বিশ্বজিৎ ডি চেতিয়াৰ কবিতা " মা " - জোনাক

HEADLINES

জোনাকলৈ স্বাগতম ।

Post Top Ad

বিশ্বজিৎ ডি চেতিয়াৰ কবিতা " মা "

এটি হাঁহি
সুৰুযমুখী
তুলি লৈ মুঠি মুঠি সুগন্ধি ছন্দ
দুহাত হয় সদা বৰ্ণিল
কোনে দিলে ঢালি
ইমান সেউজীয়া
গজে য'ত ভ্ৰূণ
সদা স্থিৰ হৈ থাকিব পৰাকৈ..
আঙুলিৰ ঠাঁৰত নাচি
নৰ্তক পৃথিৱী
এচোতাল জোনাকত
তৰাফুলাৰ সাধু শুনি
তমসাচ্ছন্ন পদূলি হয় দীপ্তিমান
নঙলা খুলি দূবৰিয়ে চেলেং পাৰে
সুৰসুৰাই সোমাই আহে
একাঁথি দুকাঁথিকৈ
গেঁৰ ধৰা ধানৰ সুগন্ধি...

No comments:

Post a comment