ৰাশ্বেলৰ কবিতা "মাছ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰাশ্বেলৰ কবিতা "মাছ"

মাছ এটাই কিমান সপোন আঁকিব পাৰে চকুত
নিমাওমাও উশাহৰে যুঁজি থকা
এশটকীয়া  নোটটো
গামোচাৰ ভাজতে চখিন দেখিছিল !
এটা নিমখীয়া বাস্তৱেৰে নিৰ্মল ৰাভাই
ঠোঙাত সপোন ভৰাই লৈ যায়
ক'লৈ যাবলৈ ৰৈ আছিলোঁ ?
বাছৰ বাবে নে ৰে'লৰ ?
মনত নাই !
কিন্তু মনত আছে
শৰীৰৰেই শত্ৰু হোৱা  মানুহজনে
জগিঙৰ শেষত
দুটা দেশী মূৰ্গী
৩০মিনিট পূৰ্বে জিঞ্জিৰামত সাঁতোৰকটা
দুটা চিতল্ হাতত লৈ
বুঢ়া গাৰো এজনক সুধিলে--
আচ্ছু ,
হাগ্ৰাহৰ নেকি ?
সাৰ নিদিয়া পিওৰ হ'লে
এক মুঠা  দিয়ক ।
কিয় গৈছিলোঁ মনত নাই
মনত আছে--
বেলিটো মূৰৰ ওপৰলৈ অাহোতে
হোটেলখনলৈ গৈছিলোঁ
কেৰ্ কেৰ্ কৈ আহি ৰিক্সাখনে আউজিল
দহটকীয়া ভিজা নোটখনলে চাই
মানুহজনেএটা পুৰি ঘূৰাই দিলে
নিমখীয়া নোটখন চাই মনত পৰিল
মাছটোলৈ
লগে লগে পৰিমল ৰাভাৰ সপোনটোকে কিনিলোঁ
ৰাতি ভাত খাবলৈ বহোঁতে
কাম কৰা ছোৱালীজনীয়ে ক'লে--
ছাৰ ,সপোনটো মৃত আছিল
--কি কৈছা ?
--ছাৰ সপোনটো পচা আছিল
মোৰ নিৰ্মল ৰাভাৰ নিমখীয়া নোটখনলৈ মনত পৰিল !
বি:দ্ৰ:(গাৰো ভাষাত হাগ্ৰাহ>জুমখেতি //আচ্ছু>আতা,কাকাদেউতা )

No comments:

Post a Comment