চাৰজিনা চহৰীয়াৰ প্ৰবন্ধ "লোক নাট্যৰ উ‌ৎপত্তি আৰু বিকাশৰ এটি চমু অধ্যয়ন" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

চাৰজিনা চহৰীয়াৰ প্ৰবন্ধ "লোক নাট্যৰ উ‌ৎপত্তি আৰু বিকাশৰ এটি চমু অধ্যয়ন"

             
পৃথিৱীৰ নাটক উৎপত্তিৰ মূল উৎস হৈছে ধৰ্মীয় উৎসৱ । ঠিক সেইদৰে অসমীয়া নাটকৰ সৃষ্টিৰ অন্তৰালত  ধৰ্মৰ প্ৰভাৱ অনস্বীকাৰ্য । প্ৰাচীন কালৰে পৰা নাট্য ধমী কিছুমান অনুষ্ঠান জনসমাজত প্ৰচলিত হৈ আহিছিল । এই থলুৱা অনুষ্ঠান সমূহৰ কিছুমানে শংকৰদেৱক নাট ৰচনাত সহায় কৰিছিল ।অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে নৱ -বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে নাট ৰচনা কৰি অভিনয় কৰিছিল। সেই নাটক সমূহক অংকীয়া নাট বুলি কোৱা হয় । মানুহৰ মনত আনন্দ প্ৰদানৰ উৎকৃষ্ট মাধ্যম ৰূপে অসমৰ লোক সংস্কৃতিত ওজাপালি, ঢুলীয়া, পুতলা নাচ আৰু পাৰ্শ্বত্য নাট্যানুষ্ঠান সমূহে গুৰুত্বপূৰ্ণ স্হান লাভ কৰি আহিছে।।                                  ‌    অসমৰ লোকনাট প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি নৃত্য-গীত প্ৰধান,অৰ্ধনাটকীয় আৰু যাত্ৰা, ওজাপালি, ঢুলীয়া ভাৱনা, পুতলা নাচ, জয় ঢুলীয়া, খুলীয়া ভাৱনা, আপীওজা, কুশান গান , দোতৰা গান, বাঁহী -পূৰান, মৰাই পূজাৰ গান, ময়না মতী, নয়নাভিশ্বৰী ইত্যাদি প্ৰথম শ্ৰেনীত ধৰিব পাৰি। লোকনাটৰ গোটেই কেইটা বিভাগৰ অনুষ্ঠান সমূহ নৃত্য আৰু গীতেৰে সমৃদ্ধ। আনহাতে দ্বিতীয় শ্ৰেণীত ভাৱৰীয়া পদ্ধতি, নামভাৱনা, চড়ক,পূজা গীত, মথনী আদি অনুষ্ঠান সমূহক অন্তৰ্ভুক্ত কৰিব পাৰি ।লোকনাটৰ সকলো উপকৰনেৰে পূন নহ'লেও এইবোৰ অনুষ্ঠানৰ কাষ কলাপত স্পষ্ট নাট্য গুণ বিৰাজমান হৈ আছে। তৃতীয় শ্ৰেণীত পৰে গোৱালী যাত্রা, মনাই যাত্রা আৰু ভাসান যাত্রা নামক অনুষ্ঠান।।                             ‌      অসমৰ প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান সমূহৰ ভিতৰত ওজাপালি প্ৰধান ।ওজাপালি প্ৰাক্ শংকৰী যুগৰ পৰা অসমত প্ৰচলন হৈ আহিছে। কামৰূপ আৰু দৰঙত অধিক জনপ্ৰিয় এই অনুষ্ঠান । মহাপুৰুষ শংকৰদেৱে সত্ৰ প্ৰতিষ্ঠা কৰিছিল‌। আনহাতে তেতিয়াৰ পৰা সএ সমূহত ওজাপালিৰ চৰ্চা কৰি অহা হৈছে‌। ওজা মানে গুৰু আৰু পালি মানে সহকাৰী অৰ্থত ব্যৱহাৰ হৈছে। ওজাই পালিৰ সহযোগত নৃত্য-গীত অভিনয় সম্বলিত যি অনুষ্ঠান পৰিৱেশন কৰে সেয়ে ওজাপালি । একোটা ওজাপালি দলত এজন ওজা আৰু পাঁচ-ছয়জন পালি থাকে। ওজাজন নৃত্য গীতত পাৰ্গত হ'ব লাগে। ওজাই দিহা ৰে আৰম্ভ কৰি একোটি পৌৰাণিক কাহিনী বিভিন্ন ৰাগত গাই বায় আৰু পালি সকলে খুটি তাল বজাই সেই গীত দোহাৰে আৰু ভৰিৰে তাল ৰাখি থাকে। গীতৰ লগে লগে ওজাই হাতৰ মুদ্ৰা প্ৰদশন কৰে আৰু বিশেষ ভংগীৰে নাচে। ওজাই বিশেষ ধৰনৰ সাজ -পাৰ পিন্ধে । পালি সকলৰ পোছাক সাধাৰণ ধৰণৰ, চুটি -ধুতি আৰু চোলা। পালি সকলৰ মাজত আকৌ এজন মুখ্য পালি থাকে। তেওঁক ডাইনা পালি বোলে।তেওঁ ওজাৰ সোহাত স্বৰূপ। ওজা আৰু ডাইনা পালিৰ কথোপকথন আৰু অংগী ভংগীয়েই ওজাপালিক নাট ধমী অনুষ্ঠানত পৰিনত কৰিছে। কিন্তু পূণাংগ নাটকৰ অভিনয় দৰে ওজাপালি বাবে কোনো আৰ কাপোৰ অথবা বিশেষ কোনো মণ্ঞৰ প্ৰয়োজন নহয় । দশকৰ মাজত বা দাতিৰ এডোখৰ খালি ঠাইতেই অনুষ্ঠান পৰিৱেশন কৰা হয়।                                                    ‌‌‌‌‌     অতি প্ৰাচীন কালৰে পৰা ঢুলীয়া কাম কাজ অসমীয়া সমাজক আখ্যা দি আহিছে। এটা ঢুলীয়া দলত চাৰি -পাচ জনৰ পৰা কুৰি পচিছ জনলৈকে মানুহ থাকে। তেওঁ লোকৰ মাজত এজন তালী অথাত তাল বজোৱা মানুহ আছে। ঢুলীয়াৰ দৰে ঢোল-তাল বজাই আৰু বিভিন্ন কৰম -কৌশল প্ৰদশন কৰি জনসাধাৰণক মনোৰঞ্জন দিয়ে ।                                     ‌      ভাৰতবষত প্ৰাচীন সাংস্কৃতিক অনুষ্ঠান  হিচাপে পুতলা নাচ বিশেষ ভাৱে উল্লেখ যোগ। মহাভাৰতৰ বনপব আৰু উদোগ পবত পুতলা নাচৰ বিষয়ে উল্লেখ আছে। চীন জাপান আদি দেশত পুতলা নাচৰ পৰম্পৰা অতি প্ৰাচীন।অসম , ৰাজস্থান, উৰিষ্যা আদি ঠাইত পুতলা নাচৰ বিশেষ প্ৰচলন আছে। কালি পুৰাণত পুতলাক বুজাবলৈ "পান্ঞালিকা শব্দ প্ৰয়োগ কৰা হয়।   পুতলা নৃত্য ৰ এটা দলত সাধাৰণ তে চাৰি পাচজনকৈ মানুহ থাকে। তেওঁ লোকৰ এজনক  বায়ন আৰু আন কেইজনক পালি বোলা হয়। কুহিলাৰে নিমান কৰা পুতলা সমূহ সন্ছালন সহায়েৰে ৰূপায়িত কৰা ৰ দায়িত্ব তেওঁ ৰ ওপৰত বহন কৰা হয়। তেওঁ মণ্ছৰ এদাতিত তৰা এখন আৰ কাপোৰৰ অন্তৰালত থাকি সমগ্ৰ অনুষ্ঠান পৰিচালনা কৰে। মিহি ক'লা সূতাৰে পুতলা বোৰৰ সৈতে সংযোগ কৰি তেওঁ সিহঁতক  নচুৱায় সিহঁতৰ প্ৰৱেশ , প্ৰস্থান আদি সকলো নিয়ন্ত্ৰণ কৰে। সুবিধা অনুসৰি পেপা বজাই পুতলাবোৰৰ মুখত মাত দিয়ে । মুঠৰ ওপৰত সূএ ধাৰে সুন্দৰ কলা -কৌশলৰ জৰিয়তে পুতলা সমূহ প্ৰায় জীৱন্ত চাৰি পৰিণত কৰে। আনহাতে দূষ্টি নণ্দন নৃত্য ভংগীৰে দশকক মনোৰঞ্জন দিবলৈ সমথক হয়।                                         ‌      ওপৰত অসমৰ থলুৱা নাট্য ধমী অনুষ্ঠান সমূহ ৰ বিষয়ে এটি চমু বিৱৰণ দাঙি ধৰা হ'ল । এই অনুষ্ঠান সমূহৰ উপৰিও অসমৰ বিভিন্ন ঠাইত জনগোষ্ঠীৰ মাজত প্ৰচলিত আৰু ভালেমান সৰু সুৰা অনুষ্ঠান প্ৰচলিত হৈ আহিছে।

No comments:

Post a Comment