ৰিয়া হাজৰিকাৰ গল্প "জীৱন..... জীৱন বৰ অনুপম" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ৰিয়া হাজৰিকাৰ গল্প "জীৱন..... জীৱন বৰ অনুপম"

 বৰষুণজাক ক্ৰমশ: ডাঙৰ হৈ আহিছে। শিখাই নিজৰ কোঠাৰ ভিতৰতে খিৰিকীৰ কাষত বহি  টিনপাতৰ বুকুৱেদি পানী বাগৰি আহি পানীপোটাত পৰা দৃশ্যবোৰ একান্তমনে চাই আছে । কিমান দিনযে হ'ল এনে এজাক বৰষুণৰ স'তে মূখামুখি নোহোৱা। অৱশ্যে  বৰষুণ নিদিয়াকৈ থকা নাই। বতৰৰ কাম বতৰে ভালকৈয়ে পালন কৰি আহিছে। কিন্তু কৰ্ম ব্যস্ততাত পৰি তাই সময়ৰ হে অভাৱ। পুৱাই কৰ্মস্থলীলৈ ওলাই গৈ চৌদিশে নানা কাগজ পত্ৰ, ফাইল আদিৰে সু-সজ্জিত টেবুলখনত  বহাৰে পৰা আৰু ৰক্ষা নাই। বাহিৰত বৰষুণ নালাগে ধুমুহা আহিলেও তাই গ'মেই নাপায়। দিনজোৰা কৰ্তব্য শেষ কৰি গৃহমূখী হওঁতে সেমেকা পথ দেখিলেহে অনুভৱ কৰে 'আজিও মানে বৰষুণ দিছিল!' আচৰিত কেনেকৈ যে পাৰ হৈ যায় সময়বোৰ! সৌ সিদিনালৈকে পিঠিত কিতাপৰ বেগটো বান্ধি স্কুললৈ ঢাপলি মেলা আৰু বৰষুণৰ আগজাননী পাই মায়ে বেগৰ কাষত  ফুললগা ছাতিটো ভৰাই দিয়া কথাবোৰ আজিচোন বহুত অতীত হৈ পৰিল। বাটত জোৰকৈ বৰষুণ দিবলৈ বৰুণ দেৱতাক উদ্দেশ্যি কিমানবাৰযে প্ৰাৰ্থনা কৰিছিলো! আৰু বৰষুণ দিলেই মনটো আনন্দৰে ভৰি পৰিছিল । তেতিয়া কেৱল চিঞৰী উঠিছিলো- "বৰুণ দেৱতাই মোৰ প্ৰাৰ্থনা শুনিলে।" আস! জীৱন... জীৱন বৰ অনুপম।

               সময় পাখিলগা কাড়ৰ দৰে, এবাৰ যি গ'ল আৰু ঘূৰি নাহে। ভুলতে হ'লেও এবাৰ যদি আহিলেহেঁতেন...! তেতিয়া আৰু  ভগৱানক  মোক  সোনকালে ডাঙৰ কৰিবলৈ কেতিয়াও প্ৰাৰ্থনা নকৰিলোহেঁতেন। বৰঞ্চ ক'লোহেঁতেন- "মোক এনেকৈয়ে ৰাখা প্ৰভূ, মই ডাঙৰ মানুহ হ'ব নিবিচাৰো। মই কেৱল আৰু কেৱল মা-দেউতাৰ বুকুৰ উমেৰে উমাল হৈ থাকিব বিচাৰো।" কিন্তু এইয়া জানো সম্ভৱ ? এই পৃথিৱীখনো কিযে নহয়; ইচ্ছা কৰিলে কাৰোবাক মাৰি পেৰাব পাৰে, ইচ্ছা কৰিলেই কাৰোবাৰ জীৱনৰ গতি সলনি কৰি দিব পাৰে অথচ নিজে এৰি অহা সময়খিনি বিচাৰিলেও ঘূৰাই আনিব নোৱাৰে!
              হৰ্ঠাৎ তাই কাষতে থকা মোবাইলটো বাজি উঠিল। ঋষিৰাজৰ ফোন। কিমানবাৰ মানা কৰিছো তাক মোলৈ ফোন নকৰিবলৈ কিন্তু সি নাচোৰবান্দা। 'তোমাক এৰি থাকিব নোৱাৰো মই' -সদায়ে এইটোৱে ভাষ্য। ইমানেই যদি প্ৰয়োজন আছিল মোক, কিয় কৰিব লাগে এনে বিশ্বাসঘাটকতা?  মইও জানো  হিয়া উজাৰি ভাল পোৱা নাছিলো তেওঁক? প্ৰথম চিনাকিৰেপৰা সৌ সিদিনালৈকে প্ৰতিটো দিনৰ প্ৰতিটো মুহুৰ্ত হৈ পৰিছিল কেৱল ঋষিকেন্দ্ৰিক। নাজানো সেইদিনাৰ সেই মুহুৰ্তটো মোৰ বাবে ভালেই আছিল নে বেয়া। কেতিয়াবা ভাৱো ভালেই আছিল ছাগে অন্তত মোক বিশ্বাসঘাটক কৰি অহা এজন চতুৰ মানুহক  নিজ হাতে ধৰা পেলাব পাৰিলো। নহ'লেটো ঘৰৰপৰা কথা আগবঢ়োৱাৰ পিছত একো সিন্ধান্তই ল'ব নোৱাৰিলোহেঁতেন। কিন্তু কিছু মুহুৰ্তত আকৌ নভৱাকৈয়ো নাথাকো যে সেইয়া তেওঁ ক্ষন্তেকীয়া ভুলহে আছিল মাথো। আৱেগৰ হেঁচাত বিবেকৰ নিয়ন্ত্ৰণ হেৰুৱাই অস্থিৰ হৈ পৰা এটা মুহুৰ্তহে মাথো। কিন্তু যিজনে জীৱশ্ৰেষ্ঠ মানুহৰ জনম লৈ নিজৰে এই ক্ষুদ্ৰ মুহুৰ্তবোৰো শুদ্ধমতে পৰিচালিত কৰিব নোৱাৰে তেওঁনো অন্য এজনক উৰে জীৱন কিদৰে পৰিচালিত কৰিব?
       খিৰিকীখন জোৰেৰে বন্ধ কৰি  দি বিচনাতে বাগৰি পৰিলো। চাই থাকিব নোৱাৰো আৰু ঘন ঘন বৰষুণৰ টোপালবোৰ। এনে কতজাক বৰষুণত তিতিছিলো তেওঁৰ স'তে। তেওঁৰ নীলা ৰঙৰ পালচাৰ বাইকৰ পিছত বহি বৰষুণত তিতাৰ আনন্দই আছিল সুকীয়া। সেই দিনবোৰত ভিজা চুলিৰ আগেৰে নিগৰি বোৱা বৰষুণৰ পানীৰবোৰৰদৰেই আজি মোৰ দুচকুৱে বৈ গৈছে কেৱল চকুলো। এতিয়াও যদি কেতিয়াবা তেওঁৰ ফোনটো ৰিচিভ কৰো সিফালৰপৰা ভাঁহি অহা ভাষ্যবোৰ শুনিলে মনৰপৰা ঋণাত্মক অনুভৱবোৰক পাহৰি আপোন কৰি ল'বলৈ মন যায়। কিন্তু  ভৱাৰদৰে কথাবোৰ নহৈ যদি বিপৰীত দিশে পথ লয়...!পাৰিমনে পুনৰ মা-পাপাৰ সন্মুখত তেওঁলোকৰ নয়নৰ মণি আজিৰ শিখাজনি হৈ থিয় দিব? নাই নাই, এনে ভুল মই কেতিয়াও নকৰো। আৱেগক প্ৰশ্বয় দি মোৰ ভৱিষ্যত মই ধ্বংস কৰিব নোৱাৰো। মাক-দেউতাকেটো নিজৰ সন্তানৰ অহিত চিন্তা নকৰে তাতে আকৌ তাই ঘৰখনৰ ভিতৰতে আলাসৰ লাড়ু!! কথাবোৰ ভাৱি ভাৱিয়েই টোপনি লালকাল হৈ পৰিল শিখা। সপ্তাহযোৰা ভাগৰে আহি হেঁচি ধৰিলেহি তাইক। যেন বাট চাইহে আছিল এই বন্ধ দিনটোলৈ । ...
--সমাপ্ত--

No comments:

Post a Comment