মায়ামণি দেবীৰ কবিতা: দংশন - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

মায়ামণি দেবীৰ কবিতা: দংশন

   
   মই যদি হলোহেতেন সৌভাগ্যশালী বৰগছ এজোপা, তক্ষকৰ দংশনত   ভষ্ম হৈও তপস্বী ব্ৰাহ্মণৰ মন্ত্ৰত
আকৌ ঠন ধৰি লহপহকৈ
সেউজীয়া সিঁচিবলৈ !!!
উৎকট গৰমত সেউজীয়া গছজোপাৰ তলতেই জিৰাই ,
ওপৰৰ পৰা সৰি পৰা
পকা আপেলটোত একামোৰ দিলো ,
এটা জীয়া পোকে কিলবিলাই উঠিছে
আই অ  তক্ষকেই আহিল নেকি   ছদ্মবেশত, মোক দংশন কৰিবলৈ
ৰক্ষা কৰিবলৈ দেখোন  তপস্বী কাশ্যপ নাই?
সাধাৰণ মানৱী  হৈ অলীক কল্পনা  মোৰ
শমীকৰ ডিঙিত মইটো আৰি  দিয়া নাছিলো জংঘলৰ মৰাসাপ ,
শিঙ্গী মুনিৰ অভিশপ্তা হবলৈ ।
মোৰ আঁশে পাশে ঘুৰি আছে বহুত তক্ষক আৰু নাগ- নাগিন ,সিহঁতৰ দংশনত ভষ্মিভুত হৈ ,
আত্মবিশ্বাস আৰু সাহসৰ মূলমন্ত্ৰত
পুনৰ সেউজীয়া হঁও ।

No comments:

Post a Comment