সত্যজিত কাকতিৰ গল্প " অশৰীৰ সহাৰি" - জোনাক

HEADLINES

জোনাক

DIGITAL INDIA DIGITAL THINKING

Post Top Ad

সত্যজিত কাকতিৰ গল্প " অশৰীৰ সহাৰি"

       পাঁচ বাজি দহ মিনিট গৈছে।মোবাইলৰ বুটাম এটাত আঙুলিৰে লাহেকৈ হেঁচুকি মনালিছাই সময়টো চালে।বাছখনৰ লেহেমীয়া গতিত তাইৰ মনটো অতিষ্ঠ হৈ পৰিছে।
“অলপ সোনকালে ঘৰ পোৱাগৈ হ’লে ভাল আছিল নহ’লে মাৰ গালিসোপাই যে মূৰটো গৰম কৰি পেলাব।” বাছখনৰ হেন্দোলিত জোকাৰণিৰ মাজতে মনালিছাই কথাবোৰ ভাৱে।
ইউনিভাৰচিটিৰ হোষ্টেলৰ পৰা মনালিছাহঁতৰ গাঁওখনলৈ এদিনৰ বাট বুলিব লাগিব।সদ্যহতে কথাষাৰ সচাঁ নহয় যদিও গাঁওখনলৈ সোমোৱা ৰাস্তা পদূলিবোৰ অতি শোচনীয় আৰু দুর্গম।যাতায়ত ব্যৱস্থাৰ নামত দুই এখন অট আৰু তাৰ মাজতে দিনটোত মাত্ৰ এবাৰ অহা-যোৱা কৰা সেই তাহানিৰে বাছ এখন।পুৱা সাত বজাতে বাছখন চহৰলৈ আহি আবেলি দুইমান বজাত গাঁওলৈ উভটে।বচ্ সিমানেই।অৱশ্যে ইলেকচনৰ সময়ত গাঁৱলৈ কিছুমান গাড়ী মটৰৰ আহ-যাহ বাঢ়ি যায়।মন্ত্ৰী, এম এল এৰ গাড়ী।
এই বিশাল বনলেণ্ড চাহ বাগিছাখন অতিক্ৰম কৰিলেই মনালিছাহঁতৰ সেউজপুৰ গাঁওখন।
ডুব যাব খোজা বেলিটিৰ সতে বাছখনো লেহেমীয়া গতিৰে আগবাঢ়িছে।আকাশৰ কোনোবা এটা দিশে কেইজাকমান অচিনাকী চৰাই হুৰহুৰাই পাৰ হৈ গ’ল।খলা-বমা ৰাস্তাটোৰ হেন্দোলনিত মনালিছাৰ গাটো ক্ৰমশঃ ক্লান্ত হৈ পৰিছে।কিছু উৎসুকতা আৰু কিছু হেঁপাহে তাইৰ মনটো অনবৰতে জীপাল কৰি ৰাখিছে যদিও কিবা এটা কথাই বাৰে বাৰে তাইৰ মানসপটত আহি আমনি কৰিছেহি।
আচম্বিতে আমনি কৰা এটা স্মৃতি।কোনোমতেই সক্রিয় হ’বলৈ সুযোগ নাইদিয়া তাই।
খিৰিকীৰ কাষতে বহি তাই আদিগন্তলৈ চাই পঠালে।ফাগুনৰ উত্তৰ নীলা ধূলিয়ৰী আকাশখন ক্রমশঃ হেঙুলীয়া হৈ আহিছে।পলাশ-মদাৰ-শিমলুৰে ৰঙা হৈ অহা পৰিবেশটো আৰু সৰাপাতৰ বুকুত বসন্তৰ ব’হাগী বতৰা লৈ বৈ যোৱা পচোৱা এজাকৰ ছবি এখথ তাইৰ দুচকুত স্পষ্টকৈ ভাহি আহিল।পথাৰত যেন জাক জাক সৰু ল’ৰাই এতিয়াও চিলা উৰুৱাই আছে।সৌৱা মাকহঁতে চিঞৰি চিঞৰি মাতিছে।

তিনিবছৰেই হ’ল গাঁৱৰ পৰা পঢ়িবলৈ যোৱা।সময়ক পাহৰিবলৈ সময়ৰ সতে যাত্ৰা আৰম্ভ কৰিছিল।কিছু সফলো হৈছিল তাই।ইচ্ছা কৰিয়েই সকলোৰে পৰা আঁতৰি কলেজীয়া জীৱনৰ সতে তাই সাঙোৰ খাই পৰিছিল।ব্যস্ততাই সকলোৰ পৰা আঁতৰাই আনিলেও এটা কথা তাই সদায় স্বীকাৰ কৰিব যে সেই সময়,সেই জীৱন,সেই অতীত,সেই প্ৰেম,সেই বিচ্ছেদ তাই কোনোদিনাই পাহৰিব পৰা নাই।নিবিচাৰেও।
সুঁৱৰিবলৈ ভাল পায়।সেই স্মৃতিৰ নামত অৱধাৰিত এটোপাল চকুলোক ব’বলৈ দিয়াতো যেন তাইৰ নিত্যকর্ম।
বাছখন এটা সময়ত ৰৈ গ’ল।নির্দিষ্ট ভাড়া আদায় কৰি তাই সুদীর্ঘ তিনিবছৰৰ পাছত নিজৰ গাঁওখনত ভৰি পেলাইছে। সন্ধ্যা নামি আহিছে।তিনিআলিটোৰ পৰা অলপ গৈয়ে মনালিছাহঁতৰ ঘৰখন।
আন্ধাৰ যদিও তাই ঠাইডোখৰ ঠিকেই ধৰিব পাৰিছে।বকুলজোপা কিছু শকত হৈছে।কিছু ওখও হৈছে।কেইটিমান চৰাই উৰি গ’ল।হয়তো বাদুলি।তাইৰ সমগ্ৰ শৰীৰটোৰ মাজেৰে বৈদ্যুতিক গতিৰে শিহৰণ এটি পাৰ হৈ গৈছে।
এইখিনি ঠাইতে আজিৰ পৰা তিনিবছৰ আগতে অবিনাশৰ সৱদেহক কবৰ দিয়া হৈছিল।মৰিশালীটোৰ ওপৰত ৰুই দিয়া কলপুলিটোৱে নিজকে প্ৰসাৰী এতিয়া নিজৰ লগতে দুই এটা পুলিও সাঙুৰি লৈছে।
এখোজ দুখোজকৈ লাহেকৈ তাই আগবাঢ়িছে।গহীন ঠাইডোখৰ পৰা টু শব্দ এটাও বাহিৰ হোৱা নাই।সচৰাচৰ গাঁৱৰ মানুহবোৰ এইফালে অহা-যোৱা নকৰেই।উৰি ফুৰা এটি জোনাকী পৰুৱাৰ শিথিল স্পর্শতো তাই জিকাৰ খাই উঠিছে।
“মুন…” হঠাতে ভাহি মাতষাৰ কোনফালৰ পৰা আহিছে তাই এবাৰ নিৰীক্ষণ কৰিলে।
“মুন এইফালে আহা।মই আছোঁ ইয়াত।” আকৌ ভাহি আহিল।মনালিছাৰ সর্বশৰীৰ শিয়ৰি উঠিল।তাই সতর্ক হৈ আগবাঢ়িল।ঘিটমিট আন্ধাৰখিনিৰ মাজতে ঠিক অবিনাশৰ মৰিশালীটোৰ সমীপৰ বকুলজোপাৰ তলত বগা চার্ট পৰিহিত ল’ৰা এজনক দেখি মনালিছাৰ দুচকু স্থিৰ ৰৈ ৰ’ল।
আগন্তুক তেতিয়াও তাতে ৰৈ আছে।মনালিছাই সাহসেৰে মাত লগালে।
“কোন হয়?”
একো মাত নমতা দেখি তাই আকৌ এবাৰ ক’লে।
“কোন হয় কোৱা! নহ’লে মই চিঞৰি দিম এতিয়া।”
“হ’ব তুমি চিঞৰা।মই যাওঁ।তিনিবছৰতে মোক পাহৰি গ’লা।মই অবি হয়।মনত নাই আজিৰ পৰা তিনিবছৰ আগতে আজিৰ দিনটোতে মোক ইয়াত তোমালোকে থৈ গৈছিলা!” দাঁত কচিহে যেন ক্ষোভত কথাখিনি কৈছে মনালিছাৰ তেনেকুৱা লাগিল।
“অবি? অবিনাশ?” মনালিছাই নিজৰ স্বাভাৱিক নিয়ন্ত্ৰণ হেৰুৱাই আগবাঢ়িল।

ওঁঠদুটিৰ তলত পাতলকৈ গোফ অলপ ওলাইছে।গাল দুখল জোনটোৰ দৰে জিলিকি আছে।বগা চার্টটোৰ সৈতে অবিনাশক কোনোবা দেৱপুৰুষৰ দৰে লাগিছে।ওঁঠত হাঁহি এটি বিৰিঙাই অবিনাশে তাইলৈকে চাই আছিল।
কিছুসময় অপলক নেত্ৰেৰে চায় ৰ’ল মনালিছাই।জোৰকৈ অবিনাশক সাবটি মনালিছাই তাৰ বুকুৰ মাজতে উচুপি উঠিল।
-ক’ত আছিলা ইমান দিনে?
-মইতো সদায় ইয়াতে আছোঁ।তুমিহে আঁতৰি গৈছিলা।
-মোৰ হৃদয় আৰু আত্মা সদায় ইয়াতে আছে।মানুহজনীহে গৈছিলোঁ মাথোঁ।
-পৰীক্ষা কেনেকুৱা হৈছে?
-ভাল হৈছে।তুমি কেনেকৈ জানিলা?
-মই সকলো জানো।
-কেনেকৈ?
-জানো আৰু।ব’লা তোমাক ঘৰলৈ যাওঁ।
মনালিছাৰ কপালত অবিনাশে আলফুলে চুমা এটি আঁকি দিলে।মনালিছা উচুপি উঠিল।
অবিনাশৰ বুকুৰ মাজত সোমায়েই সিহঁত আগবাঢ়িল।

“ইমান ফোন কৰিছোঁ ৰিচিভ কৰা নাই কিয়?মায়ে চিন্তা কৰি কৰি মৰিব এতিয়া।অলপ খৰকৈ আহ।” মনালিছাৰ দেউতাকৰ মাতষাৰত তাই মোবাইলটোলৈ চালে।পাঁচটা মিচকল।ক’তা মোবাইলটো চাইলেণ্ট নাছিল।

“দেউতা অবি…” ৰৈ গ’ল তাই।ক’লেও বা বাপেকহঁতে বিশ্বাস কৰিব জানো! তাইৰ কাষত থকা অবিনাশ ক’ত গ’ল?ইফাল সিফাল কৰি চালে তাই।পাছফালে অবিনাশে তাইৰ ফালে চায় এবাৰ হাঁহিলে আৰু আন্ধাৰখিনিৰ মাজতে লাহে লাহে হেৰাই গ’ল।দুহাতেৰে চকুপানীখিনি মোহাৰি তাইয়ো এবাৰ হাঁহি দিলে।অলপ সময়ৰ আগতে অবিনাশে চুমা খোৱা কপালখন এতিয়াও সজীৱ হৈ আছে।বুকুখনো!

পাছদিনা ৰিজাল্ট দিলে।অবিনাশে কোৱাৰ দৰেই ফার্ষ্ট ক্লাছত পাছ হ’ল।সন্ধিয়া তাই অবিনাশৰ মৰিশালীটোৰ ফালে এপাক মাৰিছিল।বহুসময় ৰ’ল অবিনাশ নাহিল।

No comments:

Post a Comment