নিজৰ বায়েকেই বিক্ৰী কৰিছিল দুৰ্ভগীয়া ভনীয়েকক । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

নিজৰ বায়েকেই বিক্ৰী কৰিছিল দুৰ্ভগীয়া ভনীয়েকক ।

    ম্পূৰ্ণ এমাহ বাৰদিনৰ পাছত ঘৰ আহি পালেহি বোকাখাতৰ  এগৰাকী যুৱতী। সম্পৰ্কীয় বায়েকে ফুচুলাই নি দিল্লীত বিক্ৰী কৰিছিল যুৱতী গৰাকীক। সোমবাৰে পুৱা এজন অচিনাকী যুৱকে ঘৰত থৈ যায়হি অসহায় যুৱতীক।
আৰক্ষীৰ কটকটীয়া নিৰাপত্তাৰ মাজতো দিনক দিনে বৃদ্ধি পাই আহিছে বহি ৰাজ্যলৈ নাৰী সৰবৰাহ কৰা  ঘটনা। বোকাখাতৰ খতিয়াখলিৰ এগৰাকী ১৬ বছৰীয়া যুৱতীক সম্পৰ্কীয় বায়েকে দিল্লীত বিক্ৰী কৰাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। দিল্লীত কামকৰাৰ বাবে চলেৰে নি বিক্ৰী কৰা যুৱতী গৰাকী সোমবাৰে পুৱা এজন অচিনাকী যুৱকৰ সহযোগত পলাই আহি ঘৰ পায়হি। বোকাখাত খতিয়াখলীৰ ৰীতামনী গগৈ নামৰ বিবাহিতত মহিলা গৰাকীয়ে এমাহৰ পূৰ্বে কৌশলেৰে নিজ ভনীয়েকক প্ৰলোভন দি দিল্লীলৈ নি বিক্ৰী কৰিছিল ৷দিল্লীৰ বিভিন্ন স্থানত কাম কৰি যুৱতীগৰাকীয়ে পলাই অহাৰ চেষ্টা কৰিছিল যদিও বিফল হৈছিল।দিল্লীৰ উপৰিও হাৰিয়ানা,তামিলনান্দু,গুজৰাট আদি ঠাইলৈ পঠায়ছিল।
পৰিয়ালৰ লোকে বোকাখাত থানাত এজাহাৰ দাখিলৰ ভিত্তিত .134/366 IPC. কেচ ৰজু কৰি  বোকাখাত আৰক্ষীৰ এটা দলে ১৫ দিনৰ পূৰ্বে যুৱতী গৰাকীক উদ্ধাৰৰ বাবে  দিল্লীলৈ ৰাওনা হৈছিল যদিও বিফল হৈ ঘুৰি আহিছিল। ভুক্তভোগী যুৱতী গৰাকীৰ ভাষ্য মতে মূল অভিযুক্ত ৰীতামনী গগৈয়ে যুৱতীগৰাকীক বহিৰাজ্যৰ এজন যুৱকৰ লগত ধনৰ বিনিময়ত  বিবাহ  পাতি দিছিল। ৰীতামনিৰ কৱলত পৰি এতিয়াও বহুকেইগৰাকী যুৱক যুৱতী বহিৰাজ্যত বন্দী হৈ থাকিবলগা হৈছে। অৱশেষত বিহাৰৰ এজন যুৱকৰ সহায়ত এমাহ বাৰ দিনৰ পাছত পলাই আহি ঘৰ পায়হি। নাৰী সৰবৰাহকাৰী ৰীতামনি গগৈৰ নামৰ মহিলা গৰাকীৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে পৰিয়ালৰ লোক আৰু বোকাখাত মহিলা আয়োগে। বৰ্তমান ৰীতামনি গগৈ দিল্লীৰ কোনো স্থানত আত্মগোপন কৰি আছে।


পপী শইকীয়া

No comments:

Post a Comment