সুৰজিতৰ কবিতা "আয়ুসৰেখা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সুৰজিতৰ কবিতা "আয়ুসৰেখা"

ঞ্জিত,
ইপাৰ আৰু সিপাৰ !
বুভূক্ষাৰে ক্ষ্ণায়িত দুয়োপাৰ
আজি বিড়াল তপস্বীৰেহে উভৈনদী হ'ল ;
নৈখন,
হয় ! আয়ুস ৰেখা;
ব্ৰহ্মপুত্ৰৰ কথাকে কৈছো;
অসমীয়াৰ একমাত্র ত্ৰাণকৰ্তা  ব্ৰহ্মপুত্ৰ ;
উন্মুক্ত
বলুকাত মুখ গুজি,
টুকিছে চকুলো ধাৰাসাৰে,
অাজি অবিৰত অনাদি পণ্থক ব্ৰহ্মপুত্ৰই !
কি কব !
বিষাদৰ চাকনৈয়াত
সমুলাঞ্চে লুতুৰি পুতুৰি হৈ
নিৰলস গতিৰে বৈছে মাথো বৈছে ;
ঘাটত
তেল ধৰা ঢৌবোৰে
ফেনে ফুটুকাৰে আহি বাৰে বাৰে
উভতি গৈছে উপত্যকা বিচাৰি নেপাই;
গভীৰতা,
গুচি অগভীৰ হ'ল;
সুঠাম দেহটোও নোদোকা হ'ল;
কেউপাশে নিঘিনি পখীৰ মাথো গুমগুমণি ;
বুকুখনে
বহ্নিমান জলধাৰাত
বাৰে বাৰে ঢপ্ ঢপাই উঠে,
ৰঙীন হৃদয়বোৰৰ মিছা মৰমবোৰ দেখি!
অব্যক্ত
বুকুৰ বেদনা আজি
কেনেকেনো আওৰাব কাক?
নদীখনত শিহুবোৰো নোহোৱাই হ'ল ;
উচ্ছিষ্ট
আৰু আবৰ্জনাই
দিনে নিশাই পাতিছে জলসা;
কিন্তু অবিৰত বহ্নিমান জীৱন দায়িনী ;
প্ৰচন্দ
চাপ আৰু প্ৰতি বন্ধক,
সৰ্পিল গতিক প্ৰতিৰোধ ঘনাই,
যেন কিহবাৰ সৈতে প্ৰতিযোগিতাত ব্রত;
তাহানিৰ
সেই মৰম আকোলতা
আজি পিছে হ'ল সংকুচিতা;
ব্ৰহ্মপুত্ৰ আজি মাথো মানুহৰ অৱহেলিতা;
তথাপিও,
এয়া অসমীয়াৰ আশীর্বাদ;
অসমীয়াই যদি নকৰে সমাদৰ,
হু! জর্জৰ ব্রহ্মপুত্র অসমীয়াৰ আয়ুস ৰেখা??
          ========
সুৰজিত
১৮-০৬-২০১৯
গোলাঘাট।

No comments:

Post a Comment