উত্তম লইংৰ গল্প "প্ৰতাৰণা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

উত্তম লইংৰ গল্প "প্ৰতাৰণা"


"তাৰপিছত……
মই: "তুমি মোক কিমান ভালপোৱা?"
তাই: "নিজতকৈয়ো বেছি যিটো ভাষাৰে ক'ব নোৱাৰিম।জংকীয়ে পানৈক ভালপোৱাৰ দৰে,জুলিয়েটে ৰুমিওক ভালপোৱাৰ দৰে।"
মই: "তুমি মোৰ মই তোমাৰ?"
তাই: "তুমি বিহীন জীৱন মোৰ অসম্ভৱ,তোমাৰ দুখত দুখী সুখতো সুখী আৰু জীৱনৰ অনেক মালিতা…।মোৰ আধৰুৱা জীৱনৰ পূৰ্ণতাৰ ছাঁয়া।"
মই: তেনহ'লে "আমাৰ এখন সপোনৰ ঘৰ হ'ব"?
তাই: "সপোনবোৰ লহপহকৈ বাঢ়িব,সপোনবোৰে আশাৰ বীজ সিঁচিব আৰু আশাবোৰে বিৰিঙাব হাঁহি"।
বাস্তৱত: অসম্ভৱেই সম্ভৱ হ'ল।মই বিহীন জীৱন সুন্দৰ আৰু সাৰ্থক হ'ল।ভাষাৰে ক'ব নোৱাৰা হ'ল মোক ভাল নোপোৱা কথাটো।তাই জীৱনটো নতুনকৈ সজাইছে,সপোনবোৰো ন কৈ আঁকিছে,ওৰনিৰে ঢাকিছে লাজ, আৰু সেঁউতাত লৈছে নতুন পৰিচয় ।আৰু মই??মই মইতে থাকিলোঁ।সপোনবোৰ আশাৰ বিহ হ'ল,বিহবোৰ চকুপানী হ'ল,চুকলোবোৰ বাৰিষাৰ বান হ'ল,বাৰিষাৰ বানে দৈনিক খহায় মোৰ হৃদয়ৰ চাপৰি।
সঁছাই ভাল পাইছিলোঁ তাইক,পাতিছিলোঁ অহনিৰ্শে অনৰ্গল অনেক কথা,দেখিছিলোঁ অনেক সপোন,দিন দুপৰতো……
আজি যেন সেয়া মূল্যহীন জীৱনৰ গাথা।
কথাখিনি কৈ আবেগিক হৈ পৰা দেখি স্বপ্নাই নীলাভক ক'লে-"বুজিলোঁ নীল।(স্বপ্নাই নীলাভক মৰমতে নীল বুলিয়ে মাতে)তুমি আৰু আজিৰ পৰা কোনো চিন্তা কৰিব নালগে,মই তোমাৰ স্বপ্নীল আকাশৰ জোনাক হৈ আহিছোঁ।তুমি মোৰ মাথো মোৰ আৰু মই তোমাৰ। আজীৱন জীৱন সংগী হোৱাৰ প্ৰতিশ্ৰুতি দিলোঁ।দুচকুত ন কৈ পূৰ্ণিমাৰ জোন আঁকি দিব খোজোঁ।আজীৱন উজলাই ৰাখিম।আৰু মইও থাকিব বিচাৰো তোমাৰ উমাল বুকুৰ সানিধ্যত।"
   স্বপ্নাই নেদেখাকৈয়ে মুখখন অলপ বেকা কৰি মূৰটো দুপিয়াই হয় বুলি সহাৰি জনালে যদিও মনতে ভাৱিলে- প্ৰতাৰণাৰ কেতিয়া অন্ত পৰিব কোনে জানে ?

উত্তম লইং
৯১০১৫৬২৩৪৩

No comments:

Post a Comment