তৃপ্তি চলিহাৰ গল্প "কেনে আছা" ? - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

তৃপ্তি চলিহাৰ গল্প "কেনে আছা" ?

কেনে আছা তৃপ্তি চলিহা?
আছেনে তোমাৰ আকাশ
লৈ ফুৰিছানে স্মৃতিৰ মেঘ??
            কেনে আছো মই! এটা গধুৰ হুমুনিয়াহ খহি পৰিল কাননৰ বুকুৰপৰা। বাহিৰখন তেনেই তিমিৰাছন্ন। এন্ধাৰৰ মাজেদি এজাক চেচাঁ বতাহ কোঠাটোলৈ সোমাই আহিল। বতাহজাকে কাননক মৃদুভাৱে চুই গ'ল। ফাগুণ মাহৰ সন্ধিয়াৰ এই বতাহজাক তাইৰ খুৱ ভাললাগে বাবেই ৰমলা বাইক তাই খিৰিকীখন বহুত সময়লৈকে বন্ধ কৰিবলৈ নিদিয়ে। বতাহজাকৰ সৈতে বহু অতীত স্মৃতি কোঠাটোলৈ সোমাই আহে। চি এফ এল বাল্বটোৰ উজ্জ্বল পোহৰত পশ্চিমৰ দিশৰ এই কোঠাটোৰ এন্ধাৰবোৰ আঁতৰি গ'লেও কাননৰ মনৰ ভিতৰখন বাহিৰখনৰ দৰেই এন্ধাৰে আৱৰা। দুপলীয়া খিৰিকীখনেদি তাই আকাশখনলৈ চালে। জ্বলমলাই থকা অসংখ্য তৰাবোৰ যেন তলসৰা বকুলহে! ভৰি আছে আকাশৰ বুকু ঠিক পদূলিমুখৰ দূবৰিডৰাৰ দৰে। আকাশখন প্ৰতিজন মানুহৰ সৰলৰৈখিক কল্পনাৰ অনুপম চিত্ৰ বিচিত্ৰ ৰূপৰেখা। কথাবোৰ মনত পৰি, ভাৱি ভাৱি কাননৰ ওঁঠৰ কোণেদি এটা ঈষৎ হাঁহিৰ ৰেশ বিয়পি পৰিল।
            ঐ ঘোঁৰা! বতাহত ভাহি আহিল মাতটো। কোন ? তাইৰ মনৰ ভ্ৰমৰবাদে, পশ্চিমৰ কোঠাটোৰ খিৰিকীৰ সিপাৰৰ এন্ধাৰখিনিৰ বাদে কোনো নাই আজি তাইক এনেকৈ মাতিবলৈ। কাননৰ বুকুৰ কামিহাঁড় গছকি খটখটকৈ গুছি গ'ল এজাক ৰণুৱা ঘোঁৰা। ভাৰ্ছিটিৰ অলিয়ে গলিয়ে দৌৰি ফুৰাৰ বাবেই নিখিলেশে তাইক এই নামটো দিছিল। বিভাগৰ সকলো ছাত্ৰ ছাত্ৰীৰ মাজত নামটো ইমান জনপ্ৰিয় হৈছিল যে তাহাঁতৰ  দীক্ষান্ত বৰ্ষৰ বিদায় সভাত ভাতৃপ্ৰতীম অজন্তই সহৃদয়তাৰে 'ঘোঁৰা' নামৰ এটা ব্যংগাত্মক কবিতা লিখি কাননৰ নামত উৎসৰ্গা কৰি পাঠ কৰিছিল। সচাঁকৈয়ে তাই অশ্বমেধৰ ঘোঁৰা দৌৰাৰ দৰেই জীৱনটোক কেৱল দৌৰাইছিল। পোৱা নোপোৱাৰ অলেখ হিচাপ নিকাচেৰে অৱশেষত তাই তিক্ত হৈছিল। কানন আজি ভাগৰুৱা। ক্লান্তি আৰু অৱসাদগ্ৰস্ততাই তাইক এতিয়া তেনেই কোঙা কৰি পেলাইছে। ইমানেই কোঙা যে তাই আজি ইচ্ছা কৰিলেই বিছনাখনৰপৰা উঠি গৈ খিৰিকীখন খুলি দিবগৈ অথবা বন্ধ কৰি দিবগৈ নোৱাৰে। দৌৰি দৌৰি কাম কৰিবলৈ, ইচ্ছামতে ইঠাইৰপৰা সিঠাইলৈ যাবলৈ তাই আজি অপাৰগ। অবশ বাওঁ  হাতখনৰ আঙুলি কেইটা এনেয়ে তাই সোঁ হাতখনেৰে চুই চালে। অজানিতে হাতখন বেড্ চুইচটোত লাগি কোঠাটো অন্ধকাৰ হৈ পৰিল। খিৰিকীমুখত ভিৰ কৰি থকা এন্ধাৰবোৰ হুৰহুৰকৈ কোঠাটোলৈ সোমাই আহিল। বেড্ চুইচটো টিপি বাল্বটো তাই জ্বলালে, আকৌ নুমুৱালে। অফ্ অন , অফ্ অন.....। কিযে এক বাঙ্ময় উন্মাদনাত তাই একেটা কামকে সৰু ল'ৰা ছোৱালীৰ দৰে বাৰে বাৰে কৰি গৈ থাকিল। এটা সময়ত বাল্বটো অফ কৰি কাননে নিৰ্ভয় মনেৰে তৰাবছা আকাশখনলৈ একে থৰে চাই থাকিল। বহু কথাই কাননৰ চকুৰ আগেদি অগাডেৱা কৰিবলৈ ধৰিলে। বিজুলী চমকিছে। এন্ধাৰবোৰ আঁতৰাই দূৰৈৰ পাহাৰ কেইটাও জিলিকি উঠিছে। বুকুৰ ভিতৰত তগমগ ৰণুৱা ঘোঁৰাটোৱে গা জোকাৰি ঠিয় দিছে। মনৰ ঘোঁৰাটোৰ দৌৰ আৰম্ভ হ'ব এতিয়া। অনেক চিনাকী মুখ, দ'ম দ'ম কিতাপ, গান , কবিতা, খেল, অৰ্ণৱ শেখৰৰ প্ৰেম, ভাৰ্গৱ ফুকনৰ সৈতে বিবাহৰ অজস্ৰ হৰ্ষ বিষাদৰ চিত্ৰ বিচিত্ৰ ৰূপ চাই চাই পৰ্বত পাহাৰ গৰকি, অৰণ্য গছকি ঘোঁৰাটো কেৱল দৌৰিব আৰু দৌৰিব!!
                    কুসুম কানন চলিহা আছিল সৰু চহৰখনৰ এটা আঢ্যৱন্ত পৰিয়ালৰ নুমলীয়া জী। পিতাক মাকৰ আলাসৰ লাড়ু কুসুম কাননক সকলোৱে কানন বুলিয়ে জানিছিল। তাহাঁতৰ দেউতাক আঢ্যৱন্ত আছিল যদিও অহংকাৰী নাছিল। সমাজপ্ৰিয় চলিহাই নিজৰ চাৰিওটি সন্তানক সুশিক্ষিত কৰাৰ লগতে সামাজিক আচাৰ আচৰণৰো নৈতিক শিক্ষা প্ৰদান কৰিছিল। আচলতে মাক , পিতাক আৰু পৰিয়ালৰ অনান্য খিনিৰ পৰাই কাননহঁত শিক্ষাৰ লগতে আনুসংগিক বহু ধৰণৰ ব্যৱহাৰিক শিক্ষাৰে শিক্ষিত হোৱাৰ সুযোগ লাভ কৰিছিল। সমনীয়াৰ সৈতে হাঁহি ধেমালি, ৰং ৰহইচ কৰিয়েই কাননৰ সৰু কালছোৱা পাৰ হৈ গৈছিল। কিন্তু এইবোৰৰ মাজতো কাননে লিখা পঢ়া কামটো অধীৰ আগ্ৰহেৰে আগবঢ়াই নিছিল বাবেই সুখ্যাতিৰে হাইস্কুলীয়া শিক্ষা সাং কৰিব পাৰিছিল। ইচ্ছা আৰু  আকাংক্ষাক সাৰোগত কৰি তাই স্থানীয় মহাবিদ্যালয়খনৰ কলা শাখাত নামভৰ্ত্তি কৰিছিল। কাননে পঢ়াৰ লগতে সকলো সৃজনীশীল বিষয়ত ব্যুৎপত্তি লাভ কৰি সহপাঠী, অনুজ, অগ্ৰজ তথা শিক্ষক সকলৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। জীৱন উদযাপন কৰিব পৰা সকলো গুণৰ তাই অধিকাৰী হৈছিল। তাইৰ কৰ্মোদ্দ্যম, চিন্তা চেতনাৰ পৰিসৰ, অমায়িক গুণবোৰে সকলোকে প্ৰেৰণা যোগাইছিল। স্নাতক মহলাৰ শেষ পৰীক্ষাতো তাই দৰ্শন বিভাগত সন্মানসহ বিশ্ববিদ্যালয়ৰ প্ৰথম দহজনৰ ভিতৰত স্থান লাভ কৰাত মহাবিদ্যালয়ৰ লগতে সমগ্ৰ অঞ্চলটোত আনন্দৰ জোৱাৰ উঠিছিল। ডাঙৰ ককায়েক আৰু বায়েক ভিনিহিয়েকে লগত নি বিশ্ববিদ্যালয়ত নামভৰ্ত্তি কৰোৱাৰ পৰা ধৰি মেচ বিচৰালৈকে সকলো কাম কৰি দিছিলগৈ। প্ৰথমবাৰৰ বাবে তাইক এৰি থৈ যাওঁতে বায়েকৰ লগতে ককায়েকেও হুকহুকাই কান্দি উঠিছিল। তাই চকুত চকুপানীলৈও তাহাঁতক আশ্বাস দিছিল-
" মই পঢ়িবলৈহে আহিছো। ভালকৈ পঢ়িম দে! চিন্তা নকৰিবি তহঁতে।"
                     ভিনিহিয়েকে চলাই যোৱা গাড়ীখন নেদেখা হোৱালৈকে চাই চাই কানন মেচৰ কোঠাটোলৈ সোমাই আহি সেইদিনা হুকহুকাই প্ৰথমবাৰ মনত থকাকৈ কান্দিছিলহি। জীৱনত প্ৰথমবাৰ অকলশৰীয়া হোৱাৰ দুখে তাইক পাছৰ গোটেই সময়খিনি কাতৰ কৰি ৰাখিছিল। কোঠাৰ লগৰীয়া দুজনীৰ লগতো সিদিনা তাই ভালকৈ কথা পাতিবলৈ ইচ্ছা হোৱা নাছিল। সন্ধিয়া ভাতৰ কাঁহীখন হাতত লওঁতে মাকৰ অবুজ মুখখন আহি চকুৰ আগত থিত্ দিছিলহি। সময়বোৰ ধীৰ গতিৰে পাৰহৈ গৈছিল। পৰিবেশ আৰু পৰিস্থিতিৰ লগত তাই নিজকে খাপ খুৱাই ল'ব পাৰিছিল। ক্লাছলৈ যোৱা, সন্ধিয়া লগৰ কোনোবা এজনীৰ সৈতে বজাৰলৈ যোৱা, গানৰ মজলিচ্ পতা, কিতাপ পঢ়া, চিনেমাৰ আলোচনা সমালোচনা কৰা আদি কামবোৰৰ মাজত হোৱা দৈনন্দিন ব্যস্ততাই তাইক লাহে লাহে ব্যস্ত কৰি তুলিলে। সপোনবোৰ চুই চোৱাৰ হেপাঁহত তাই পঢ়াশুনা আৰম্ভ কৰিলে। ক্লাছৰপৰা বাহিৰে বাহিৰে লাইব্ৰেৰী যোৱা, কেন্টিন সোমোৱা,  লগৰ কোনোবাৰ পৰা নো'টচ আনিবলৈ যোৱা অাদি কামবোৰ তাই গতানুগতিক ব্যস্ততাৰে ইমান খৰকৈ কৰি গ'লযে নিখিলেশে তাইৰ সেই দৌৰি ফুৰা স্বভাৱটোৰ বাবেই ঘোঁৰা বুলি মাতিবলৈ আৰম্ভ কৰিলে। ফাইনেল পৰীক্ষা আদায় হোৱাৰ পাছতে মেচৰ পৰা তাহাঁত আটাইকেইজনী হোষ্টেল পালেহি। বিশ্ববিদ্যালয়ৰ ভিতৰত তাই পঢ়িবলৈ অধিক সুবিধা পালে। কুসুম কানন সকলোৰে মাজত জনপ্ৰিয় হ'ল। কোনোৱে তাইক কিতাপৰ পোক আখ্যা দিলে। মুঠতে বিশ্ববিদ্যালয়খনৰ বহু ছাত্ৰ ছাত্ৰীয়ে কাননক চিনি পোৱা হ'ল। তাৰ মাজতে সহপাঠী অৰ্ণৱ শেখৰে তাইলৈ আগবঢ়ালে প্ৰেমৰ প্ৰস্তাৱ। এক অজান পুলকেৰে জীৱনত প্ৰথমবাৰলৈ কানন পুলকিত হ'ল। মৃদুভাষী, বিনম্ৰ চৰিত্ৰৰ মেধাৱী ল'ৰাজনৰ প্ৰতি কানন অনুৰক্ত হ'ল। প্ৰেমৰ নিৰ্মল উন্মাদনাই তাহাঁত দুয়োকে আপ্লুত কৰিলে। অজস্ৰ ফুলৰ সুবাসেৰে সুবাসিত হ'ল তাইৰ জীৱনৰ পথ। সিহঁতৰ প্ৰেম ইমান সহজ আৰু সৰল আছিলযে দুয়ো দুয়োকে জ্ঞান আৰু বীক্ষাৰ অনুপম জ্যোতিৰে জ্যোতিস্মান কৰি তুলিছিল। সময় বাগৰিছিল। বিশ্ববিদ্যালয়ৰ শেষ পৰীক্ষাতো তাই সুখ্যাতিৰে উত্তীৰ্ণহৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছিল। ঘৰত সকলোৱে তাহাঁতৰ প্ৰেমৰ কথা গম পাইছিল। অৰ্ণৱ শেখৰৰ দৰে ল'ৰা এজনক জোঁৱাই ৰূপে পাবলৈ কাননৰ ঘৰখনৰ সকলো উদগ্ৰীৱ হৈছিল। কিন্তু আশ্বৰ্যকৰভাৱে প্ৰেমৰ পোহৰেৰে উদ্ভাষিত হৈ থকাৰ সেই বিমূৰ্ত্ত ক্ষণটোতে অৰ্ণৱ শেখৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল। অতি কমদিনৰ ভিতৰতে অৰ্ণৱ শেখৰৰ মৃত্যু হোৱাত কাননে দিক বিদিক হেৰুৱাই পেলালে। জীৱনত প্ৰথমবাৰৰ বাবে কানন বুকুৰ আন্ধাৰৰ সৈতে মুখামুখি হ'ল। তাইৰ জীৱনৰ সকলো জ্যোতি হেৰাই গ'ল। ৰণুৱা ঘোঁৰা ৰণত পৰিল। বৃদ্ধ মাক দেউতাকো তাইৰ দুখত ম্ৰিয়মাণ হৈ পৰিল। সমস্ত ঘৰখনৰ লগতে সকলো চিনাকী মানুহে তাইক জীৱনৰ বাটত নকৈ খোজ দিবলৈ অনুপ্ৰাণিত কৰিলে। কানন জী উঠিল। জীৱন উদযাপন কৰিবলৈ শিকা কাননে মাক পিতাকৰ বাবে জী থাকিবলৈ জীৱনক বাধ্য কৰালে। বুকুত হাঁহাকাৰবোৰ বান্ধি বান্ধি তাই এজনী নতুন কাননলৈ ৰূপান্তৰ হ'ল।
                   স্থানীয় কলেজখনত কাননে প্ৰবক্তাৰূপে নিযুক্তি পোৱাৰ আলপদিনৰ পাছতেই মাক দেউতাকৰ একান্ত ইচ্ছাক নেওচা দিব নোৱাৰি সহকৰ্মী ভাৰ্গব ফুকনৰ সৈতে বিয়াত বহিল। মাহ হালধিৰে নোৱাই ধোৱাই হোমৰ জুইকুৰাত বহিলেই দুজন পৃথক চিন্তা চেতনাৰ নাৰী পুৰুষক বিবাহ নামৰ আনুষ্ঠানিকতাৰ যোগেদি পূৰ্ণতা দিব পৰা যায় জানো? কাননে কথাষাৰ যিমান ভাৱিলে সিমান বাৰেই কেৱল উজুটি খালে। মাক দেউতাক, ঘৰখন, সমাজখন আৰু  তাইৰ চিনাকী মানুহবোৰক সহজ কৰিবলৈকে , এক অৰ্থত সুখী কৰিবলৈকে তাই বিয়াত বহিল। তাইৰ মনৰ বিয়াখন বহুত দিন আগতেই হৈ গৈছে অৰ্ণৱ শেখৰৰ সৈতে। পৰিস্থিতিৰ তাগিদাত পৰি জীৱনত জী থাকিবলৈ বহুতৰবাবেই শৰীৰ আৰু মন দুটা পৃথক পথৰূপে পৰিগণিত হয়। যাৰ শৰীৰ আৰু  মন একে পথৰ পথিক সেইজনেই জীৱনটো উদযাপন কৰে বুলি অন্তত: তাই বিশ্বাস কৰে। সেই মুহুৰ্ত্তত কাননৰবাবে বিয়া খন আছিল কেৱল আনৰ সুখৰবাবে বাছি লোৱা এক অনাহুত  দুখ। কিন্তু ভাৰ্গৱ ফুকনৰ বাবেটো তেনে কথা প্ৰযোজ্য নহয়! ভাৰ্গৱে তাইৰ সমস্ত কথা জানিও বিয়াৰ প্ৰস্তাৱ দিয়াত তাই আচৰিত হৈছিল। সি সমবেদনা জনাইছিল । নতুন দিনৰ নতুন প্ৰতিশ্ৰুতিৰে ৰঙীন জীৱন এটাৰ বাবে তাইক সি আহ্বান জনাইছিল। কিয়? কিয় ভাৰ্গৱে তাইৰ সকলো কথা জানিও এনে পদক্ষেপ ল'লে?? তাইৰ মনৰ একোণত এক অবাঞ্চিত খু দুৱনি ৰৈ গৈছিল। কিন্তু যেতিয়া তাই সেই প্ৰশ্নৰ উত্তৰ পাইছিলগৈ তেতিয়া সিহঁত দুয়োৰে মাজত এখন অচিন দেৱাল গঢ়ি উঠিছিল।  কাননে বুজি উঠিছিল ভাৰ্গৱ ফুকনে তাইৰ মনটোক নহয় তাইৰ মোটা দৰমহাটোকহে হাতৰ মুঠিত বিচাৰে। তাইৰ যোগেদি সমাজত প্ৰতিপত্তি বিচাৰে। লাহে লাহে কানন এডাল জখলালৈ ৰূপান্তৰ হ'ল। ৰূপান্তৰৰ এই অজানা অচিনা ৰংবোৰে কাননক চাৰি বেৰৰ মাজত আৱদ্ধ কৰি পেলালে। কামৰ অজুহাতত তাই কাকো সময় নিদিয়া হ'ল। কাৰণ ভাৰ্গৱৰ সৈতে এখন অসুখী সংসাৰৰ ছবি তুলি ধৰি তাই কাকো অসুখী কৰিব নিবিচাৰে। তাই আচলতে সকলোকে তাইৰ সুখেৰে সুখী কৰিব বিচাৰে। অহ জীৱন বৰ কঠিন!
: কেনে আছা? কাননে মাতটো শুনি ঘুৰি চাই বিশ্ববিদ্যালয়ৰ সহপাঠী ইভালীনাক দেখি উচপ খাই উঠিল। চহৰৰ মাজ মজিয়াত থকা বেংকটোত ভাৰ্গৱে তাইৰ নামত বিচৰা বৃহৎ পৰিমানৰ লোণটোৰ কাগজ পাতি সমূহত চহী কৰিবলৈ তাই তালৈ আহিছে। ইভালীনাও আহিছে মানুহজনৰ সৈতে বিশেষ কাম এটাত। দুয়োজনী এসময়ত অন্তৰংগ বান্ধৱী আছিল। সুখ দুখৰ অনেক কথা পাতিছিল, হাঁহিছিল , স্ফুৰ্ত্তি কৰিছিল। আজি কিন্তু কাননে মূৰ দূপিয়াই হাঁহিৰ অকণমান ৰেশ এটা টানি ব্যস্ততা দেখুৱাই আঁতৰি গ'ল। বিয়াৰ পাছতে তাই ভাৰ্গৱৰ বহু কেইটা বদ্ গুণ আৱিস্কাৰ কৰিছিল। সাধাৰণ মানুহক সি মানুহ বুলি গণ্য নকৰিছিল। যাকে তাকে মাতি অবাৱত কথা পাতি থাকিলে ভাৰ্গৱে বেয়া পায়। তাৰ মৰ্যদা হানি হয়। এসময়ৰ আপোন অন্তৰংগ তাইৰ চিনাকী মুখবোৰ এতিয়া মৰ্যদাবিহীন যেই সেই মানুহলৈ ৰূপান্তৰ হ'ল। ঘৰৰ মানুহ কেইটাৰ বাদে ঈচ্ছা কৰিলেই কাননে কাকো মাতি আনি ঘৰত বহুৱাই এষাৰ সুখ দুখৰ কথা পাতিব নোৱাৰা হ'ল। মৰ্যদা, সন্মান আদি শব্দবোৰে তাইক একাকী জীৱন এটাৰ লগত পৰিচয় কৰাই দিলে। কলেজৰ ক্লাছ কেইটা আৰু ঘৰৰ মাজত আৱদ্ধ হ'ল তাইৰ জীৱনটো। এটা সময়ত একাকীত্বই তাইক কোঙা কৰি ৰোগাক্ৰান্ত কৰি তুলিলে। পক্ষাঘাতত আক্ৰান্ত হোৱা কানন এতিয়া পশ্চিমৰ অকলশৰীয়া কোঠাটোৰ বাসিন্দা। পৰিচৰ্যাকাৰী নাৰ্ছ গৰাকী আৰু ৰমলা বাইৰ মাতটোৰ বাদে আজি তাই কাৰো মাত শুনিবলৈ নাপায়। কোনেও তাইক নুসুধে 'কেনে আছা?'

No comments:

Post a Comment