মনালিচা শইকীয়াৰ "আধাৰশিলা " - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মনালিচা শইকীয়াৰ "আধাৰশিলা "

 
   গাৰ কাষেৰে তড়িৎ গতিত পাৰহৈ যোৱা গাড়ীখনৰ শব্দত পৰিধি চক্ খাই উঠিল। তাই আপোনমনে খোজকাঢ়ি আহি আছিল। সাধাৰণতে তাই আদবাটতে ৰিক্সাখন এৰি দি এইখিনি বাট এনেকৈ খোজ কাঢ়ি আহিবলৈ ভালপায়। গাৱঁলৈ সোমোৱা বাটটোৰ দুয়োকাষে মানুহৰ ঘৰবোৰ আৰু  মাজে মাজে পথাৰবোৰ। জান এটাও আছে। জানটোৰ ওপৰত থকা কালভাৰ্টৰ দলং খনত উঠি উত্তৰলৈ চালে দেখা পোৱা মন্দিৰটো তাইৰ বৰ আপোন। মন্দিৰটো দেখাৰ লগে লগে তাইৰ মনলৈ সদায় আহে সেই কথাষাৰ " হাতখন এৰি নিদিবা"।  নেৰে , এই হাতখন তাই কেতিয়াও নেৰে। আস্থা আৰু  বিশ্বাসৰ একমাত্ৰ হাত । তাইৰ আপোন হাত। এইযে বাটৰ কাষৰ পথাৰ বোৰ! এইবোৰেই তাইক লৈ যায় সোনোৱালী অতীতৰ সুদিনবোৰলৈ। মনৰ গহনত থুপ খাই থকা অসংখ্য পথৰুৱা স্মৃতি এই পথাৰ কেইখনেই আজিও সজীৱ কৰি ৰাখিছে। আৰু   মানুহৰ ঘৰবোৰ! তাই এই বাটখিনি খোজকাঢ়ি ওলাই যাওঁতেই সকলোৰে খা খবৰ লৈ যায় । ঘৰখন সোমোৱাৰ পাছত তাই সাধাৰণতে আকৌ ওলাই গৈ মানুহৰ ঘৰ ফুৰা, খা খৱৰ কৰা কামবোৰ কৰিবলৈ খুৱ কম সময় মিলাব পাৰে। কিন্তু খোজকাঢ়ি ওলাই অহা সময়খিনি তাইৰ নিজৰ। সেইখিনি সময় তাই তাইৰ মতে পাৰ কৰে। ভাল লাগে পৰিধিৰ এনেকৈ খোজকাঢ়ি সদায় ওলাই আহিবলৈ। সেইবাবেই গাঁৱৰ বাটতো তাইৰ বৰ আপোন। আপোনমনে আহিব পৰা এটা নিজা বাট। কিন্তু আজিৰ কথা সুকীয়া। গাৱঁলৈ মন্ত্ৰী আহিছে। আধাৰশিলা স্থাপন কৰিব। পকী বাটৰ আধাৰশিলা।
                    তড়িৎ গতিৰে পাৰহৈ যোৱা গাড়ীখনলৈ মূৰ তুলি চাবলৈ লওঁতেই ইখনৰ পাছত সিখনকৈ প্ৰায় পঁচিশ খন মান গাড়ী চকুৰ পলকতে পাৰ হ'ল। দুদিনমানৰ আগতে ঘৰৰ মানুহজনে সন্ধিয়া খোজকাঢ়ি আহি তাইক সুধিছিল " দাদাহঁতৰ সন্মুখত কিহৰ আধাৰশিলা পাতিছে গম পোৱানে?" তাই নাজানে বুলি কৈছিল। গুনোৎসৱৰ চিন্তাত মানুহজনেও পাহৰিলে আৰু তাইৰো কাকো সোধা নহ'ল। আজি গাড়ীবোৰ আহিলতহে মনত পৰিল কথাটো। বাহিৰে বাহিৰে পৰিধিও আধাৰশিলাৰ ওচৰ পালেগৈ। শেষৰ গাড়ীখন তাহাঁতৰ পদূলি মুখত ৰোৱালৈ মন্ত্ৰীয়ে গামোছা পিন্ধি, নাৰিকল ভাঙি আধাৰশিলা স্থাপন কৰিলে। নৱৰাজনে তাইকো এটুকুৰা নাৰিকল দিলে। মন্ত্ৰীৰ সময় নাই। আজি 'আধাৰশিলা দিৱস' হেনো। দূপৰীয়া এক বজালৈ প্ৰায় বিশটা আধাৰশিলা স্থাপন কৰা মন্ত্রীয়ে আৰু  প্ৰায় দহটা আধাৰশিলা স্থাপন কৰিব লাগিব। আধাৰশিলাৰ ৰাজনীতিৰ মেৰপেঁচত পৰি সাধাৰণ জনতাই আকৌ জীয়াতু ভূগিব। উফ্ এই বাটছোৱাৰ প্ৰথমটো আধাৰশিলাই এই গাঁৱৰ ৰাইজক কম ভূগালেনে বাৰু! মনত পৰিলে আজিও তাইৰ আধাৰশিলা পতা মন্ত্রী বিধায়কবোৰক গালি দিবলৈ মন যায়!
             পৰিধিহঁতৰ গাৱঁলৈ সোমোৱা বাটতো আগতে শিল দিয়া কেঁচা বাট আছিল। নতুন চৰকাৰখনৰ আগৰখন চৰকাৰৰ দিনত বিধায়কে ঢাক ঢোল বজাই বিয়াগোম সভা পাতি পকী পথৰ আধাৰশিলা স্থাপন কৰিলে। তাৰ পাছত গাঁৱৰ ৰাইজৰ কি দূৰ্গতি! কাম আগনাবাঢ়ে কোনোমতে। শুকান দিনকেইটা ধূলিৰে পোত খালে সকলো। বাৰিষা অহাৰ ঠিক আগে আগে দিলে কালভাৰ্ট কেইটা ভাঙি। পথাৰেদি একাঁঠু  বোকা গছকি মানুহ ওলাই যাব লাগে। বৰষুণ দিলে জানটোত পানী হয় আৰু  তেতিয়া গোটেই ঠাইখন ঘুৰিহে মানুহে নিজৰ ঘৰটো পায়হি। তেনেতে পূঁজিৰ অভাৱ ঘটিল। আধাৰশিলা বিধায়কৰ ঘৰলৈ ৰাইজে তাঁতবাতি কৰি তত্ নোপোৱা হ'ল। পৰিধিৰ জীৱনৰ চৰম দূৰ্যোগৰ দিন আছিল সেইকেইটা। পুৱাতে প্ৰাইভেট চাকৰিটোলৈ ওলাই গৈ মাজতে তাই সদায় দুই বজাত এঘণ্টাৰবাবে ঘৰ আহে। পুনৰ নিজৰ দোকানখনলৈ গৈ ৰাতি আঠ বজাত ঘুৰি আহোতে তাই চেণ্ডেল হাতত লৈ বোকা পানী খচকি ঘৰ পাইছিলহি। কষ্ট হ'লেও আশা বাটতো পকী হ'ব। কিন্তু ভৱা কথাবোৰ নহয়গৈ। কালভাৰ্টৰ দলং আধাখনীয়াহৈয়ে পৰি থাকে। অবশেষত চূড়ান্ত বাকবিতণ্ডাৰ পৰিণতিত বাটতোৰ এছোৱা পকীকৰণ হ'ল আৰু  আনছোৱা তেনেকৈয়ে পৰি ৰ'ল। বিধায়কে স্থাপন কৰা আধাৰশিলাটো কোনোবাই ৰাতিতে ভাঙি থৈ গ'ল। ফলকখনৰ সোণ জিলিকা আখৰবোৰ নোহোৱা হ'ল।  আজি পুনৰ থাকিযোৱা সেইছোৱা বাটৰ আধাৰশিলা স্থাপন কৰা হৈছে। পুনৰ এইছোৱা বাটত থকা মানুহবোৰৰ দূৰ্গতি আৰম্ভ হোৱাৰ দিন পৰিছে। পৰিধিৰ চকুত সোণ জিলিকাদি নতুনকৈ স্থাপন কৰা আধাৰশিলাৰ আখৰকেইটা জিলিকি উঠিছে ।               মনালিছা শইকীয়া, বোকাখাত

No comments:

Post a Comment