সম্পাদকীয়ঃ প্ৰিণ্ট মেডিয়া আৰু ডিজিটেল মেডিয়া - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সম্পাদকীয়ঃ প্ৰিণ্ট মেডিয়া আৰু ডিজিটেল মেডিয়া

   
 কেইদিনমানৰ আগৰ কথা । "লেখা আহ্বান " বুলি এটি চমু টোকা লিখি ফেচবুক, টুইটাৰ, ইণ্স্ট্ৰগাম সকলোতে শ্বেয়াৰ কৰিছিলোঁ । পাঁচটা মান হোৱাটচএপ গ্ৰুপটো শ্বেয়াৰ কৰিছিলোঁ টোকাটো । তাৰে দুটা গ্ৰুপৰ পৰা প্ৰায় একে ধৰণৰ উত্তৰ আহিল ।
"আমাৰ লিখা-মেলা কৰা গ্ৰুপ আছে । তাতে সদায় শ্বেয়াৰ কৰোঁ ।সৰ্বমোঠ ২০০ জন সদস্য আছে । বেলেগকৈ আলোচনীত লেখা-মেলা কৰাৰ কোনো প্ৰয়োজন নাই ।"
ইয়াৰ অৰ্থ এইটোৱে যে সেই গ্ৰুপটোত গল্প কবিতা আদি শ্বেয়াৰ কৰিলে অতি কমেও ২০০ জন মানুহে দেখা পায় । ভাল কথা । কিন্তু কেইটামান কথা মন কৰিছেনে সাহিত্য কেৱল ২০০ বা ৩০০ জন মানুহৰ মাজতে সীমাবদ্ধ নেকি ? নিশ্চয় নহয় । তেনেহ'লে সাহিত্যমূলক গ্ৰুপ এটাত গল্প, প্ৰবন্ধ বা যিকোনো ধৰণৰ সাহিত্যমূলক সৃষ্টি শ্বেয়াৰ কৰিয়ে আৰু কৰিবলগা একো নাই বুলি ভবা কথাটো কিমানদূৰ গ্ৰহণযোগ্য ?
১৫ বছৰ আগৰ কথা । তেতিয়া এতিয়াৰ দৰে সকলো ক্ষেত্ৰতে ডিজিটেল বা অনলাইনৰ সুবিধা সহজলভ্য নাছিল । প্ৰিণ্ট মেডিয়াৰ ( বাতৰি কাকত, আলোচনী তথা বিভিন্ন ধৰণৰ কিতাপ) যথেষ্ট আদৰ আছিল । এতিয়া আপোনাৰ চৌপাশে এবাৰ মন কৰকচোন, টকা-পইচাৰ লেনদেনৰ পৰা আদি কৰি বাছ ট্ৰেইনৰ টিকট কটালৈকে সকলোতে ডিজিটেল । এতিয়া আৰু আগৰ দৰে বেংকত গৈ লাইন লাগিব নালাগে । চকুৰ পলকতে সকলো সম্ভৱ । অৰ্থাৎ বিজ্ঞানে সকলো সম্ভৱ কৰি তুলিছে ।
বৰ্তমান সময়ত ডিজিটেল মেডিয়াৰ ইমানেই প্ৰভাৱ পৰিলক্ষিত হৈছে যে বাতৰি কাকতত গল্প কবিতা বা যিকোনো ধৰণৰ লেখা এটা প্ৰকাশ পোৱাৰ পাছত আকৌ ডিজিটেল মাধ্যমৰ যোগেদি ( ফেচবুক, টুইটাৰ, ইউটিউব ) শ্বেয়াৰ কৰিহে পাঠকৰ কাষ চপোৱা হয় । অৰ্থাৎ বেছিভাগ পাঠকেই বাতৰি কাকত বা আলোচনী খন কিনি আনি পঢ়িব নিবিচাৰে । অৰ্থাৎ যিটো বস্তু হাতৰ মুঠিতে পোৱা যায় সেইটো বস্তু পইচা খৰচ কৰি কিনি আনেই বা কিয়? প্ৰিণ্ট মেডিয়াৰ বাবে এইটো সঁচাকৈয়ে দুখৰ বিষয় । যদিয়ো ডিজিটেল মেডিয়াৰ চাহিদা অধিক তথাপিয়ো প্ৰিণ্ট মেডিয়াক আমি শেষ কৰি দিব নোৱাৰোঁ । আমি সকলোৱে মিলি ইয়াক জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত । 

No comments:

Post a Comment