বোকাখাতত দুটা মহৎ কাৰ্যৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ। শীঘ্ৰেই জিলিকি উঠিব ২ জাতীয় ছহীদৰ  প্ৰতিমূৰ্তি । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বোকাখাতত দুটা মহৎ কাৰ্যৰ আধাৰশিলা স্থাপন মন্ত্ৰী অতুল বৰাৰ। শীঘ্ৰেই জিলিকি উঠিব ২ জাতীয় ছহীদৰ  প্ৰতিমূৰ্তি ।

  শীঘ্ৰেই জিলিকি উঠিব ২ জাতীয় ছহীদৰ  প্ৰতিমূৰ্তিৰ লগতে আইদেউ সন্দিকৈৰ প্ৰতিমূৰ্তি ৷ শণিবাৰে ছহীদদ্বয় কমলা মিৰি আৰু বেজা বৈষ্ণৱৰ লগতে আইদেউ সন্দিকৈৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে কেবিনেট মন্ত্ৰী অতুল বৰাই ৷ গড়কাপ্তানী বিভাগৰ আৱৰ্ত ভৱনৰ কাষত থকা ছহীদ কমলামিৰি উদ্যানত স্থাপিত হ'ব প্ৰতিমূৰ্তি কেইটা ৷ লগতে মন্ত্ৰীজনে আমাৰ দোকান আঁচনিৰো মুকলি কৰে ৷ অনুষ্ঠানত গোলাঘাট জিলাৰ উপায়ুক্তৰ লগতে বোকাখাতৰ মহকুমাধিপতিও উপস্থিত থাকে  ৷ শণিবাৰেই মন্ত্ৰীজনে অত্যাধুনিক বোকাখাত ষ্টেডিয়ামৰ আধাৰশিলাও স্থাপন কৰে ৷ সংহত ক্ৰীড়া প্ৰকল্পৰ অধীনত ৭৪ কোটি টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ হব ৷ প্ৰথম পৰ্যায়ত ১০ কোটি টকাৰে কাম আৰম্ভ কৰাৰ বাবে আজি আনুষ্ঠানিক  ভাৱে এই কথা ঘোষণা কৰে  ৷ অনুষ্ঠানত অসম ক্ৰিকেট সন্থাৰ উপসভাপতি পৰিক্ষিত দত্ত, গোলাঘাট জিলা ক্ৰিয়া বিষয়া আৰু বহুকেইজন বিশিষ্ট ব্যক্তি  উপস্থিত থাকে ।
বোকাখাতত
পপী শইকীয়া
বোকাখাত

No comments:

Post a Comment