পৰিমিতা গোস্বামীৰ গল্প "সৰু সৰু কথাবোৰ" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

পৰিমিতা গোস্বামীৰ গল্প "সৰু সৰু কথাবোৰ"

         
   জি কেইবা দিনো হ'ল , 'জুৰি' কাষতে থকা বৌয়েকৰ ঘৰলৈ আহিবই পৰা নাই, খবৰ এটা ল'বলৈ । আজি পুৱা বেলাতে পাক এটা মাৰি আহো বুলি তাই বৌয়েকৰ ঘৰ পালেহি ।
          ::: বৌ, অ' বৌ , কি কৰিছা ।
          ::: অ' জুৰি ! কিনো কৰিবা আৰু , এয়া আছোঁ ।বহাচোন বহা । মই প্ৰেচাৰৰ টেবলেতটো খাবই পৰা নাই জানানে । ইটো-সিটো কৰি থাকোতে পাহৰিয়েই আছোঁ । তুমি বহাচোন , মই টেবলেতটো খাই লওঁ ।
          ::: এ---- বৌ , ইমান দেৰিলৈকে প্ৰেচাৰৰ টেবলেত নোখোৱাকৈ থাকিব নালাগে নহয় । প্ৰেচাৰৰ টেবলেত ৰাতিপুৱাই খাব লাগে । এতিয়া ন' বাজি গ'ল চোৱাচোন । যোৱা যোৱা খাই লোৱা ।
           বৌয়েক তাইৰ ৰূমৰ ফালে সোমায় গ'ল।জুৰিয়ে কাষতে থকা চকীখনত বহি ৰ'ল।
          ::: এৰা..... মানুহজনীৰনো প্ৰেচাৰ বেছি নহ'ব কেলৈ ?? এটাই ল'ৰা , এজনীয়ে ছোৱালী। দুয়োটাই  বাট এৰি অবাটে গ'ল। ল'ৰাটোয়ে কৈশোৰৰ দেওনা পাৰ নৌহওতেই ঘৰ এৰি অঘৰী হ'ল । ক'লৈ গ' ল, কি হ'ল মাক-দেউতাকে একোয়েই খবৰ নাপায় । আজি এবছৰেই হ'ল ল'ৰাই ঘৰ এৰা ।ৰয়নাৰে চপোৱাৰ দৰে ধন চপাবলৈ কেৰেলা , বাংগালুৰুলৈকে গ'লনে , কোনোবা উগ্ৰপন্থী সংগঠনৰ সদস্যই হ'ল গৈ মাক-দেউতাকে একো গমেই নাপায়। প্ৰথমে ওচৰ-চুবুৰিয়াই আহি আহি শুধিছিলহি ল'ৰাৰ খবৰ পাইছানে ,ক'ত আছে ,কি কৰিছে ইত্যাদি ইত্যাদি  । লাহে লাহে  ওচৰ -চুবুৰিয়াৰো কথাটো সাঁথৰ হৈ ৰ'ল।ল'ৰাৰ কোনো শুং-সূত্ৰই নাপালে ।
           ছোৱালীও এজনীয়েই , ইমান ধুনীয়া , মৰম ল'গা আছিল। অভাব অনাতন ‍আছিল যদিও ষোল অনা পুৰা কৰিয়েই ডাঙৰ কৰিছিল। বয়সে গৰকীবলৈকে নাপালে পখিলা খেদা বয়সতে নিজেই ল'ৰা এটা ঠিক কৰি বিয়াহৈ গুছি গ'ল । মাক-দেউতাকে গমকে নাপালে । গম পোৱাৰ পাছত ঘূৰাই আনিবও নোৱাৰে, সমাজৰ গ্লানিৰ ভয়ত । বিয়াও হ'ল ,এবছৰৰ পিছতে কেঁচুৱাও হ'ল॥ আজি কিছুদিন হ'ল ছোৱালী ,নাতি  আহি মাকৰ ঘৰত আছেহি। মাকৰ ঘৰৰ আলহীহৈ , হয়তো চিৰ দিনৰ-----   ।
           আজি কালি ল'ৰা-ছোৱালীবোৰৰনো কি হ'ল বুজিবই নোৱাৰি। ভাই-ককাই , মাক-দেউতাক এইবোৰ বহুত দূৰৰ বস্তু হৈ পৰিছে।ছোৱালীবোৰৰও দেৱৰ, ননন্দ এইবোৰ সহ্যই নহয়, শহুৰ শাহু দূৰৰ বস্তু। আটাইতকৈ সহজ কথাতো হ'ল ----- আজি কালি "জইন ফেমিলিত" থাকে নেকি?? সকলোকে একাষৰীয়া কৰি নিজৰ আপোনজন, ল'ৰা ছোৱালীৰে সৈতে এটা একক পৰিয়াল। তাৰ পাছত ইটোৰ লগত সিটোৰ সৰু সৰু কথাতে এখন এখন কুৰুক্ষেত্ৰ প্ৰতিদিনে। কাৰো কাটিহা কোনেও নসহে । কিছুদিন এনেকৈ থকাৰ পাছত দুটা দুঠাইত। ছোৱালীজনী চিৰদিনৰ বাবে মাকৰ ঘৰৰ আলহী আৰু ল'ৰাটো অ'ত ত'ত ঘূৰি ফুৰি প্ৰায় অঘৰী সদৃশ অৱস্থা ।
          এইবোৰ আজি কালি সমাজত সচৰাচৰ ঘটি থকা ঘটনা । সংসাৰ গঢ়িবলৈও তত্ নাই , ভাঙিবলৈও তত্ নাই। বিয়া পাতিবলৈও সময় নালাগে ভাঙিবলৈও সময় নালাগে । ইয়াৰ বাবে দোষ কাক দিব, বৰ্তমান সমাজ ব্যৱস্থাক নে উদণ্ড মানসিকতাক ।পৰিয়ালবোৰত অনুশাসনৰ নামত শূন্য ,এটা ল'ৰা ,এজনী ছোৱালী বুলি অন্ধৰ দৰে মৰমহে কৰে ,কোনটো ভাল কোনটো বেয়া তাৰ শিক্ষা আজি কালি কেইটা পৰিয়ালত দিয়ে ।তাৰ পৰিণতিতেই ল'ৰা ছোৱালীৰ পৰা এইদৰে দূৰ্ভোগ ভোগিব লগীয়া হয়। কথাবোৰ ভাবি ভাবি জুৰি প্ৰায় নিথৰ হৈ বহি আছিল ।
           ৰুমৰ পৰা ওলাই আহি বৌয়েকে 'জুৰি' বুলি দিয়া মাতষাৰতহে তাইৰ সম্বিত্  ঘূৰি আহিল। বৌয়েকে তাইক কিবা কৈছিল যদিও তাইৰ কাণত একো নোসোমালে । তাই বৌয়েকৰ মুখলৈ ৰ' লাগি চালে । সেই একেজনীয়েই মানুহ, কাকো বেয়া পোৱাব নোখোজা , আনে বেয়া পাব বুলি ভাবি বেয়া লগা কথাটোৰো কোনো প্ৰতিবাদ নকৰি মনে মনে সহ্য কৰি যোৱা , মানুহজনীৰ কিয় যে এনেকুৱা হ'ল ক'ব নোৱাৰো !!
           তথাপিও তেওঁ জীয়াই আছে বুকুত একুৰা জুইলৈ , মুখত এমোকোৰা হাঁহি লৈ, দুখবোৰ ঢাকি ৰাখিব পৰাকৈ--- আনে নেদেখাকৈ ।
~~~~~~~=======~~~~~~
    পৰিমিতা গোস্বামী
শিলনীজান ,কাৰ্বি আংলং

No comments:

Post a Comment