দীপক বৰাৰ প্ৰবন্ধ "সমাজ, সংস্কৃতি আৰু যুৱ প্ৰজন্ম" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

দীপক বৰাৰ প্ৰবন্ধ "সমাজ, সংস্কৃতি আৰু যুৱ প্ৰজন্ম"

        বিশেষকৈ যুৱ প্ৰজন্ম সামাজিক ব্যৱস্থাৰ পৰা আঁতৰি থকাৰ ফলতেই বাঢ়ি গৈছে যুৱ উশৃংখলতা। সমাজিক জ্ঞানৰ অভাৱৰ বাবেই আজিৰ যুৱ প্ৰজন্ম হৈ পৰিছে চিন্তাৰ কাৰণ। একজন ব্যক্তি যেতিয়া সামাজিক আৰু ধৰ্ম জ্ঞানেৰে পূৰ্ণ হৈ থাকে তেতিয়া তেওঁৰ মনত ভয়, অহিংসা, ন্যায় আদি ভাৱে ক্ৰিয়া কৰে, ফলত তেওঁ সমাজ বিৰোধী কাৰ্যকলাপৰ পৰা বিৰত থাকি, নিজকে কাম, ক্ৰোধ, মোহৰ পৰা আঁতৰাই ৰাখি এক স্বাভাৱিক জীৱন যাপন কৰিব পাৰে। কিন্তু বৰ্তমান আমাৰ সমাজত ইয়াৰ অভাৱ দেখা গৈছে। আমাৰ যুৱ প্ৰজন্মই বিদ্যালয়-মহাবিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ বাহিৰে নৈতিক, মানৱীয় মূল্যবোধ, সমাজ চেতনা আৰু ধৰ্ম জ্ঞানৰ অভাৱ । সেয়ে আজিৰ যুৱ প্ৰজন্মই সমাজ কি বস্তু, মূল্যবোধ ক'ৰ পৰা আহে এইবোৰ আচহুৱা কথা বুলি ভাৱে। আজি আমি সকলোৱে দেখিছোঁ আমাৰ যুৱ প্ৰজন্ম কোন দিশে আগুৱাইছে । বৰ্তমান প্ৰজন্মই পিতৃ-মাতৃক কেনেদৰে সন্মান কৰিব লাগে, এজন ব্যয়সস্থ ব্যক্তিক কিদৰে সন্মান কৰিব লাগে সেইয়া বুজি নাপায় । টেলিভিছন, বাতৰিকাকত মেলিলেই আমি দেখা পাওঁ প্ৰতি দিনে হত্যা, ধৰ্ষণ, প্ৰতাৰণা, ৰাজপথত সুৰামত যুৱক যুৱতীৰ মইমতালি । ইয়াৰ মূলতেই কি বাৰু? সমাজ ব্যৱস্থাই নহয়নে?
            বৰ্তমান আধুনিক তথা ইণ্টাৰনেটৰ যোগ। এই সময়ত যুৱ প্ৰজন্ম ধাৱমান হৈছে আধুনিকতাৰ ধামখুমিয়ালৈ। আধুনিকতাৰ সোঁতে লৈ গৈছে বহু দূৰলৈ।য'ত নিজস্ব ভাষা সংস্কৃতি বিসৰ্জন দি আঁকোৱালি লৈছে আনৰ সংস্কৃতি । সম্প্ৰতিক সময়ত সমাজ সচেতন এচাম মানুহে নিজৰ জাতীয় সংস্কৃতিক ৰখাৰ বাবে অপ্ৰাণ চেষ্টা কৰাৰ বিপৰীতে আজিৰ প্ৰজন্মই 'হানিসিঙৰ হেয়াৰ কাটিং', ইন্টাৰনেছনেল মডেলিষ্টৰ ষ্টাইলেৰে নিজকে সজাই পৰাই আধুনিকতাৰ পৰিচয় দিব বিচাৰিছে। আজি যদি এজন নতুন প্ৰজন্মৰ যুৱক বা যুৱতীক সোধা যায় শংকৰদেৱ বা বেজবৰুৱাৰ জীৱনৰ চমু পৰিচয়, তেওঁলোকে হয়তো সম্পূৰ্ণকৈ এটা ব্যাকও ক'ব নোৱাৰে। কিন্তু তেওঁলোকক ছানিলিয়নী বা হানিসিং কোন বুলি সোধা যায় তেতিয়া হয়তো ১০ নম্বৰৰ এখন ৰচনাও লিখিব পাৰে। এয়াই আমাৰ নতুন প্ৰজন্ম, সমাজ আৰু সংস্কৃতিৰ পৰিচয়।
          আজি আমাৰ অসমীয়া মানুহে বা নতুন প্ৰজন্মই অসমীয়া ক'বলৈ লজ্জাবোধ কৰে, নিজৰ জাতীয় সাজপাৰ পিন্ধিবলৈ বেয়া পায়। কিন্তু সেইসকল লোকেই আকৌ আধুনিকতাৰ নামত বিদেশী সাজপাৰ পিন্ধি অসমীয়াৰ মাজে মাজে ইংৰাজী কৈ নিজকে 'স্মাৰ্ট' বুলি পৰিচয় দি ফুৰে। আজি এটা ল'ৰাই বা ছোৱালীয়ে অসমীয়া ক'ব নোৱাৰাটো তেওঁলোকৰ পিতৃ মাতৃৰ বাবে গৌৰৱ। কথাই প্ৰতি তেওঁলোকে কৈ আনন্দ পায় 'মোৰ ল'ৰাই বাহিৰত পঢ়ে,ইংৰাজী মাধ্যমত পঢ়ে, অসমীয়া ক'ব নাজানেই' । এইয়া হৈছে আমাৰ বৰ্তমান সংস্কৃতি। সমাজ সংস্কৃতিৰ নামত নিজস্ব জলাঞ্জলি দি গঢ়ি তুলিছে অপসংস্কৃতি। নিজৰ জাতীয় পৰম্পৰা এৰি আনৰ পৰম্পৰা গ্ৰহণ কৰাটো জানো আধুনিকতা? সংস্কৃতি ? ই কেতিয়াও হ'ব নোৱাৰে। সংস্কৃতি হ'বলৈ সংস্কাৰ হ'ব লাগিব। সংস্কৃতি জীয়াই ৰাখিবলৈ হ'লে প্ৰথমে মানুহ নিজেই সংস্কৃতিবান হ'ব লাগিব। এজন সংস্কৃতিবান মানুহৰ জন্ম হয় এখন ভাল সমাজতহে । এখন ভাল সমাজ গঢ়িবলৈ মানুহে নিজৰ মনটোক পৰিস্কাৰ কৰিব লাগিব। সামাজিক জ্ঞানেৰে পৰিচালিত হৈ নিজৰ সংস্কৃতিক আগত ৰাখি সমাজখনক আগুৱাই নিব লাগিব। ইয়াৰ বাবে আমাৰ প্ৰয়োজন হ'ব যুৱ প্ৰজন্মক।
            আমি আমাৰ যুৱ প্ৰজন্মক সমাজমুখী কৰি গঢ়ি তুলিব লাগিব। সামাজিক, নৈতিক, মূল্যবোধ আদি শিক্ষাৰে যুৱ প্ৰজন্মক শিক্ষিত কৰি তুলিব লাগিব। যাৰ দ্বাৰা যুৱ প্ৰজন্মই সমাজ খনৰ প্ৰতি, নিজৰ সংস্কৃতিৰ প্ৰতি ধাৱিত হৈ সমাজখনক এটা নতুন মাত্ৰা দিব পাৰিব। ইয়াৰ দ্বাৰা সামাজিক ব্যাধি বোৰ নোহোৱা হ'ব । এই সকলোবোৰ সম্ভৱ হৈ উঠিব তেতিয়া যেতিয়া আমাৰ সমাজখন সংস্কাৰ হ'ব, সমাজৰ বৰমুৰীয়া সকলে সামাজিক শ্ৰেণী বিভাজন, এককেন্দ্ৰিক শাসন পৰিহাৰ কৰি জনমুখী ব্যৱস্থা  কৰিব, নিজৰ পিতৃ মাতৃয়ে সন্তানে অসমীয়া ক'ব নাজানে বুলি কৈ গৌৰৱ কৰাৰ বিপৰীতে সন্তানক নিজৰ জাতীয় সংস্কৃতিৰ প্ৰতি সন্মান দিবলৈ শিকাব, সভাই সমিতিয়ে জাতীয়তাবাদৰ কথা কোৱাকৈ নিজকে নেতা বুলি পৰিচয় দিয়া সকলে যেতিয়া প্ৰকৃততেই জাতীয়তাবাদী চেতনাৰে উদ্বুদ্ধ হৈ নিজৰ জাতীয় সংস্কৃতিৰ প্ৰতি দায়িত্ব পালন কৰিব, তেতিয়াই সমাজখন সংস্কাৰ হ'ব । সমাজত নতুন দিগন্ত উদয় হ'ব। সমাজৰ পৰা দলিয়াই দিব লাগিব দুৰ্নীতি, আত্মকেন্দ্ৰিকতাৰ ভাৱ আৰু তেতিয়াই এখন নতুন সমাজ গঢ়ি উঠিব, য'ত সবল ভাবে প্ৰতিনিধিত্ব কৰিব যুৱ প্ৰজন্মই। গজি উঠিব অপসংস্কৃতিবিহীন নতুন জাতীয় সংস্কৃতিৰ বীজ। সেই বীজৰ অংকুৰনত নতুন সংস্কৃতিত দিবাকৰে হাঁহিব। সমাজে গতি কৰিব বিশালতাৰ পৰা বিশালতালৈ। মানুহ আগবাঢ়িব উন্নতিৰ সুউচ্চ শিখৰলৈ, বেজবৰুৱাৰ ভাষাত -
"বাজক ডবা বাজক শঙ্খ বাজক মৃদং খোল ।
অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল ।।"
সমাজ বুলি ক'লে আমি কি বুজোঁ? সমাজ মানে কি? বৰ্তমান সময়ত এই কথাৰ উত্তৰ একেষাৰতে দিব নোৱাৰি। সমাজ বুলি ক'লে আমাৰ মনলৈ আহে মানুহৰ মাজত গঢ়ি উঠা এক সমূহীয়া ঐক্যবদ্ধ বান্ধোন বা এক সমূহীয়া ব্যৱস্থা। য'ত দায়বদ্ধ হৈ পৰে এজনে আনজনৰ প্ৰতি। মানৱীয় মূল্যবোধ আৰু ব্যক্তিত্বৰ পৰিচয়েৰে গঢ় লৈ উঠে এখন সুন্দৰ সমাজ। মানুহ হৈছে সামাজিক প্ৰাণী।সমাজ অবিহনে মানুহ জীয়াই থকাটো সম্ভৱ নহয়।এখন সুন্দৰ সমাজেহে এজন ভাল মানুহৰ জন্ম দিব পাৰে। সমাজ আকৌ সংস্কৃতিৰ লগতো জড়িত হৈ আছে। এখন সমাজতেই প্ৰস্ফুটিত হৈ উঠে জাতীয় সংস্কৃতিৰ স্বৰূপ। কিন্তু বৰ্তমান সমাজ আৰু সংস্কৃতিৰ মাজৰ সম্পৰ্ক আৰু সমাজ ব্যৱস্থা ক্ৰমান্বয়ে শিথিল হৈ আহিছে। সংস্কৃতিয়ে ৰূপলৈছে অপসংস্কৃতিৰ আৰু সমাজ হৈ পৰিছে এককেন্দ্ৰিক, আৰু অৰাজক । বৰ্তমান সমাজ ব্যৱস্থাত গঢ়ি উঠিছে এককেন্দ্ৰিক , স্বৈৰাচাৰী শাসন। সমাজত সাধাৰণ জনতাৰ হিতৰ বিপৰীতে এচাম ক্ষমতা লোভী বৰমুৰীয়াই সমাজক লৈ গৈছে আত্মকেন্দ্ৰীকতাৰ এখন মুক্ত বজাৰলৈ। য'ত বিভাজিত হৈছে উচ্চ- নীচ, ধনী- দুখীয়া দুটা শ্ৰেণী। শোষণ কৰা হৈছে ধনবল- বহুবলে দৰিদ্ৰ-দুৰ্বলজনৰ ওপৰত। যাৰ বাবে মানুহে সমাজৰ প্ৰতি আস্থা হেৰুৱাই হৈ পৰিছে সমাজ বিৰোধী। ফলস্বৰূপে বাঢ়ি আহিছে সামাজিক ব্যাধি। মানুহে অনুসৰণ কৰিছে অসামাজিক কাৰ্যকলাপ।
               
              দীপক বৰা, দেৰগাঁও
              ফোন- ৮৬৩৮৯৪৮০২১

No comments:

Post a Comment