পম্পী গগৈৰ কবিতা "পাবত গজা কথাবোৰ" - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

পম্পী গগৈৰ কবিতা "পাবত গজা কথাবোৰ"

মই যুঁজিম
এজাক ধুমুহাৰ সৈতে
কিয় বাৰু সিহঁতে কাঢ়ি নিব খোজে
মোৰ বুকুত
আলফুলে সজাই ৰখা
সপোনৰ কোঠালিটো !
সেই ঠাইত তুমি খোজ নিদিবা
শেলাই পৰিছে
সেউজিয়াবোৰো শুকাব লাগিছে !
উদং উদং চৌপাশ
মই ভাবো
সেই পাবত গজা কথাবোৰ -
    তোমাৰ সপোনত মই
       মোৰ সপোনত তুমি
দুচকু মেলিলেই মৰুভূমি !

No comments:

Post a comment