মনালিছা শইকীয়াৰ গল্প " সপোন" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মনালিছা শইকীয়াৰ গল্প " সপোন"

      "ফুটফুটীয়া ফ্ৰকটোৰ কোঁচত একোঁচ ফুল লৈ বৰষা  শ্ৰাদ্ধস্থলী পালেগৈ। বাৰেবৰণীয়া ফুলবোৰৰ সৰহ খিনিয়েই বনৰীয়া ফুল। কোঁচৰ ফুলবোৰ ফটোখনৰ কাষত থওঁতেই তাইৰ চকুত পৰিল সেইখন ভূপেন মামাৰ ফটো। চক্ খাই উঠিল বৰষা। নয়নাৰ দেউতাক কেনেকৈ বাৰু ভূপেন মামা হৈ গ'ল? শ্ৰাদ্ধস্থলীত উপস্থিত থকা মানুহবোৰে নয়নাৰ দেউতাকৰ স্মৃতিচাৰণ কৰি  কথাক'লে, কবিতা গালে , গান গালে আৰু কোনো কোনোৱে চকুলো টুকিলে। তাই নিজেও দুটা গানৰ কলি আওঁৰালে।সকলোৱে ভিতৰলৈ গৈ কিবা খালেও। তাই কিন্তু বহাতে থাকিল। মানুহবোৰ চালে। কথা পাতিলে। এটা সময়ত তাই তাৰপৰা ওলাই আহি সন্মুখৰ প্ৰদীপদাৰ দোকানখনত সোমাল। এনেয়ে। আগৰ দোকানখনতকৈ প্ৰদীপদাই দোকানখন ডাঙৰ কৰিছে। গেলামালৰ লগতে এতিয়া ফাষ্টফুড্ ৰখা হৈছে। কিবা এটা খাবলৈ কোৱাৰ পাছতো তাই একো নাখালে। বহুতদিনৰ পাছত চিনাকী মানুহবোৰৰ মাজত পোৱা আদৰ সাদৰে তাইৰ মনটো ভৰাই পেলাইছে আজি। হঠাতে চকুত পৰিল আকাশখন ক'লা হৈ আহিছে। বৰষুণ দিব। তাই লৰালৰিকৈ ৰিক্সা এখনত বহি ৰিক্সাৱালাজনক ঘৰলৈবুলি আহিবলৈ ক'লে। সদায় আহ যাহ কৰাৰবাবে প্ৰায়বোৰ ৰিক্সাৱালাই তাইৰ ঘৰটো চিনি পায়। তাই ৰিক্সাত বহি ভাৱিবলৈ আৰম্ভ কৰিলে কেনেকৈ নয়নাৰ দেউতাক ভূপেন মামা হৈ গ'ল বাৰু! আৰু ঠিক সেই মুহুৰ্ত্ততে তাই বিস্ময়ত অভিভূত হ'ল নিজকে দেখি। বাহ,  ফ্ৰক পিন্ধি একোঁচ বনৰীয়া ফুল লৈ নয়নাৰ দেউতাকক  শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা তাইজনী এজনী চাদৰ মেখেলা পিন্ধা মহিলাহৈহে  ৰিক্সাত উঠি আপোনমনে ক'লা হৈ অহা  আকাশখন চাই চাই ঘৰলৈ আহি আছে। তাইৰ হাতত তাইৰ প্ৰিয় চকলেট্ বৰণীয়া ইন্দ্ৰমালতী ফুলৰ থোপা এটা....... "
                           পুৱা চাৰি বজাতে সাৰ পোৱাটো বৰষাৰ পুৰণি অভ্যাস। অন্যদিনৰ দৰেই আজিও সাৰ পাই বিছনাতে বহিল অলপ সময়। বাহিৰত ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে। খিৰিকীৰে তাই হাতদুখন উলিয়াই আঁজলি পাতি ধৰিলে। পানীৰে উপচি গ'ল আঁজলিটো। অলপ সময় তাতেই ৰৈ থাকি বৰষা বিছনালৈ উভতি আহিল। মবাইলটো অকণমান সময় চাইয়ে চকু দুটা মুদি দিলে। অজানিতে চকু দুটা সেমেকি উঠিল। এনেকুৱা বৰষুণৰ পুৱাবোৰত ছোৱালীজনীয়ে তাইক আব্দাৰেৰে সাৱতি ধৰি শুৱাই থৈ দিয়ে বিছনাৰপৰা  নামিব নোৱাৰাকৈ। ছোৱালীজনীক পঢ়াৰ নামত হোষ্টেলত থৈ অহাৰ পাছৰেপৰা বৰষা বৰ অকলশৰীয়া হৈ পৰিল। কেউকাষে তাইৰ এতিয়া কেৱল শূণ্যতা ! বুকুখন বিষাই গ'ল বৰষাৰ । চকু দুটা মুদি দিলে তাই। চিনেমাৰ ৰীলবোৰৰ দৰে জীৱন ৰেলৰ অসংখ্য ডৱা ইটোৰ পাছত সিটোকৈ পাৰহৈ গ'ল। অনেক সুখ-দুখৰ শ্বাশ্বত স্মৃতিয়ে মনটো পুৱাতেই ভৰাই তুলিলে। কথাবোৰ ভাৱি থাকোতেই কেতিয়ানো টোপনি আহিল  তাই গমেই নাপালে। ফোনটো বাজি থকাত সাৰ পালে তাই । নয়নাই ফোন কৰা দেখি চকু দুটা নাচি উঠিলেও মনটো দুখেৰে ভৰি পৰিল। ক'লা আকাশখন, ৰিক্সাখন, প্ৰিয় ফুলৰ থোপাটো হঠাতে নোহোৱা হ'ল। আস্ ইমান ধুনীয়া আছিল সপোন দেখা সময়খিনি! আজি গোটেই দিনটো সেই সপোনটোকে দেখি থকা হ'লেই ভাল আছিল......
                     
মনালিছা শইকীয়া, বোকাখাত

No comments:

Post a Comment