পৰিণীতা কলিতাৰ কবিতা "যাতনাৰ অন্য এক নাম আই" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পৰিণীতা কলিতাৰ কবিতা "যাতনাৰ অন্য এক নাম আই"

পোহৰজাক চপাবৰ হ'ল
খন্তেক পিচতে কঁপি উঠিব পাৰে
আইৰ গৰ্ভ ৷
পোহৰজাক কামনা নকৰিবা
বুকু কোঁচ খাব পাৰে,
হয়তো গুলিৰে
গজালবিদ্ধ হ'ব পাৰে
আইৰ শৰীৰ ৷
পিছ দুৱাৰৰ আকাশক
পিঠিত বান্ধি,
হয়তো গৰ্ভৱতী হ'ব পাৰে
শিপা হেৰুওৱা আইৰ পথাৰ ৷
পৰিণীতা কলিতা
টিহু,নলবাৰী
ফোন: ৯১২৭৫৬৪১২৪

No comments:

Post a Comment