সত্যবাদী বিজুৰ "একচেটিয়া প্ৰেম ভাৱনা" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সত্যবাদী বিজুৰ "একচেটিয়া প্ৰেম ভাৱনা"

 
তুমি অবিহনে তোমাক অনুভৱ কৰোঁ
নিৰ্বিঘ্নে প্ৰেমিক লালসাত,
য'ত অধিকাৰ কেৱল মাত্ৰ মোৰ
তোমাৰো নাই |
বাস্তৱত বাধা দিয়াৰ দৰে ক্ষমতা
মোৰ ভাৱনাত তোমাৰ নাই,
মই যি বিচাৰো তাকেই কৰোঁ
তোমাৰ ভাৱনাৰ সৈতে |
তোমাৰ ভাৱনাৰ সৈতে মাজে মাজে
মই পাৰ্কত যাঁও,
মাজে মাজে আকৌ তোমাক
বাইকৰ পিছত লৈ ঘুৰি ফুৰো |
যেন তুমি একোৱে নোকোৱা
মইও একো নকওঁ,
মাথোঁ ইজনে সিজনক চাই থাকে
জীৱনৰ অন্তিম সময়লৈ |
এতিয়া ইচ্ছা কৰাচোন তোমাৰ ভাৱনা
মোৰ মনলৈ অহাত বাধা দিবলৈ,
মোৰ অস্তিত্বই নহয় জানো তোমাৰ অস্তিত্ব
মোৰ মৃত্যুই তোমাৰ ভাৱনাৰ মৃত্যু |

No comments:

Post a Comment