নিচা খাই নিচা লগা সময়বোৰ
মৰ্মৰাই উঠিছে,
ক’বলৈ এতিয়া একো নাই
সকলো নিঃকিন একোটা জঁকা ,
মঙহ মেৰিয়াই কাউৰীৰ ময়ুৰ নাচোন
ভাল নলগাৰ কথাই কথাবোৰ...
বাহিৰৰ সমাগমত মঙহবোৰ নাচি থাকে ,
ভিতৰৰ বিষণ্ণতাত জঁকাবোৰ ডুবি থাকে ৷
মৰ্মৰাই উঠিছে,
ক’বলৈ এতিয়া একো নাই
সকলো নিঃকিন একোটা জঁকা ,
মঙহ মেৰিয়াই কাউৰীৰ ময়ুৰ নাচোন
ভাল নলগাৰ কথাই কথাবোৰ...
বাহিৰৰ সমাগমত মঙহবোৰ নাচি থাকে ,
ভিতৰৰ বিষণ্ণতাত জঁকাবোৰ ডুবি থাকে ৷
নিচা খাই নিচা লগা সুৰ এটাই বিৰ্বিৰাই-
ফুটপাথৰ নলাত কক্বকাই থকা
ইতিহাস গৰকা অস্তিত্বৰ অৱসাদ আৰু বিষণ্ণতাৰ কথা ৷
ফুটপাথৰ নলাত কক্বকাই থকা
ইতিহাস গৰকা অস্তিত্বৰ অৱসাদ আৰু বিষণ্ণতাৰ কথা ৷
জঁকাই পিন্ধি লোৱা মঙহবোৰে ভাৱে
সিহঁত ৰাজকীয় ভাস্কৰ্য...
নলাৰ কীটবোৰে মঙহৰ ভৰত পোত খাই থকা
শৱবোৰৰ শৰাধ মন্ত্ৰ জপে ৷
সিহঁত ৰাজকীয় ভাস্কৰ্য...
নলাৰ কীটবোৰে মঙহৰ ভৰত পোত খাই থকা
শৱবোৰৰ শৰাধ মন্ত্ৰ জপে ৷
কথাবোৰ ৰাজহাড় চোবাই খোৱা সময়ৰ...
মৌনতা আৰু আস্ফালনৰ চাকনৈয়াত
আজি কোন উঠে কোন নামে
কোনে ধৰে শতিকাৰ অন্তিম গাণ্ডীৱ!!!
মৌনতা আৰু আস্ফালনৰ চাকনৈয়াত
আজি কোন উঠে কোন নামে
কোনে ধৰে শতিকাৰ অন্তিম গাণ্ডীৱ!!!
No comments:
Post a comment