পৰিমিতা গোস্বামীৰ ধাৰাবাহিক গল্প "গতিৰ যতি - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পৰিমিতা গোস্বামীৰ ধাৰাবাহিক গল্প "গতিৰ যতি

       খণ্ড -- (১)

        স্তাচলত সূৰুযৰ হেঙুলী কিৰণ ছটিয়াই গহীন অৰণ্যখনৰ সিটো পাৰে সূৰুযটো ধাবমান হোৱাৰ পৰ।
জাক জাক ঘৰমূৱা পক্ষীৰ কলৰব। শাওণৰ আকাশ মাজে-মাজে অ'ত-ত'ত চমকা- চমক ডাৱৰৰ আৱেশ ।তাৰ মাজতে জোনবাই জনীয়ে কাষে কাষে দুটা এটা তৰালৈ দেখ-নেদেখকৈ ভুমুকিয়াইছে।আসন্ন তিমিৰৰ ৰেখা টানি চোতালৰ বন প্ৰায় নেদেখা হৈছে।বাৰাণ্ডাৰ কাষৰ চকীখনত বহি বৰুৱাই অনাবিল ভাবত বিভোৰ হৈ আছে।চকুয়ে- মুখে এক উদাস উদাস ভাবৰ প্ৰকাশ ঘটিছে।
        আজিয়েই নহয় সন্ধিয়াৰ এই সময়ছোৱা নিৱিড় বৰুৱা সদায় আগফালৰ বাৰাণ্ডাৰ এই চকীখনতে বহি সময় কটায়। মবাইল ফোনটো হাততলৈ বাতৰি শুনে , কেতিয়াবা ন- পুৰণি হিন্দী হওক অসমীয়াই হওক গান শুনি একান্তই ব্যক্তিগত সময়কণ কটায়।মাজে-মাজে পত্নী নিজৰা আহি কাষতে বহি দুই এটা ঘৰুৱা কথাৰ আলোচনা কৰে। বৰ বিশেষ একো নহয় । দিনটোত কোন কোন আহিছিল, ভিতৰৰ বয় বস্তু কি কি আনিব লগীয়া হৈছে , ল'ৰা ছোৱালীয়ে ফোন কৰি কি কি কৈছে ।এই ধৰণৰ দুই এটা কথা পাতি ওচৰতে বহেহি।আকৌ ভাত ৰন্ধাৰ অজুহাতত বৰুৱাৰ কাষৰ পৰা আঁতৰি যায়। আজিও নিজৰা ভিতৰৰ পৰা বাৰে বাৰে ওলাই আহিছে যদিও একো কথা পতা নাই বা আনকালৰ দৰে ওচৰত বহা নাই ।কেৱল মাজে মাজে আহি বৰুৱাক নিৰীক্ষণ কৰি আছে।
        আজিৰ দিনটো বৰুৱা আৰু বৰুৱা পৰিয়ালৰ বাবে অলপ সুকীয়া। দুখৰ দিন ন'হলেও সুখৰো নহয় । আজি পঁইত্রিশটা বছৰে বৰুৱাক কেন্দ্ৰ কৰি বৰুৱাৰ পৰিয়াল এক নিৰ্দিষ্ট গতিত নিৰ্দিষ্ট কক্ষপথত ঘূৰি আছে। আজিৰ পৰা যেন সেই গতিৰ যতি পৰিছে।এনে ভাব হৈছে বৰুৱা আৰু বৰুৱাৰ পত্নীৰ। আহিব লগীয়া দিনবোৰত কোনো কামতেই যেন নিৰ্ধাৰিত সময় নাথাকিব । কৰিব লগাটো কৰিলেই হ'ব। দিনটোত ভোক গুচিবৰ বাবে কোনোবা এটা সময়ত কিবা এটা খালেই হ'ব। এনে কিছুমান ভাবে তেওঁলোক দুয়োজনৰে মনত অগা-ডেৱা কৰি আছে ।
                           (আগলৈ)

No comments:

Post a Comment