিত শোকৰ পতাকা !
মানুহৰ পোৰা মাংসৰ গোন্ধত
মই বিচাৰি নাপাওঁ
তোমালোকে প্ৰচাৰ কৰা স্বাভাৱিক দিন ৰাতি !
এনেকৈ মই
কোনো এটা দিনকেই
নিজৰ দিন বুলি কব নোৱাৰিম
কাৰণ
প্ৰতিটো দিনতেই হেৰুৱাম
মোৰ ভাইসকলক !
মোৰেই ভাইসকলৰ আজন্ম ঘৃণাৰ মুখৰ অৱয়বত ।।
সকলো মানুহ সকলোৰে চিনাকি নহয়
চিনাকি কেৱল  পোছাক-পৰিচ্ছদ
গোমস্তাৰ দৰে নিয়োজিত একোটা পদবী !
একোটা অধ্যায়ত বন্দী সেয়ে
দিন আৰু ৰাতিক তোলপাৰ কৰা একোটা হত্যাকাণ্ড!
মই সেয়ে তোমালোকক কওঁ
কণ্ঠ বোৰ শাণিত কৰা
নহ'লে
আকৌ হেৰুৱাম বহুকেইখন
চিনাকি-অচিনাকি মুখ !
আমি নহওঁ অন্যজাতৰ জীৱ
আমি বছৰি বানত জুৰুলা হওঁ
বছৰি হাতীৰ খেদা খাওঁ
বছৰি একোটা ভূঁইকপৰ উত্তেজনা অনুভৱ কৰোঁ,,
বছৰি নিন্দা আৰু ষড়যন্ত্ৰ  নোহোৱা কৰাৰ কথা কওঁ !!
শেষান্তৰত
আমি কণ্ঠবোৰ শাণিত কৰোঁ আহা
দলিয়াই পেলাওঁ
হাজাৰ বছৰীয়া যাদুকৰৰ লাওখোলাৰ মন্ত্ৰ !
সন্ধিয়াৰ উৰুলিত সময় জোখা চেঁচা ঘড়ীৰ কাঁটাত খুঁচ খাই
সোঁৱৰণি হৈ নপৰক কোনো
তেজাল ভাই-ভনী !!
ন্যায় বিচৰাৰ পৰিণতিত লণ্ডভণ্ড নহওক কোনো আৰক্ষী চকী !
যিদৰে মোৰ কবিয়ে কয়
আৰম্ভণিৰো আৰম্ভণি আছে
সেইদৰেই আৰম্ভ হওক
ভাল দিনবোৰৰ
উপচি থাকক
শব্দৰ ইটা গঁথা একোখন গাঁও
লৰা ছোৱালীৰ ভাললগা এখন চোতাল
সৰলচিতীয়া জনজাতীয় গাভৰুৰ হাঁহিত মুখৰিত হওক
ডেকাবোৰৰ নতুনকৈ এখন সমাজ গঢ়াৰ উছাহ !
আৰু
মনবোৰ
ভালপোৱাৰ ঢৌৰে
ভৰ্তি একোটা ফুলকটা কলহ !!
********†******

No comments:

Post a Comment