সমাগত বানত কাজিৰঙাৰ বন্য প্ৰানী উদ্ধাৰৰ বাবে সম্পূৰ্ণ সাজু হৈছে বোকাখাতৰ পানবাৰিত অৱস্থিত বন্যপ্ৰানী উদ্ধাৰ ও পুনঃ সংস্থাপন কেন্দ্ৰ । - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সমাগত বানত কাজিৰঙাৰ বন্য প্ৰানী উদ্ধাৰৰ বাবে সম্পূৰ্ণ সাজু হৈছে বোকাখাতৰ পানবাৰিত অৱস্থিত বন্যপ্ৰানী উদ্ধাৰ ও পুনঃ সংস্থাপন কেন্দ্ৰ ।

ন্যপ্ৰানী উদ্ধাৰৰ বাবে যিকোনো মূহুৰ্ততে সাজুহৈ থকা ভাৰতৰ অন্যতম কেন্দ্ৰ হ'ল পানবাৰীস্থৰ বন্যপ্ৰানী উদ্ধাৰ ও পুনঃ সংস্থাপন কেন্দ্ৰ(CWRC)। বিগত বৰ্ষ কেইটাৰ দৰে এইবাৰো বানৰ কবলৰ পৰা কাজিৰঙাৰ জীৱকূলক উদ্ধাৰৰ বাবে সষ্টম হৈ আছে CWRC । কাজিৰঙা উদ্যান কৰ্তৃপক্ষৰ সহযোগত সংস্থাটোৱ কৰ্মকৰ্তা আৰু চিকিৎসক দলে বিগত বৰ্ষকেইটাত শতাধিক বন্যপ্ৰানী উদ্ধাৰ কৰি পুনঃ সংস্থাপনেৰে নিজৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ সক্ষ্যম হৈছে। বৰ্তমান কেন্দ্ৰটোত বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰা সাতটা হাতী পোৱালী, তিনিটা নাহৰ ফুটুকী আৰু চাৰিটা লতামাকুৰী বাঘ পালিত হৈ আছে। কাজিৰঙাত পানী সোমোৱাটো কাজিৰঙাৰ বাবে ক্ষতিকাৰক নহয়, কাজিৰঙাৰ অন্ত ভাগ ধুই নিকা কৰিবৰ বাবে পানী হোৱাটো প্ৰয়োজন,কিন্তু তাৰ বিপৰিতে অধিক বান হলেহে কাজিৰঙাৰ জীৱকূলৰ বিপদ বুলি ডা: চামচুল আলিয়ে জানিব দিয়ে।ইয়াৰ লগতে কাজিৰঙাৰ দাঁতিকষৰীয়া জনসাধাৰণৰ মাজত বন্যজীৱৰ সুৰক্ষা প্ৰদানৰ প্ৰশিক্ষণ প্ৰদান কৰে সংস্থাটোৱে। প্ৰতিটো বানতে বানৰ কৱলত পৰি যিপৰিমানৰ  বন্য জীৱ আহত হয় তাৰ তুলনাত বানৰ পৰা পৰিত্ৰাণ পাবৰ বাবে ওখ ঠাইৰ সন্ধানত আহি ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অতিক্ৰম কৰিবৰ সময়ত যানবাহনৰ খুন্দাত আহত হয় বহু পৰিমানৰ জীৱ। জলসম্পদ বিভাগে প্ৰদান কৰা তথ্য অনুসৰি আগন্তক ৪৮ ঘণ্টাত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ বৃদ্ধি পাই থাকিলে কাজিৰঙাত পানী হোৱাটো নিশ্চিত। বানৰ কৱলত পৰি যাতে কাজিৰঙাৰ জীৱকূল মৃত্যুমুখত নপৰে তাৰ বাবে সৰ্বতো প্ৰকাৰে সাজু CWRC কেন্দ্ৰ।
পপী শইকীয়া
বোকাখাত

No comments:

Post a Comment