দিপাঙ্কৰ লাহনৰ কবিতা "মোৰ মৃত্যু আৰু সমাধি" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

দিপাঙ্কৰ লাহনৰ কবিতা "মোৰ মৃত্যু আৰু সমাধি"

মোৰ মৃত্যুৰ বাতৰি পাই উচুপি নুঠিবা তুমি;
সেমেকিব নিদিবা পোৱাৰ ৰ'দালি,

তুমি উচুপিলে শেষ হ'ব
মৰম নামৰ মিঠা আখৰ,
তোমাৰ ঢৌ খেলা চুলিটাৰিৰে
ঢাকি পেলাবা দুখৰ কজলা ডাৱৰ ,

মোৰ সমাধিলৈও নাহিবা তুমি,
দুভৰিত স্মৃতিৰ কাঁইটে বিন্ধিব ,

তোমাৰ নীলা দুচকুত
চকুলোৰ সাগৰ হ'ব দিব নোৱাৰো,
পাৰিলে পাহৰণিৰ গৰ্ভলৈ ঠেলি পঠিয়াবা মোক
আৰু মোৰ মৃত্যুক ,
আমাৰ অতীতৰ স্মৃতি
জ্বলি যাহ যাবলৈ দিবা,
দলিয়াই দিবা মোক আৰু মোৰ মৃত্যুক
চিতাৰ জুই কুৰালৈ।
সেই জুই পিছে সাঁচি নাৰাখিবা
তোমাৰ বুকুত চিৰদিনলৈ।

ম'বাইলঃ 6238934308

No comments:

Post a Comment