ধীমান বৰ্মনৰ "ফৰকাল কথকুৰ গল্প" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

ধীমান বৰ্মনৰ "ফৰকাল কথকুৰ গল্প"

ভিৰৰ মাজত এজন পগলা হেৰাল
বাট বিচাৰি নাপাই সি এজনক কলে --
" আপুনি অসহিষ্ণু
মই ৰদঘাই মানুহ ;ফৰকাল কথা"
নীৰৱে হাঁহিথকা জন কবি আছিল
সেই একেই কথা কোৱাত
গৰজি উঠাজন যোদ্ধা আছিল
পগলাৰ ভাগ্য ভাল বাবেহে
" ভিৰ" গৰজি উঠা নাই
বুৰঞ্জী জনাই জানে
ভিৰে গৰজা মানেই কালে গৰজা
কালৰ হাঁতোৰাই বত্ৰিছটা দাত সৰুৱাৰ আগতেই
ফৰকাল কথাৰ কথকুৱে
প্ৰলাপ সামৰা ভাল

No comments:

Post a Comment