ৰিয়া হাজৰিকাৰ গল্প "মৌনতাৰ ভাষা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰিয়া হাজৰিকাৰ গল্প "মৌনতাৰ ভাষা"

    একেৰাহে কেইবাবাৰো ফোনটো বাজি থকাৰ স্বত্বেও শিখাই ফোনটো তুলি ধৰা নাই। এটা অচিনাকী নম্বৰ; কিয়জানো এই অচিনাকী নম্বৰৰ ফোনটো ৰিচিভ কৰিবলৈ বাৰে বাৰে মানা কৰি আছে তাই মনটোৱে। "বা, ফোনটো বাজি আছে শুনা নাই নেকী"   
-ভণ্টিৰ মাতত অকনমান উচপ খাই উঠিলো।  তাইৰ কোৱা বাবেই অনিচ্ছা স্বত্বেও ফোনটো ৰিচিভ কৰিলো। যিহেতু তাইৰ আগত প্ৰকাশ কৰিব নোৱাৰো মোৰ মানসিক দুৰ্বলতা।
- হেল্ল' কোনে ক'লে ?
- মই অনুৰাগে কৈছোঁ, কি হ'ল একেবাৰে খা-খবৰ নোহোৱা হ'ল যে ৷ দিনৰ দিনটো অনলাইন থকা ছোৱালীজনিক আজিকালি অনলাইনতো লগ নোপোৱা হ'লো।
- অনুৰাগ ?
- হয়, আচলতে তোমাৰ কাব্যিক মনে দিয়া নামটো...। তুমি যে মোক কেন্দ্ৰ কৰি লিখা প্ৰতিটো গল্প কবিতাত মই বুজি নাপাবলৈ বুলিয়েই লিখি গৈছিলা এই কাল্পনিক নামটোৰে। মই কি বুজি নাপাওঁ বুলি ভাৱা শিখা?
-চাওঁক মোৰ চুপতি মাৰি কথা পাতিবলৈ একেবাৰে ইচ্ছা নাই। কাক বিচাৰি আৰু কিয় ফোন কৰিছিল সেইটো কওঁক।
ফোনৰ সিটো মূৰৰপৰা ভাঁহি অহা মাতটো তাইৰ চিনি পাইছিল যদিও অচিনাকীৰ দৰে অভিনয় কৰি আঁতৰি আহিছিল ভনীয়েকৰ কাষৰপৰা।
-মিছ শিখা আপোনাৰ কবিতাত অনুৰাগৰ মৃত্যু হ'ল বুলিয়েই ধৰি নল'ব যে সচাঁ অৰ্থত অনুৰাগৰ চৰিত্ৰ লোৱা মূল নায়কজনো মৰি গৈছে। এই জীৱনটো বৰ লিকটীয়া বুজিছে; মৰো বুলিও মৰিব নোৱাৰো আৰু জীয়াই থাকিলেও আনৰ অশান্তি। অ ৱ শ্যে এতিয়া আগতকৈ অলপ সলনি হ'লো। মায়া অ', সকলো মায়া ।
- আপোনাৰ নম্বৰ ডায়েল কৰাত  ভুল হৈছে নেকী ?
-নাই... একেবাৰেই নাইহোৱা, তুমিয়েই মোৰ সেই সপোনৰ প্ৰিয়াজনি; যাক মই কেতিয়াও পাহৰিব নোৱাৰা। মোৰ মোবাইলৰপৰা  আজিও মচি পেলোৱা নাই  তোমাৰ নম্বৰ ৷ প্লিজ অচিনাকীৰ অভিনয় নকৰিবা শিখা ৷
          কি কৰিব এতিয়া তাই ৷  বুকুখন চিৰিঙকৈ উঠিল। উশাহবোৰো ঘন হৈ আহিছে৷ ইফালে-সিফালে চালে জানোছা ভনীয়েকৰ লগতে ঘৰৰ আন কোনোবাই শুনে তাইৰ কথাবোৰ ৷
           আজিৰ পৰা ছমাহৰ আগলৈকে তেওঁ তেনেই চিনাকী  আছিল তাইৰ বাবে। পাছ বছৰ প্ৰেমৰ সম্পৰ্কত বান্ধ খাই আছিল দুয়ো-দুয়োৰে লগত। অৱশ্যে দুয়োখন ঘৰৰ মানুহেও জানিছিল তেওঁলোকৰ এই সম্পৰ্কটোৰ কথা। ঘৰৰপৰা কথাও আগবাঢ়িছিল কিছু পৰিমানে। পিছে, বিধিয়ে দিলেও হেনো বিধাতাই নিদিয়ে!ছমাহৰ আগতেই ভাঙি চুৰমাৰ হৈ পৰিছিল সকলো সপোন।
এইয়া তাইৰ কপাঁলৰে লিখন নে তাইৰ ওপৰত কৰা অন্যায় বুজি নাপালে নিজেও।
-হেল্ল', হেল্ল' শিখা কি হ'ল নামাতা হ'লাযে?
- হুম...কোৱা।
- চোৱা, এতিয়াও তুমি আৰু অচিনাকীৰ অভিনয় নকৰিবা। তোমাৰ মুখত মিছা কথাই শোভা নাপায় শিখা।
       প্ৰকাশ নকৰিলেও শিখাই মনৰ ভিতৰতে কৈ উঠিল -বুজি পোৱাত পলম কৰিলা তুমি,  বহুত  বহুত পলম হ'ল তোমাৰ প্ৰিয়তম।
- আৰে শিখা কিবা এটাটো কোৱা।
- কি ক'ম মই, তোমাক ক'ব পৰাকৈ আছেনো কি? তথাপিও কৈছো শুনা ঘৰত মোৰ বিয়া ঠিক কৰিছে।
-কি...কি কৈছা এইবোৰ শিখা,  পাহৰি  নাযাবা তুমি মোক  দিয়া প্ৰতিশ্ৰুতিবোৰ।
- মনত ৰাখিনো কৰিম কি?
- তুমি অবিহনে মই আৰু মোৰ অবিহনে তুমি অসম্পূৰ্ণ শিখা।
-...
-শিখা
- নিজৰ মাজতে নিজে সুখী হ'বলৈ শিকা অনুৰাগ। পৃথিৱীৰ প্ৰায়বোৰ ভুলৰে ক্ষমা আছে যদিও কিছুমান ভুলৰ ক্ষমা নাথাকে। গতিকে ভুল কৰিলাই যেতিয়া সেই ভুলৰ শাস্তি তুমি গ্ৰহন কৰিবই লাগিব।
- শিখা ?
- মানুহৰ সৰলতাৰ সুযোগ ভালদৰেই ল'ব জানা তোমালোকে।
- শিখা তুমি এতিয়াও... ?
- ভুল বুজি থকা নাই তোমাক। কিন্তু অনুৰোধ কৰো আৰু এনে ভুল নকৰিবা দ্বিতীয়বাৰলৈ। দুৰ্বল দেখিলেই গিলি থব নাযাবা আনক, হয়তো কেতিয়াবা আহিব পাৰে ভয়ানক বিপদ। আৰু শুনা দেশকাল সলনি হ'ল পাৰিলে মানসিকতা সলনি কৰিবা। নাৰীৰ  মানেই কেৱল দুৰ্বল নহয়। কথাষাৰ মনত ৰাখিবা।
- মই অধৈৰ্য্য হৈ পৰিছো শিখা।
- মোক ক্ষমা কৰিবা অনুৰাগ, মই এতিয়া আনৰ হ'বলগীয়া পত্নী গতিকে তোমাৰ ধৈৰ্য্য ঘূৰাই অনাৰ প্ৰয়াস কৰিবও নোখোজো। কাৰণ  তোমাৰ দৰে মইও  বিশ্বাসঘাটক হ'ব নোৱাৰো। আৰু শুনা তোমাৰ-মোৰ মাজত এইটোৱো এটা ডাঙৰ প্ৰাৰ্থক্য।
- কিন্তু !
- কোনো কিন্তু নাই, ফোন যিহেতু তুমিয়েই কৰিছা গতিকে তোমাৰ ফালৰপৰাই কাটি দিলে ভাল।
           তেওঁ ফোনটো কাটিব নুখুজিলে আৰু শিখাইও কথা পাতিব নিবিচাৰে । এনেকৈয়ে বহুত সময় পাৰ হৈ যায়। তেওঁলোকৰ এই কথোপকথন শুনা নাছিল যদিও তাইৰ চঞ্চলতাবোৰ কিন্তু ভনীয়েকে আঁতৰৰপৰা লক্ষ্য কৰি আছিল। গতিকে কেনেকৈনো থাকে নোসোধাকৈ
- বা, কি হৈছে তোৰ? কিয় এনেকোৱা কৰিছ? এনেও কথা কমকৈ পতা, লাজকুৰীয়া আৰু ভাবুক মনৰ ছোৱালীজনীয়ে কেনেকৈনো ক'ব তাইৰ মানসিক অৱস্থাৰ কথা। ইতিমধ্যে ফোনৰ সিটোমূৰৰপৰা কিবা কৈছিল যদিও তাইৰ কান নিদি নিজেই  ফোনৰ সংযোগ বিচিন্ন কৰি দিলে। আৰু ভনীয়েকৰ প্ৰশ্নৰ উত্তৰত একোহোৱা নাই বুলি কৈয়ে তাইৰপৰা পুনৰ আঁতৰি আহিল। তাইৰ অবাধ্য হৃদয়খনে প্ৰকাশ নকৰাকৈয়ে কৈ উঠিল-
- মোক ক্ষমা কৰি দিবা অনুৰাগ, তোমাৰপৰা আঁতৰি মইও বৰ কষ্ট পাইছো। অনবৰতে দুটি ওঁঠে চেপি ৰাখিছো দুখৰ বৰষুণজাক। নাজানো এইয়া মোৰ কঁপালৰ দুখ নে মোৰ ওপৰত  কৰা চৰম অন্যায়। মাথো ভগৱানৰ ওচৰত এটাই বিশ্বাস দুখীজনক শাস্তি দি নি: দুখীজনক  সহায় কৰিবই তেওঁ। কিন্তু প্ৰাৰ্থনা কৰো যাতে অনুশোচনাতকৈ ডাঙৰ শাস্তি নিদিয়ে কেতিয়াও , কাকো।।

No comments:

Post a Comment