বোকাখাত আৰক্ষীয়ে যোৱা নিশা আৰক্ষীৰ বিৰুদ্ধে চলোৱা এক অভিযানত ২ টা চিকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ- শস্ত্ৰও উদ্ধাৰ ৷ - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

বোকাখাত আৰক্ষীয়ে যোৱা নিশা আৰক্ষীৰ বিৰুদ্ধে চলোৱা এক অভিযানত ২ টা চিকাৰী গ্ৰেপ্তাৰ কৰাৰ লগতে অস্ত্ৰ- শস্ত্ৰও উদ্ধাৰ ৷

   
বোকাখাত আৰক্ষীয়ে গড় চিকাৰীৰ বিৰুদ্ধে চলোৱা অভিযানত বোকাখাতৰ শিলজুৰিৰ বিনোদ কৰ্মকাৰ আৰু জখলাবন্ধাৰ গোঁহাইবাৰীৰ কৃষ্ণ কৰ্মকাৰ নামৰ দুটা গড় চিকাৰী গ্ৰেপ্তাৰ কৰে ৷ বোকাখাত থানাৰ উপ পৰিদৰ্শক দেৱেন বৰাই যোৱা ২০ দিন নিৰৱচিন্ন ভাৱে চলোৱা অভিযানত এই সফলতা লাভ কৰে ৷ জখলাবন্ধাৰ কোটিপতি শিল ব্যৱসায়ী কৃষ্ণ কৰ্মকাৰে গড় হত্যাৰ পৰিকল্পনাৰে বোকাখাতৰ বিনোদ কৰ্মকাৰৰ লগত যোগাযোগ কৰি ডিমাপুৰৰ পৰা অস্ত্ৰ যোগাৰ কৰে ৷অস্ত্ৰবোৰ বিনোদৰ ঘৰৰ বাৰীৰ পাছফালে মাটিত পুতি ৰাখিছিল। গঁড় হত্যাৰ বাবে  শ্বুটাৰো মাতি আনিছিল যদিও আৰক্ষীৰ অভিযান কালত শ্বুটাৰটো পলাই যাবলৈ সক্ষম হয়  ৷ যোৱা নিশা বিনোদৰ ঘৰত লুকুৱাই ৰখা অৱস্থাত এটা মেগজিন,7জাই সজীৱ গুলি ,এটা ৩০৩ ৰাইফল আৰু চাইলেঞ্চাৰ উদ্ধাৰ কৰে ৷
পপী শইকীয়া
বোকাখাত।

No comments:

Post a Comment