প্ৰাঞ্জল শংকৰৰ গল্প "মন হীৰাৰ প্ৰেম" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

প্ৰাঞ্জল শংকৰৰ গল্প "মন হীৰাৰ প্ৰেম"

     
     মই  মানে মন মেট্ৰিক পাছ কৰি কলেজত এডমিছন ল'লো। প্ৰথম দিনা কলেজ গৈ দেখিলো এজনী ধুনীয়া ছোৱালী । তাইক  মানে হীৰাক দেখি মনটো বহুত ভাল লাগিল ভাবিলো কিবা এটা কৰি তাইৰ লগত বন্ধুত্ব কৰিব লাগিব । ক্লাছত বহিবলৈ গৈ দেখিলো তাইৰ কাষৰ চিটটোহে খালি আছে ।। গতিকে তাতেই গৈ বহিলো আৰু ক্লাছটো শেষ হোৱাত চিনাকী হ'লো । তাৰ পাছত সদায়েই আমি একেলগে বহিবলৈ ল'লো । আমাৰ মাজত এটা ভাল বন্ধুত্বৰ সম্পৰ্কই গঢ় ল'লে ।  লাহে লাহে এই সম্পৰ্ক প্ৰেমৰ সম্পৰ্কলৈ কেনেকৈ সলনি হ'ল গমেই নাপালো।। পৰীক্ষাৰ সময় পালেহি দুয়ো পঢ়াত লাগিলো । পৰীক্ষা শেষ হ'ল আৰু দুয়ো এদিন ফুৰিব গ'লো । ফুৰি আহোতে ৰাতি হ'ল ইফালে বৰষুণ দিব আৰম্ভ কৰিলে । হাবিৰ ওচৰত থকা জুপুৰিটোতে আমি দুয়ো ৰাতিটো জিৰনি ল'লো । সেই ৰাতিটোৱে আমাৰ সম্পৰ্ক আৰু গভীৰতালৈ শিপালে । ফাইনেল ৰিজাল্ট দিলে । দুয়োৰে পঢ়াৰ ঠাই বেলেগ বেলেগ হ'ল । আমাৰ প্ৰেমৰ সম্পৰ্কটো ফাট মেলিবলৈ আৰম্ভ কৰিলে । এদিন খবৰ পালো ডিগ্ৰী শেষ হোৱাৰ পিছতেই তাইৰ বিয়া । মইয়ো ৰৈ নাথাকি তাইৰ ঘৰৰ লগত কথা পাতিলো । তাৰ পাছতেই মই এটা সমস্যাত পৰিলো । সেইটো হ'ল এটা চৰকাৰী চাকৰি । চাকৰি এটা বিছাৰি বহু পৰীক্ষা দিলো , পাছো কৰিলো কিন্তু চাকৰিহে নাপালো । কাৰণ মোৰ ওচৰত তেওঁলোকক দিবৰ বাবে টকা নাছিল । গতিকে চাকৰি পোৱাৰ আশাও এৰিলো । ইফালে তাইৰ বিয়াৰ দিনো ওচৰ চাপিল। মই কি কৰো একো ভাবি পোৱা নাছিলো ।
অৱশেষত চাকৰিও নাপালো আৰু মোৰ প্ৰেমকো নাপাম বুলি ভাবিলো ।
অৱশেষত হীৰাৰ ঘৰৰ মানুহ মান্তি হ'ল আৰু মন হীৰাৰ প্ৰেম সফল হ'ল ।।।।।
✍✍✍ প্ৰাঞ্জল শংকৰ

No comments:

Post a Comment